গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

চাইবাৰ জালিয়াতিৰ হেল্পলাইন

Posted On: 05 DEC 2023 3:14PM by PIB Guwahati

‘আৰক্ষী’ আৰু ‘ৰাজহুৱা নিৰ্দেশ’ ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি ৰাজ্যিক বিষয়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে তেওঁলোকৰ আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ জৰিয়তে চাইবাৰ অপৰাধকে ধৰি অপৰাধসমূহ প্ৰতিৰোধ কৰা, ধৰা পেলোৱা, তদন্ত আৰু গোচৰ চলোৱাৰ বাবে মূলতঃ দায়বদ্ধ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে তেওঁলোকৰ এল ই এসমূহৰ সামৰ্থ্য বিকাশৰ বাবে বিভিন্ন আঁচনিৰ অধীনত পৰামৰ্শ আৰু আৰ্থিক সাহায্যৰ জৰিয়তে কৰা পদক্ষেপসমূহৰ পৰিপূৰক হিচাপে কাম কৰে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২০১৯ চনৰ ৩০আগষ্টত ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল কাৰ্যকৰী কৰি নাগৰিক আৰু শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি সকলো ধৰণৰ চাইবাৰ অপৰাধজনিত ঘটনাৰ অনলাইনযোগে অভিযোগ দাখিলৰ বাবে নাগৰিকসকলক এক কেন্দ্ৰীভূত ব্যৱস্থা প্ৰদান কৰিছে। এই পৰ্টেলত অভিযোগ কৰা ঘটনাসমূহ, ইয়াক এফআইআৰলৈ ৰূপান্তৰ কৰা আৰু ইয়াৰ ওপৰত পৰৱৰ্তী ব্যৱস্থাসমূহ আইনৰ বিধান অনুসৰি সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আইন প্ৰয়োগকাৰী সংস্থাই চম্ভালে।

নাগৰিক বিত্তীয় চাইবাৰ জালিয়াতিৰ প্ৰতিবেদন আৰু পৰিচালনা ব্যৱস্থা “ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল”ৰ অংশ হিচাপে গঢ়ি তোলা হৈছে। এই মডিউলে এটা সংহত মঞ্চ প্ৰদান কৰে, য'ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন প্ৰয়োগকাৰী সংস্থা, সকলো প্ৰধান বেংক আৰু বিত্তীয় মধ্যস্থতাকাৰী, পেমেণ্ট ৱালেট, ক্ৰিপ্টো এক্সচেঞ্জ আৰু ই-কমাৰ্চ কোম্পানীকে ধৰি সকলো অংশীদাৰে একেলগে কাম কৰে যাতে দ্ৰুত, নিৰ্ণায়ক আৰু ব্যৱস্থাভিত্তিক নিশ্চিত হয় ভুক্তভোগীৰ একাউণ্টৰ পৰা চাইবাৰ প্ৰৱঞ্চকৰ একাউণ্টলৈ ধনৰ প্ৰবাহ ৰোধ কৰিবলৈ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হয়। এইদৰে জব্দ কৰা ধনখিনি তাৰ পিছত যথাযথ আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি ভুক্তভোগীক ঘূৰাই দিয়া হয়। এই মঞ্চই জালিয়াতিৰে উপাৰ্জনৰ পথ নিৰ্ধাৰণৰ বাবে প্ৰৱঞ্চকসকলে অপব্যৱহাৰ কৰা বিভিন্ন বিত্তীয় চেনেল চিনাক্ত কৰিবলৈ সক্ষম কৰে। অনলাইন চাইবাৰ অভিযোগ দাখিল কৰাত সহায় লাভৰ বাবে এটা বিনামুলীয়া হেল্পলাইন নম্বৰ ‘১৯৩০’ কাৰ্যকৰী কৰা হৈছে। নাগৰিক বিত্তীয় চাইবাৰ জালিয়াতিৰ প্ৰতিবেদন আৰু পৰিচালনা ব্যৱস্থা আৰম্ভ হোৱাৰ পৰা ২০২৩ চনৰ ১৫ নৱেম্বৰলৈকে ১২.৭৭ লাখতকৈ অধিক অভিযোগ পঞ্জীয়ন কৰা হৈছে। ৩.৮০ লাখৰো অধিক অভিযোগত ৯৩০ কোটি টকা ৰাহি হৈছে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়াকৈ মত বিনিময় কৰে আৰু দাখিল কৰা চাইবাৰ অপৰাধৰ অভিযোগসমূহৰ নিষ্পত্তি ক্ষিপ্ৰতাৰে কৰিবলৈ পৰামৰ্শ দিয়ে।

লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰে গৃহ ৰাজ্য মন্ত্ৰী শ্ৰী অজয় কুমাৰ মিশ্ৰই৷

 

*****

AY/RR/ASH/322/DB


(Release ID: 1982993) Visitor Counter : 89
Read this release in: English , Urdu , Hindi , Marathi