জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে পিভিটিজি সংখ্যাগৰিষ্ঠ জনজাতীয় বসতিত সজাগতা বৃদ্ধি আৰু চৰকাৰী আঁচনিৰ ১০০% সংপৃক্ততা নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (পিএম-জনমন)ৰ ওপৰত আইইচি অভিযান আৰম্ভ কৰিছে

‘জনজাতীয় লোকসকলৰ সৱলীকৰণ, ভাৰতৰ ৰূপান্তৰ’: আইইচি পদক্ষেপে দূৰত্ব, পথ আৰু ডিজিটেল সংযোগৰ অভাৱৰ বাবে অগম্য হৈ থকা প্ৰতিটো পিভিটিজি পৰিয়ালক সামৰি লোৱাটো নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ দুৱাৰমুখত সুবিধা প্ৰদান কৰিব

Posted On: 25 DEC 2023 4:10PM by PIB Guwahati

সমগ্ৰ দেশৰ ২০০ খন জিলাৰ ২২০০০ বিশেষ অসুৰক্ষিত জনজাতীয় গোট (পিভিটিজি) সংখ্যাগৰিষ্ঠ জনজাতীয় বসতি আৰু পিভিটিজি পৰিয়াললৈ গৈ পোৱাৰ লক্ষ্যৰে, কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে আজিৰ পৰা প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযানৰ (পিএম-জনমন) বাবে এক তথ্য, শিক্ষা আৰু যোগাযোগ (আইইচি) অভিযান আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ঝাৰখণ্ডৰ খুণ্টি জিলাৰ পৰা জনজাতীয় গৌৰৱ দিৱসত (১৫ নৱেম্বৰ, ২০২৩) প্ৰধানমন্ত্ৰী-জনমনৰ শুভাৰম্ভ কৰিছিল।

প্ৰচাৰে সামৰি লব:

আৰম্ভণিতে ১৮ খন ৰাজ্য আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৫০০ টা খণ্ড আৰু ১৫,০০০ পিভিটিজি বসতিস্থল সামৰি ১০০ খন জিলাত ব্যাপক আইইচি অভিযান আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ত, ই বাকী থকা জিলাসমূহক সামৰি ল'ব।

এই অভিযানটো হৈছে পিভিটিজি পৰিয়ালবোৰক ব্যক্তিগত অধিকাৰ আৰু প্ৰাথমিক সুবিধা থকা বাসস্থানৰ সৈতে সংপৃক্ত কৰাৰ লক্ষ্যৰে, এই জনজাতীয় সম্প্ৰদায়বোৰক তেওঁলোকৰ অধিকাৰৰ বিষয়ে সজাগ কৰিৰব বাবে কৰা এক প্ৰচেষ্টা।  প্ৰচাৰৰ সময়ছোৱাত, আধাৰ কাৰ্ড, সামূহিক প্ৰমাণপত্ৰ আৰু জন ধন একাউণ্ট প্ৰদান কৰা হ'ব কিয়নো এইবোৰ হৈছে অন্যান্য আঁচনি যেনে আয়ুষ্মান কাৰ্ড জাৰী কৰা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, কিষাণ ক্ৰেডিট কাৰ্ড আদিৰ বাবে মৌলিক প্ৰয়োজনীয়তা।

এই পদক্ষেপে দূৰত্ব, পথ আৰু ডিজিটেল সংযোগৰ অভাৱৰ বাবে অগম্য হৈ থকা প্ৰতিটো পিভিটিজি পৰিয়ালক সামৰি লোৱাটো নিশ্চিত কৰিব আৰু তেওঁলোকৰ দুৱাৰমুখত সুবিধা প্ৰদান কৰিব। এই অনুষ্ঠানবোৰ আয়োজন কৰিবলৈ হাট বজাৰ, চিএছচি, গ্ৰাম পঞ্চায়ত, অংগনৱাড়ী, বহুমুখী কেন্দ্ৰ, বন্ধন বিকাশ কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰৰ দৰে স্থান ব্যৱহাৰ কৰা হ'ব।

মিছনৰ উদ্দেশ্য:

৯ টা মুখ্য সংৰেখিত মন্ত্ৰালয়/বিভাগৰ সৈতে সম্পৰ্কিত ১১ টা গুৰুত্বপূৰ্ণ হস্তক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই অভিযানত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে, যাৰ বাজেট ব্যয় হৈছে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ অনুসূচীত জনজাতিৰ বাবে উন্নয়ন কাৰ্য পৰিকল্পনাৰ (ডিএপিএছটি) অধীনত ২৪,১০৪ কোটি টকা (কেন্দ্ৰীয় অংশ: ১৫,৩৩৬ কোটি টকা আৰু ৰাজ্যিক অংশ: ৮,৭৬৮ কোটি টকা)।

 টা মন্ত্ৰালয়ৰ ১১ টা হস্তক্ষেপৰ তালিকা

 

 

ক্ৰ. নং

 

হস্তক্ষেপ

 

মন্ত্ৰালয়

হিতাধিকাৰীৰ লক্ষ্যৰ সংখ্যা

ব্যক্তিগত আধাৰিত হস্তক্ষেপ

হিতাধিকাৰীসকলৰ বাবে পকী ঘৰৰ ব্যৱস্থা

গ্ৰামোন্নয়ন মন্ত্ৰালয় (এমঅ'আৰডি)

৪.৯০ লাখ ঘৰ

 আৰু 

ঘৰৰ বাবে শক্তি

শক্তি মন্ত্ৰালয় (এমঅ'পি) আৰু নতুন আৰু পুনঃনৱীকৰণযোগ্য শক্তি মন্ত্ৰালয় (এমঅ'এনএণ্ডআৰই)

১৫০০ বসতিত ১০০০০০ ঘৰ

 

পাইপযুক্ত পানী যোগান/সামূহিক পানী যোগান

জল শক্তি মন্ত্ৰালয় (এমঅ'জেএছ)

সকলো পিভিটিজি ঘৰ

সম্প্ৰদায় আধাৰিত হস্তক্ষেপ

পথ সংযোগ

গ্ৰামোন্নয়ন মন্ত্ৰালয় (এমঅ'আৰডি)

৮০০০ কিমি

ঔষধৰ ব্যয়ৰ সৈতে ভ্ৰাম্যমাণ চিকিৎসা গোট

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (এমঅ'এইচএণ্ডএফডব্লিউ)

১০০০ (১০/জিলা)

হোষ্টেল নিৰ্মাণ

বিদ্যালয় শিক্ষা বিভাগ (ডিঅ'এছইএণ্ডএল)

৫০০

অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ (এডব্লিউচি)

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় (এমঅ'ডব্লিউএণ্ডচিডি)

২৫০০

বহুমুখী কেন্দ্ৰ নিৰ্মাণ (এমপিচি)

জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয় (এমঅ'টিএ)

১০০০

১০

ভিডিভিকে স্থাপন কৰা হৈছে

জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয় (এমঅ'টিএ)

৫০০

১১

ম'বাইল টাৱাৰ স্থাপন

দূৰসংযোগ বিভাগ (ডিঅ'টি)

সামৰি নোলোৱা সকলো জিলা

 

 

আঁচনিৰ নাম/হস্তক্ষেপ

মন্ত্ৰালয়/বিভাগ/সংস্থা

আধাৰ কাৰ্ড

ইউআইডিএআই

প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা

খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

আয়ুষ্মান ভাৰত কাৰ্ড

ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা

কৃষি আৰু কৃষক কল্যাণ বিভাগ

কিষাণ ক্ৰেডিট কাৰ্ড (কেচিচি)

পশুপালন আৰু দুগ্ধ জাত ৰ বিভাগ

  1. প্ৰধানমন্ত্ৰী জন ধন যোজনা,
  2. প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা,
  3. প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা,
  4. অটল পেঞ্চন যোজনা

বিত্তীয় সেৱা বিভাগ

প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা

ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ

সুকন্যা স্মৰিধি যোজনা

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা

প্ৰধানমন্ত্ৰী সুৰক্ষিত মাত্ৰিয়া অভিযান

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ কাৰ্যসূচী

চিকল চেল এনিমিয়া এলিমিনেচন মিছন

ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী

 

অন্যান্য আঁচনি আৰু মন্ত্ৰালয়/বিভাগৰ সৈতে জড়িত অন্যান্য ১০ টা হস্তক্ষেপো চিনাক্ত কৰা হৈছে যিবোৰ পিভিটিজিৰ সামগ্ৰিক উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ- যেনে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনা, আয়ুষ্মান কাৰ্ড, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, কিষাণ ক্ৰেডিট কাৰ্ড, ব্যক্তিগত আৰু সামূহিক বন অধিকাৰৰ অমীমাংসিত গোচৰ সমাধান আদি।

বিতং কাৰ্য পৰিকল্পনা:

১৫ ডিচেম্বৰ, ২০২৩ তাৰিখে অনুষ্ঠিত ৰাষ্ট্ৰীয় মণ্ঠন শিবিৰৰ সময়ত, মিছনটোৰ এক ৰূপায়ণ ৰণনীতিৰ বিষয়ে আলোচনা কৰা হৈছিল, য'ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ৭০০ ৰো অধিক বিষয়াই যুটীয়াভাৱে চিন্তা-চৰ্চা কৰিছিল। খণ্ডগত কৰ্মশালাৰ আয়োজন কৰা হৈছিল য'ত ৯ টা মন্ত্ৰালয়/বিভাগে এক বিতং কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিছিল। ৰাজ্যসমূহৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰি এই পৰিকল্পনাটো মিছনৰ অধীনত উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ ওচৰত উপস্থাপন কৰা হৈছে, য'ত সংশ্লিষ্ট মন্ত্ৰালয়ৰ কেবিনেট মন্ত্ৰীসকল অন্তৰ্ভুক্ত আছে। এই পৰিকল্পনাত এইটো উল্লেখ কৰা হৈছিল যে এই সম্প্ৰদায়সমূহৰ বহুতো পৰিয়ালৰ আধাৰ, জাতিৰ প্ৰমাণপত্ৰ আৰু জন ধন একাউণ্ট নাই, যাৰ বাবে তেওঁলোকৰ বাবে বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা কঠিন হ'ব পাৰে। ইউআইডিএআই, চিএছচি, কৃষি মন্ত্ৰালয় আৰু পিএমজেএৱাই, অন্যান্য বিভাগ তথা এই ১০০ খন জিলাৰ ডিএমৰ সৈতে এক সপ্তাহৰ ভিতৰত এই মৌলিক প্ৰয়োজনীয়তাবোৰ প্ৰচাৰ মোডত সংপৃক্ত কৰাৰ বাবে বিতং আলোচনা কৰা হৈছিল।

প্ৰচাৰ কাৰ্যকলাপ:

এই প্ৰয়োজনীয়তা মূল্যায়নৰ ওপৰত ভিত্তি কৰি, ২৫ ডিচেম্বৰ, ২০২৩-ৰ পৰা দেশজুৰি আইইচি অভিযান কাৰ্যকৰী হ'ব।  অভিযানৰ এটা অংশত হিতাধিকাৰী সংপৃক্ততা শিবিৰ আৰু স্বাস্থ্য শিবিৰো অন্তৰ্ভুক্ত থাকিব। এই শিবিৰবোৰে পিভিটিজি বাসতি এলেকাত ব্যক্তিগত/ঘৰুৱা লাভালাভ আৰু স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে আঁচনিৰ অধীনত তাৎক্ষণিক লাভালাভ প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিব। স্থানীয় আৰু জনজাতীয় ভাষাত পত্ৰিকা, ভিডিঅ', দেৱাল অংকন, জিংগল, বিষয়-ভিত্তিক দেৱাল অংকন, সাংস্কৃতিক কাৰ্যসূচীৰ দৰে সজাগতা সঁজুলি ব্যৱহাৰ কৰা হ'ব বুলি আশা কৰা হৈছে। জিলা পৰ্যায়ৰ বিষয়াসকলক প্ৰতিখন জিলাৰ বাবে অভিযানৰ তত্বাৱধানৰ বাবে নিয়োগ কৰা হৈছে, আনহাতে ৰাজ্যিক পৰ্যায়ৰ বিষয়াসকলে অভিযান আৰু মিছনৰ সফলতা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰৰ বিভিন্ন লাইন বিভাগৰ সৈতে সমন্বয় স্থাপন কৰিব। লগতে, বিভিন্ন ৰাজ্যৰ জনজাতীয় গৱেষণা প্ৰতিষ্ঠানসমূহে জিলা, খণ্ড আৰু জনজাতীয় বসতি স্তৰত এই কাৰ্যকলাপবোৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰাত সহায় কৰিব।

সামাজিক মাধ্যমৰ মকৰল:

প্ৰচাৰৰ প্ৰভাৱ বৃদ্ধি কৰাৰ বাবে আৰু এক বহল অনলাইন সংলাপ বৃদ্ধি কৰাৰ বাবে #EmpoweringTribalsTransformingIndia আৰু #PMJANMAN হেচটেগবোৰ কৌশলগতভাৱে সকলো সামাজিক মাধ্যমৰ হেণ্ডেল/পোষ্টত ব্যৱহাৰ কৰা হ'ব।

 

*****

NB/VM/AA



(Release ID: 1990306) Visitor Counter : 71