তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
শৈশৱ আৰু ইয়াৰ আৰ্থ-সামাজিক প্ৰেক্ষাপট গঢ় দিয়া: ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইউনিচেফৰ সৈতে অংশীদাৰিত্বৰে বিশেষভাৱে কিউৰেটড শিতানত পাঁচখন ছবি প্ৰদৰ্শন কৰা হৈছে
৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পাঁচখন উল্লেখযোগ্য ছবিৰ সংকলন ইউনিচেফৰ সহযোগত – ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)ৰ অংশীদাৰৰ সহযোগত প্ৰদৰ্শিত হৈছে। এই ছবিসমূহে শৈশৱক গঢ় দিয়া গতিশীল শক্তিসমূহ প্ৰতিফলিত কৰাৰ লগতে ইয়াৰ আৰ্থ-সামাজিক প্ৰসংগসমূহৰ ওপৰতো দৃষ্টি নিক্ষেপ কৰে।
ইউনিচেফ আৰু নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যন (এন এফ ডি চি)-এ এইবাৰ অংশীদাৰিত্বৰে চলচ্চিত্ৰ উদ্যোগ আৰু দৰ্শকৰ মনোযোগ শিশুৰ অধিকাৰৰ ওপৰত কেন্দ্ৰীভূত কৰিছে। এই অংশীদাৰিত্বই ছবিত শিশু, কিশোৰ-কিশোৰী আৰু মহিলাৰ ওপৰত চলা হিংসাৰ চিত্ৰণৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই অংশীদাৰিত্ব নাগৰিক সমাজক প্ৰভাৱিত কৰা প্ৰাসংগিক বিষয়সমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰা প্ৰচেষ্টাৰ এক অংশ।
“ইউনিচেফে একেৰাহে দ্বিতীয় বছৰৰ বাবে আই এফ এফ আইৰ এন এফ ডি চি-ৰ অংশীদাৰ হৈ আনন্দিত অনুভৱ কৰিছে। এই কিউৰেট কৰা ছবিৰ পেকেজৰ জৰিয়তে আমি জনপ্ৰিয় ছবিত শিশুৰ অধিকাৰৰ স্বীকৃতিক কেন্দ্ৰ কৰি ইতিবাচক আলোচনাৰ সূচনা কৰিব বুলি আশা কৰিছো।''- ইউনিচেফ ইণ্ডিয়াৰ যোগাযোগ, ওকালতি আৰু অংশীদাৰিত্বৰ মুৰব্বী জাফ্ৰিন চৌধাৰীয়ে কয়। শিশুক কেন্দ্ৰ কৰি আৰু শিশুক লৈ আদৰ্শ ছবিৰ প্ৰচাৰৰ ক্ষেত্ৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নেতৃত্বৰ তেওঁ শলাগ লয়। শিশু আৰু যুৱক-যুৱতীৰ ওপৰত হিংসাৰ গুৰুতৰ প্ৰভাৱ প্ৰতিৰোধকে ধৰি শিশুৰ অধিকাৰৰ বাবে চলচ্চিত্ৰ নিৰ্মাতা, কলা আৰু সংস্কৃতিৰ অনুশীলনকাৰী, সমালোচক আৰু দৰ্শকক সম্ভৱপৰ প্ৰসাৰ প্ৰদানৰ বাবে এই মহোৎসৱক সক্ষমতা প্ৰদানকাৰী মঞ্চ বুলিও তেওঁ কয়।
বিশেষভাৱে কিউৰেটড শিতানত তলত উল্লেখ কৰা ছবিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে:-

ডামু : ৰাজা সেনৰ পৰিচালনাত ৰাষ্ট্ৰীয় বঁটা বিজয়ী এই বাংলা ছবিখন হৈছে এজন দয়ালু ব্যক্তিয়ে এজন অনাথ ল’ৰাক আশ্ৰয় দিয়াৰ ডাঙৰ-দীঘল কৰা কাহিনী। সেই ব্যক্তিজনৰে নাতিনী ৰংকুৰ লগত ল’ৰা বন্ধুত্ব হয় আৰু ৰংকুক গাঁৱত হাতীত ফুৰোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু সেই আশা পূৰ নোহোৱাত ৰংকু হতাশ হৈ পৰে। প্ৰতিশ্ৰুতি পূৰণ নোহোৱাত ডামুৱে লাজ পাই হাতী বিচাৰি যায়। অৱশেষত তেওঁ এখন চাৰ্কাছ দেখা পাই যদিও চাৰ্কাছৰ মেনেজাৰে তেওঁক লগ কৰিবলৈ অস্বীকাৰ কৰে। ডামুৰ হতাশা উদ্বিগ্নতালৈ পৰিণত হয় যেতিয়া তেওঁ চাৰ্কাছখন লুটাৰ পৰিকল্পনাৰ কথা গম পায়। পিছে দামুৱে চাৰ্কাছখন লুটাৰ পৰা ৰক্ষা কৰি ৰংকুক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হ'লনে? এই কথা জানিবলৈ আপুনি ছবিখন চাব লাগিব।

ফৰ দা চেক অব আভা: ইৰাণী চলচ্চিত্ৰ নিৰ্মাতা মহচেন চেৰাজীৰ এই ছবিখনেই হৈছে তেওঁৰ প্ৰথম ফিচাৰ ছবি। এটা থিয়েটাৰ দলৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন। ছবিখনত দলটোৰ মুখ্য অভিনেত্ৰী আভাৰ উপযুক্ত নথি পত্ৰৰ অভাৱৰ বাবে পাছপৰ্টৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় দলটো। আভাক সহায় কৰিবলৈ সংকল্পবদ্ধ হৈ গোটটোৱে উৎকোচৰ পৰা আৰম্ভ কৰি মানৱ সৰবৰাহৰ ধাৰাবাহিকভাৱে অগতানুগতিক আৰু বিপদজনক কাৰ্যও কৰিবলৈ বাধ্য হৈ পৰে।

গান্ধী এণ্ড কোম্পানী: গল্ডেন ল'টাছ বঁটাপ্ৰাপ্ত ছবি
এই শ্ৰেষ্ঠ শিশু ছবিখনক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০২৩ৰে সন্মানিত কৰা হৈছে। মনীষ ছাইনীৰ পৰিচালনাত নিৰ্মিত এই গুজৰাটী ছবিখন দুজন দুষ্ট ল'ৰাৰ বিষয়ে।ছবিখনত ল'ৰা দুজনে গান্ধীজীৰ শিক্ষাক মূৰ্ত কৰি তোলা এজন বুঢ়া মানুহ বিচাৰে। তাৰে এজনে গান্ধীক অনুকৰণ কৰাৰ সিদ্ধান্ত লয় যদিও তেওঁলোকৰ দুষ্টামি অটুট থাকে।

পিকক লেমেণ্ট: টকিঅ' আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২২ত শ্ৰেষ্ঠ কলাত্মক অৱদানৰ বঁটা লাভ কৰা এই ছবিখনৰ পৰিচালনা সঞ্জীৱ পুষ্পাকুমাৰাৰ। ছবিখনৰ কাহিনী শ্ৰীলংকাৰ যুৱক আমিলাক লৈ নিৰ্মিত। ভগ্নী ইনোকাৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ বাবে ১৫ হাজাৰ ডলাৰ সংগ্ৰহৰ বাবে তেওঁ বহু কষ্টকৰ কাম কৰিবলগীয়া হয়। হতাশগ্ৰস্ত হৈ তেওঁ শিশু সৰবৰাহৰ দৰে অভিযানত লিপ্ত হয়। উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে আমিলাই ভনীয়েকৰ ভৱিষ্যত সুৰক্ষিত কৰি অপৰাধী জগতৰ পৰা আঁতৰি আহিবলৈ বাছনি কৰিবলগীয়া হয় বহু কঠিন বিকল্প।

চিংগো: আলিৰেজা মহম্মদী ৰৌজবাহানীৰ পৰিচালনাত নিৰ্মিত এই পাৰ্চী ছবিখন শ্বাফা নামৰ এগৰাকী কণমানি ছোৱালীক লৈ নিৰ্মাণ কৰা হৈছে। এই ছবিখনত দেখুওৱা হৈছে যে দ্বীপটোৰ লোকসকলে মাছমৰীয়াই ধৰা চাৰিটা কেঁকোৰা বিক্ৰী কৰিবলৈ ওলাইছে। এই কেঁকোৰাবোৰ অতি মূল্যৱান। সৰু ছোৱালীজনীয়ে সেই কেঁকোৰাবোৰ বিক্ৰী হোৱাৰ পৰা বচাবলৈ সিদ্ধান্ত লয়। ইয়াৰ ফলত তেওঁৰ পৰিয়ালটোৱে দ্বীপটোৰ লোকসকলৰ হিংসাৰ সন্মুখীন হয় আৰু পৰিয়ালটোক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়। এতিয়া শ্বাফাই নিজৰ পৰিয়ালৰ মংগল আৰু কেঁকোৰাৰ জীৱনৰ মাজৰ পৰা এটা বাছি ল’ব লাগিব।
১৯৮৯ চনত বিশ্বৰ নেতাসকলে শিশু অধিকাৰ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ চুক্তি –গ্ৰহণ কৰি বিশ্বৰ শিশুসকলৰ প্ৰতি এক ঐতিহাসিক প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছিল। এই চুক্তিখন আটাইতকৈ বেছি অনুমোদিত মানৱ অধিকাৰ চুক্তি হিচাপে পৰিগণিত হৈছে আৰু ই সমগ্ৰ বিশ্বৰ শিশুসকলৰ জীৱন ৰূপান্তৰিত কৰাত সহায় কৰিছে।
ইউনিচেফে বিশ্বাস কৰে যে প্ৰতিশ্ৰুতিবোৰ পূৰণ আৰু শিশু অধিকাৰৰ বাবে পদক্ষেপ গ্ৰহণৰ বাবে সকলো অংশীদাৰক একত্ৰিত ভাৱে কাম কৰাৰ দাবী কৰাটো আমাৰ প্ৰজন্মৰ ওপৰত নিৰ্ভৰ কৰে। ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইউনিচেফৰ সৈতে এনএফডিচিৰ অংশীদাৰীত্বে বিষয়বোৰৰ ওপৰত অধিক সজাগতা সৃষ্টি কৰা আৰু বিষয়টোৰ ওপৰত ব্যাপক আলোচনা সৃষ্টি কৰাৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
(Release ID: 1985465)