আয়ুষ

এআইআইএ গোৱাৰ প্ৰথম প্ৰতিষ্ঠা দিৱসত স্মাৰক ডাক টিকট মুকলি কৰিলে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে

Posted On: 20 DEC 2023 5:59PM by PIB Guwahati

কেন্দ্ৰীয় আয়ুষ আৰু বন্দৰ, জাহাজ তথা  জলপথ দপ্তৰৰ  মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীৰ পৰিবহন ভৱনত  অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদ কেন্দ্ৰ,  গোৱাৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ দিনা  ইণ্ডিয়া পোষ্ট বিভাগৰ এটা স্মাৰক ডাক টিকট মুকলি কৰে । এই  অনুষ্ঠানত উপস্থিত  থাকে কেন্দ্ৰীয় মন্ত্ৰী মঞ্জাপাৰা মহেন্দ্ৰভাই৷  অনুষ্ঠানত উপস্থিত থকা   বিশিষ্ট অতিথিসকলৰ ভিতৰত আছিল এআইআইএৰ সঞ্চালক অধ্যাপক তনুজা মনোজ নেছাৰী, এআইআইএ গোৱাৰ ডিন অধ্যাপক সুজাতা কদম, স্মিতা কুমাৰ ,শ্ৰী আৰ এছ মানকু, চিএমডি, এণ্ড্ৰিউ য়ুলে আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল৷

নিজৰ বক্তব্যত  শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, "অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদৰ গোৱাৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজিৰ এই শুভ দিনটোত মই অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদৰ সকলো কৰ্মীক অভিনন্দন জনাইছো, আজি আমি এখন স্মাৰক ডাক টিকট মুকলি কৰিছো। এআইআইএ গোৱাৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত। এনে পদক্ষেপে আয়ুৰ্বেদক বিশ্বব্যাপী স্বীকৃতি প্ৰদান কৰিব।"

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে উন্নত সামগ্ৰিক স্বাস্থ্য সেৱা প্ৰণালীৰ  মান নিৰ্ধাৰণ কৰাৰ বাবে  এআইআইএয়েও ভাল কাম কৰি আছে।

                                                                         

সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মুঞ্জাপাৰা মহেন্দ্ৰভাইয়ে কয়, "এই সংস্থাই শেহতীয়াকৈ এবছৰ সম্পূৰ্ণ কৰিছে আৰু বিশ্বব্যাপী আয়ুৰ্বেদৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিছে। মই  আনন্দিত যে অল ইণ্ডিয়া ইনষ্টিটিউট অফ আয়ুৰ্বেদে এণ্ড্ৰিউ য়ুল এণ্ড কোম্পানী লিমিটেডৰ (এৱাইচিএল) সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ ফলত সংস্থাটোৱে  সামগ্ৰিক ভাবে সকলোকে লাভাৱান্বিত কৰিব৷   সহযোগিতামূলক প্ৰচেষ্টাৰ  এয়া এক সুন্দৰ আৰম্ভণি"৷

৫০ একৰৰ এক বিশাল চৌহদত বিস্তৃত এআইআইএ গোৱাই বিভিন্ন দিশত সেৱা আগবঢ়াই আহিছে৷ ইয়াৰ লক্ষ্য হৈছে উন্নত প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ , ৰোগ নিৰ্ণয়  তথা সকলো শ্ৰেণীৰ লোকক  স্বাস্থ্যসেৱা সুবিধা প্ৰদান কৰা।

অঞ্চলটোত থলুৱা ঔষধি উদ্ভিদৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য আৰু প্ৰাচুৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি গোৱাৰ এআইআইএ  কেন্দ্ৰই আয়ুৰ্বেদৰ অনুশীলনত যথেষ্ট অৱদান আগবঢ়াই আহিছে৷ গোৱাৰ দৰে  আন্তৰ্জাতিক পৰ্যটন স্থলীত অৱস্থিত কেন্দ্ৰটোৱে দেশত চিকিৎসা পৰ্যটনৰ ক্ষেত্ৰখন  সাৰসাৰিত কৰাত  এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷

অঞ্চলটোত থলুৱা ঔষধি উদ্ভিদৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য তথা  প্ৰাচুৰ্যৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি গোৱাৰ এআইআইএ  কেন্দ্ৰই আয়ুৰ্বেদৰ পৰিশীলনত  যথেষ্ট অৱদান আগবঢ়াই আহিছে৷ এই সংস্থা এতিয়া এক আন্তৰ্জাতিক কেন্দ্ৰত পৰিগণিত হৈছে৷ এই  কেন্দ্ৰটোৱে দেশত চিকিৎসা পৰ্যটনৰ ক্ষেত্ৰৰ প্ৰসাৰত   এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

অল ইণ্ডিয়া ইনষ্টিটিউট অফ আয়ুৰ্বেদ হৈছে আয়ুৰ্বেদৰ ক্ষেত্ৰত এক মুখ্য প্ৰতিষ্ঠান, যি উচ্চ মানৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে সমৰ্পিত হৈ আহিছে৷ 

ভাৰত চৰকাৰৰ ডাক বিভাগ ইণ্ডিয়া পোষ্টে দেশৰ যোগাযোগ তথা ডাক সেৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।



(Release ID: 1989077) Visitor Counter : 51