তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
iffi banner

৫৪ তম আইএফএফআইত ‘৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰো’ত ‘অড’য়ে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে

অংশগ্ৰহণকাৰীসকলে ৪৮ ঘণ্টাত ‘মিছন লাইফ’ বিষয়বস্তুৰ ওপৰত চুটি চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল

গোৱা, ২৪ নৱেম্বৰ ২০২৩

গোৱাৰ সংকুচিত সমুদ্ৰতীৰত নিৰ্মাণ কৰা শেহতীয়া আৰু চিন্তাপ্ৰৱণ চুটি ছবি ‘অড’য়ে আজি গোৱাত চলি থকা ভাৰতৰ ৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অনুষ্ঠিত ‘৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰো’ (চিএমঅ’টি)ত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে।

বিজয়ীসকলক অভিনন্দন জনাই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব (চলচ্চিত্ৰ) তথা এনএফডিচিৰ সঞ্চালক শ্ৰী প্ৰীথুল কুমাৰে চলচ্চিত্ৰ নিৰ্মাণৰ সময়ত ভাৰতক বিশ্বব্যাপী প্ৰতিষ্ঠা কৰিব পৰা সঠিক সমল চিনাক্ত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় “ভাল সমলৰ সৈতে চলচ্চিত্ৰ নিৰ্মাণৰ বাবে সমৰ্পিত সমগ্ৰ দেশৰ যুৱ সৃষ্টিশীল প্ৰতিভাৰ বাবে চিএমঅ'টি হৈছে সৰ্বশ্ৰেষ্ঠ মঞ্চ।“

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ৭৫ চিএমঅ'টিৰ অন্যতম জুৰী সদস্য পৰিচালক সুজিৎ চিৰকাৰে কয় যে আত্ম-নিৰীক্ষণ, আশা, প্ৰতিবাদ আদিৰ দৰে সকলো আৱেগ প্ৰদৰ্শন কৰি 'দ্য মিছন লাইফ' শীৰ্ষক বিষয়বস্তুৰ ওপৰত ৪৮ ঘণ্টাত এখন চুটি ছবি নিৰ্মাণ কৰাটো অবিশ্বাস্য।

এই প্ৰতিযোগিতাৰ সৈতে জড়িত সকলো চলচ্চিত্ৰৰ দলৰ সদস্যসকলক অভিনন্দন জনাই সুজিৎ চিৰকাৰে কয় যে সকলো চলচ্চিত্ৰই সঁচাকৈয়ে প্ৰাসংগিক আৰু চিন্তাপ্ৰৱণ আৰু পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ এক অতি গুৰুত্বপূৰ্ণ বিষয়ৰ সৈতে মোকাবিলা কৰিছে। তেওঁ কয়, "আপোনালোক সকলো আগৰে পৰাই বিজয়ী।"

শ্বৰ্টছ টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া কাৰ্টাৰ পিলচাৰে কয় যে যুৱ সৃষ্টিশীল প্ৰতিভাসকলক তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ চিএমঅ'টিৰ দৰে এখন মঞ্চ প্ৰদান কৰাৰ ধাৰণাটো আশ্চৰ্যজনক।

'ফিল্ম চেলেঞ্জ'ৰ অংশ হিচাপে, ৭৫ জন চিএমঅ'টি অংশগ্ৰহণকাৰীক পাঁচটা দলত বিভক্ত কৰা হৈছিল যি ৪৮ ঘণ্টাত 'মিছন লাইফ' শীৰ্ষক বিষয়বস্তুৰ ওপৰত চুটি ছবি নিৰ্মাণ কৰিছিল।

প্ৰতিযোগিতাখন এনএফডিচিৰ দ্বাৰা শ্বৰ্টছ ইণ্টাৰনেচনেলৰ অংশীদাৰীত্বত অনুষ্ঠিত কৰা হৈছে। চিএমঅ'টি অংশগ্ৰহণকাৰীসকলে বিশ্ব চলচ্চিত্ৰৰ প্ৰতিষ্ঠানসমূহৰ দ্বাৰা আয়োজিত কৰ্মশালা আৰু মাষ্টাৰক্লাছ অধিৱেশনতো অংশগ্ৰহণ কৰিছিল।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰৰ চিন্তাৰ ফচল, এই পদক্ষেপটোৰ উদ্দেশ্য হৈছে চলচ্চিত্ৰ নিৰ্মাণৰ বিভিন্ন ক্ষেত্ৰত যুৱ সৃষ্টিশীল প্ৰতিভাক উৎসাহিত আৰু প্ৰতিপালন কৰা। এই পদক্ষেপটো এতিয়া তৃতীয় বৰ্ষত ভৰি দিছে আৰু ২০২১ চনত ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষ উদযাপনৰ বাবে 'আজাদী কা অমৃত মহোৎসৱ' উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা হৈছিল।

অডৰ বিষয়ে: মাছমৰীয়া মাৰ্চেলিনে পাৰ্কিং স্থান বিচাৰিবলৈ চেষ্টা কৰোঁতে তেওঁৰ নাওখন চহৰৰ মাজভাগলৈ লৈ যায়। তেওঁ অভিযোগ কৰে যে সাগৰৰ পাৰটো চুৰি হৈছে আৰু তেওঁৰ নাওখন পাৰ্ক কৰিবলৈ কোনো ঠাই বাকী নাই। চলচ্চিত্ৰখনে সাগৰৰ স্তৰ বৃদ্ধি আৰু সমুদ্ৰ তীৰত বৃহৎ পৰিমাণৰ নিৰ্মাণৰ বাবে গোৱাৰ সংকুচিত সমুদ্ৰ তীৰৰ বিষয়টো আলোকপাত কৰে।

 

*****

PIB Team IFFI | Nadeem/Sushil/Panthoibi/Darshana | IFFI 54 - 049/AA

iffi reel

(Release ID: 1980267) Visitor Counter : 101