গৃহ মন্ত্ৰালয়
ভাৰত কে বীৰ আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী
Posted On:
20 DEC 2023 5:33PM by PIB Guwahati
‘ভাৰত কে বীৰ’ শীৰ্ষক পৰ্টেলটো ২০১৭ চনৰ ৯ এপ্ৰিল তাৰিখে মুকলি কৰা হৈছিল, আৰু ‘ভাৰত কে বীৰ ন্যাস’ স্থাপন কৰা হৈছিল ২০১৮ চনৰ ২৩ জুলাই তাৰিখে।
‘ভাৰত কে বীৰ পৰ্টেল’ৰ জৰিয়তে ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৯ অক্টোবৰ পৰ্যন্ত শ্বহীদসকলৰ নিকট আত্মীয় (এনঅ'কে)ক অন্যান্য বিত্তীয় অধিকাৰৰ উপৰিও ১৫ লাখকৈ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে। ২০২৩ চনৰ ১০ অক্টোবৰৰ পৰা শ্বহীদসকলৰ নিকট আত্মীয়ৰ বাবে বিত্তীয় সাহায্যৰ পৰিমাণ ২৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। ‘ভাৰত কে বীৰ ন্যাস’-য়ে নিশ্চিত কৰে যে শ্বহীদসকলৰ আত্মীয়সকলে সকলো অধিকাৰৰ পৰা ন্যূনতম 0১ কোটি টকা লাভ কৰে।
বিবাহিত শ্বহীদসকলৰ পিতৃ-মাতৃয়ে ২০২০ চনৰ ১ মে'ৰ পৰা ‘ভাৰত কে বীৰ পৰ্টেল’ৰ জৰিয়তে ১০ লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰি আহিছে।
শ্বহীদৰ ৩৮৬ গৰাকী নিৰ্ভৰশীলক এতিয়া পৰ্যন্ত ‘ভাৰত কে বীৰ’-ৰ জৰিয়তে লাভজনক সহায় আগবঢ়োৱা হৈছে।
ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ ৰাজ্যমন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে এই কথা জানিবলৈ দিয়ে।
*****
RK/ASH/AKS/RR//PR/AK/1976/KB
(Release ID: 1989537)