উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এনইএছআইডিএছ আৰু এনএলচিপিআৰ-ৰ অধীনৰ প্ৰকল্পসমূহ

प्रविष्टि तिथि: 14 DEC 2023 4:09PM by PIB Guwahati

২০২০-২১ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষলৈ এই তিনি বছৰত উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ (এনইএছআইডিএছ) অধীনত অসমৰ বাবে মুঠ ৮৩৯.৫৯ কোটি টকাৰ মুঠ ৩২ টা প্ৰকল্পৰ অনুমোদন কৰা হৈছে।

এনএলচিপিআৰ আঁচনিৰ অধীনত, ১৬২৩৩.৭৮ কোটি টকাৰ মুঠ ১৬৩৫ টা প্ৰকল্প মঞ্জুৰ কৰা হৈছে আৰু ১১১২৪.৩২ কোটি টকাৰ মুঠ ১৩০৭ টা প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে আৰু ৫০০৫.৫৫ কোটি টকাৰ ৩২৭ টা প্ৰকল্প ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে।

আঁচনিৰ আৰম্ভণিৰ পৰা এনইএছআইডি আঁচনিৰ অধীনত, সকলো উত্তৰ-পূব ৰাজ্যৰ বাবে মুঠ ৬১৮০.২৩ কোটি টকাৰ ১৮১ টা প্ৰকল্প মঞ্জুৰ কৰা হৈছে, যাৰ ভিতৰত ৯৫৬.৭৭ কোটি টকাৰ ২৫ টা প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু বাকী প্ৰকল্পবোৰ ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে।

আৰম্ভণিৰ পৰা, এনইএছআইডিএছ-ৰ অধীনত মুঠ ৪১৩৪.০৭ কোটি টকা ৰখা হৈছে যাৰ ভিতৰত ১৫৬৪.৩৬ কোটি টকা ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে।

আজি ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বি এল বাৰ্মাই এই তথ্য প্ৰদান কৰে।

*****

MG/MS/VL


(रिलीज़ आईडी: 1986601) आगंतुक पटल : 61
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali-TR , Telugu