উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূব অঞ্চলত পথ সংযোগ
Posted On:
07 DEC 2023 5:02PM by PIB Guwahati
উত্তৰ-পূব অঞ্চলত ৪১,৪৫৯ কোটি টকা ব্যয়েৰে যোৱা ন বছৰত (অৰ্থাৎ ২০১৪- ২০২৩) পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে মুঠ ৪৯৫০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক বিকশিত কৰিছে।
তদুপৰি, উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি (এনইএছআইডিএছ) আৰু উত্তৰ-পূব পথ খণ্ড উন্নয়ন আঁচনিৰ (এনইআৰএছডিএছ) অধীনত উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে ৩৩৭২.৫৮ কোটি টকাৰ ৭৭ টা পথ প্ৰকল্পৰ অনুমোদন জনাইছে।
উত্তৰ-পূব অঞ্চলত পথ আন্তঃগাঁথনি প্ৰকল্পৰ লাভালাভৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক দেশৰ মূল সুঁতিৰ সৈতে একত্ৰিত কৰা, অত্যাৱশ্যকীয় সামগ্ৰী আৰু কৃষিজাত সামগ্ৰীৰ দ্ৰুত চলাচল, এই অঞ্চলৰ লোকসকলৰ বাবে নিযুক্তিৰ সুযোগ বৃদ্ধি, অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশ, পৰ্যটন উদ্যোগৰ বিকাশ আৰু ইয়াৰ দ্বাৰা উত্তৰ-পূব ৰাজ্যসমূহৰ সামগ্ৰিক অৰ্থনীতি বৃদ্ধি।
আজি ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে এই তথ্য প্ৰদান কৰে।
*****
MG/MS/VL/DS
(Release ID: 1983901)
Visitor Counter : 102