গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

অৰুণাচল প্ৰদেশত ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম (ভিভিপি)

प्रविष्टि तिथि: 20 DEC 2023 5:31PM by PIB Guwahati

 চৰকাৰে ২০২৩ চনৰ ১৫ ফেব্ৰুৱাৰী  তাৰিখে অৰুণাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৯ খন জিলাত উত্তৰ সীমান্তৰ ৪৬টা খণ্ডৰ গাঁওসমূহৰ ব্যাপক উন্নয়নৰ বাবে ‘উজ্জীৱিত গাঁও কাৰ্যসূচী’- ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ (ভিভিপি)লৈ অনুমোদন জনাইছিল। এই কাৰ্যসূচীৰ বাবে অৰুণাচল প্ৰদেশৰ ৪৫৫ খন গাঁও বাছনি কৰা হৈছে।

     গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি, অৰুণাচল প্ৰদেশৰ ৪৫৫ খন গাঁৱৰ ভিতৰত ১৩৫ খন গাঁও সংযোগহীন। ইয়াৰে ১২৫খন গাঁৱক সংযোগ কৰিবলৈ ১০৫টা পথ নিৰ্মাণ প্ৰকল্পৰ বাবে ‘বিতং প্ৰকল্প প্ৰতিবেদন’ প্ৰস্তুত কৰা হৈছে। অৱশ্যে, বাকী ১০ খন গাঁও ভূমি সম্পৰ্কীয় সমস্যাৰ বাবে সদ্যহতে বিবেচনা কৰা হোৱা নাই।

ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত গৃহ ৰাজ্যমন্ত্ৰী শ্ৰী নিশিথ প্ৰমাণিকে এই তথ্য সদৰী কৰে।

*****

RK/ASH/AKS/RR//PR/AK/1967/KB


(रिलीज़ आईडी: 1989097) आगंतुक पटल : 96
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी