তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
iffi banner

৫৪সংখ্যক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘ইন কনভাৰছেচন’ অধিৱেশনত ‘ভাৰতীয় চলচ্চিত্ৰত মহিলা শক্তি’ সম্পৰ্কে আলোচনা

চলচ্চিত্ৰ উদ্যোগত নিৰ্ণায়ক ভূমিকা লোৱা সংস্থাত অধিক মহিলাৰ প্ৰয়োজন আছে: চলচ্চিত্ৰ পৰিচালক অশ্বিনী আয়াৰ তিৱাৰী

মহিলাৰ চকুৱে স্ক্ৰিপ্টৰ পৰা পৰ্দালৈ হোৱা ৰূপান্তৰত হেৰাই যোৱা সূক্ষ্ম অংশসমূহক ধৰি ৰাখে: চলচ্চিত্ৰ সম্পাদক শ্বেতা ভেংকট মেথিউ

ভাৰতীয় চলচ্চিত্ৰত সময়ৰ লগে লগে মহিলাৰ ভূমিকা বহু সলনি হৈছে।  তেওঁলোক এতিয়া শিল্পীৰ পৰা পৰিচালক, প্ৰযোজক, সম্পাদক, চিত্ৰনাট্যকাৰ আৰু টেকনিচিয়ান পৰ্যন্ত কাম কৰিবলৈ আগবাঢ়ি আহিছে। কিন্তু এই একবিংশ শতিকাতো, আমাৰ দেশৰ চলচ্চিত্ৰ উদ্যোগে লিংগ সমতাৰ ক্ষেত্ৰত সমানে সুযোগ প্ৰদান কৰে নে?

আজি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আইএফএফআই) অনুষ্ঠিত 'ভাৰতীয় চলচ্চিত্ৰত মহিলা শক্তি' শীৰ্ষক 'ইন কভাৰছেচন' অধিৱেশনত এই প্ৰশ্নৰ উত্তৰ সন্ধানৰ বাবে প্ৰয়াস কৰা হয়। সাংবাদিক তথা এনডিটিভিৰ প্ৰাক্তন সম্পাদক পূজা তালৱাৰে আঁত ধৰা এই প্ৰেৰণাদায়ক কথোপকথনত শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু সাহিত্যিক অশ্বিনী আয়েৰ তিৱাৰী আৰু চলচ্চিত্ৰ সম্পাদক শ্বেতা ভেংকট মেথিউৱে যোগদান কৰে।

চলচ্চিত্ৰ উদ্যোগত মহিলাৰ পৰিৱৰ্তনশীল ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অশ্বিনী আয়াৰ তিৱাৰীয়ে কয়,  "প্ৰথম অৱস্থাত 'মহিলা চলচ্চিত্ৰ পৰিচালক' বা 'মহিলা চলচ্চিত্ৰ সম্পাদিকা'ৰ পদটোৰ গুণগান কৰাটো গুৰুত্বপূৰ্ণ আছিল কিন্তু এতিয়া মহিলাসকল আগবাঢ়ি অহাৰ লগে লগে এই স্তৰসমূহ আঁতৰোৱাৰ সময় আহি পৰিছে।"

                                                                   

চলচ্চিত্ৰ উদ্যোগৰ অগ্ৰগতিৰ বিষয়ে প্ৰতিফলিত কৰি যুৱ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে কয় যে অধিক শিক্ষণ অনুষ্ঠান মুকলিৰ লগে লগে চলচ্চিত্ৰ, সম্পাদনাত মহিলাৰ অংশগ্ৰহণ যথেষ্ট বৃদ্ধি পাইছে। "চলচ্চিত্ৰ উদ্যোগত নিৰ্ণায়ক ভূমিকা লোৱা সংস্থাত অধিক মহিলাৰ প্ৰয়োজন আছে। লগতে আমাক এনে পুৰুষৰ প্ৰয়োজন যিসকলে চলচ্চিত্ৰ বিষয়ত সিদ্ধান্ত লোৱা মঞ্চত মহিলাৰ অংশগ্ৰহণক উৎসাহিত কৰে। ''

অ'টিটি প্লেটফৰ্মে মহিলাসকলৰ সুযোগৰ পথ প্ৰশস্ত কৰাৰ বিষয়ে কোৱাৰ লগতে অশ্বিনীয়ে আশা ব্যক্ত কৰে যে থিয়েটাৰ আৰু অ'টিটি দুয়োটা প্লেটফৰ্মৰে অস্তিত্ব গুৰুত্বপূৰ্ণ। ইয়াৰোপৰি তেওঁ কয় যে 'টুৱেলভ ফেইল' চলচ্চিত্ৰখনৰ শেহতীয়া সফলতাই দেখুৱায় যে মঞ্চ যিয়েই নহওঁক, আকৰ্ষণীয় কাহিনীয়ে দৰ্শকক আকৰ্ষণ কৰিব পাৰে।

চলচ্চিত্ৰ উদ্যোগৰ উচ্চাকাংক্ষী মহিলাসকলক পৰামৰ্শ আগবঢ়াই পৰিচালকগৰাকীয়ে তেওঁলোকক নিজৰ ভূমিকাক লৈ অতিমাত্ৰা চিন্তিত নহ'বলৈ কোৱাৰ লগতে বৈচিত্ৰময় সামাজিক গাঁথনিৰ সৈতে জড়িত হৈ বাস্তৱ জীৱনৰ কাহিনী বুজি পোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

চলচ্চিত্ৰ সম্পাদক শ্বেতা ভেংকট মেথিউৱে  কাহিনী প্ৰকাশৰ ক্ষেত্ৰত মহিলাসকলে গ্ৰহণ কৰা অনন্য দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে। উদ্যোগটোত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ কয়, "মহিলাৰ দৃষ্টিয়ে স্ক্ৰিপ্টৰ পৰা পৰ্দালৈ হোৱা ৰূপান্তৰত হেৰুওৱা সূক্ষ্ম অংশসমূহ ধৰি ৰাখে। "

শ্বেতাই লগতে গুৰুত্ব আৰোপ কৰি কয় যে লিংগ-কেন্দ্ৰিক চিন্তাধাৰাৰ সলনি কামৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়া উচিত। অ'টিটি প্লেটফৰ্মৰ প্ৰভাৱ সন্দৰ্ভত তেওঁ আশা প্ৰকাশ কৰে যে অ'টিটি প্লেটফৰ্মে লিংগ আৰু বয়স নিৰ্বিশেষে টেকনিচিয়ানসকলক অধিক সুযোগ প্ৰদান কৰিব।

দৰমহাৰ বৈষম্যৰ বিষয়টোক সম্বোধন কৰি দুয়োগৰাকী মহিলা টেকনিচিয়ানে এক ভিন্ন দৃষ্টিভংগী প্ৰকাশ কৰে। য'ত, অশ্বিনীয়ে তেওঁৰ প্ৰযোজকসকলক ধন্যবাদ জনাই কয় যে তেওঁ নিজৰ পেছাদাৰী কেৰিয়াৰত অসমান দৰমহাৰ সমস্যাৰ সন্মুখীন হোৱা নাছিল। আনহাতে শ্বেতা ভেংকট মেথিউৱে কয় যে তেওঁ আৰু তেওঁৰ পুৰুষ সমকক্ষসকলক যিখিনি মাননি আগবঢ়োৱা হৈছিল তাৰ মাজত এক লক্ষণীয় পাৰ্থক্য অনুভৱ কৰিছিল। অশ্বিনীয়ে লগতে কয় যে মহিলা চলচ্চিত্ৰ পেছাদাৰীসকলে সাধাৰণতে নিজৰ প্ৰতিভাক স্বীকাৰ নকৰে;  তেওঁলোকৰ অৱদানৰ ভিত্তিত ন্যায্য মাননিৰ বাবে ভালদৰে আলোচনা কৰিব লাগে। এই অন্তৰ্দৃষ্টিসম্পন্ন কথোপকথনত ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত মহিলাসকলৰ অগ্ৰগতি আৰু প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে নিৰন্তৰ সহযোগিতা, প্ৰতিনিধিত্ব আৰু ন্যায্য স্বীকৃতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

* * *

PIB Team IFFI | AR

 

iffi reel

(Release ID: 1980658) Visitor Counter : 100