নৌ-পৰিবহন মন্ত্ৰালয়

‘প্ৰধানমন্ত্ৰী সামুদ্ৰিক অমৃতকাল দৃষ্টিভংগী’ৰ সফল্যৰে ভাৰতে গোলকীয় সামুদ্ৰিক খণ্ডক নেতৃত্ব দিয়াৰ লক্ষ্য গ্ৰহণ কৰিছে: শ্ৰী সৰ্বানন্দ সোণোৱাল

পৰিৱৰ্তনৰ দিশত কাম কৰি থকা ভাৰতৰ বন্দৰসমূহ বিশ্বৰ শীৰ্ষ ২৫টা বন্দৰৰ ভিতৰত থাকিব: শ্ৰী সোণোৱাল

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ মন্ত্ৰীয়ে ১ ট্ৰিলিয়ন টকাৰ বিনিয়োগসম্পন্ন ১৬২টা প্ৰকল্প মূল্যায়নৰ বাবে মধ্যকালীন পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে

পৰ্যালোচনা সভাত ‘দৃষ্টিভংগী’ৰ দ্ৰুত কাৰ্যকৰীকৰণৰ বাবে ব্যাপক তত্পৰতা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত সামুদ্ৰিক খণ্ডৰ গোলকীয় নেতা হ'বলৈ সাজু হৈছেঃ শ্ৰী সোণোৱাল

Posted On: 17 NOV 2023 6:26PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ আৰু আয়ুষ বিভাগৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি ইয়াত এক মধ্যকালীন পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। ২০৪৭ চনৰ ভিতৰত ভাৰতক সামুদ্ৰিক খণ্ডৰ গোলকীয়য় নেতা হিচাপে গঢ়ি তোলাৰ চূড়ান্ত লক্ষ্যৰে 'পিএম মেৰিটাইম অমৃতকাল ভিজন'ৰ দ্ৰুত আৰু মসৃণ ৰূপায়ণৰ দিশত এক ব্যাপক দৃষ্টিভংগী নিৰ্ধাৰণ কৰিবলৈ বৈঠকখন অনুষ্ঠিত হৈছিল।

                                                                      

 

মন্ত্ৰালয়ৰ মুখ্য কাৰ্যসূচীসমূহৰ ভিতৰত আছে ইয়াৰ ধ্বজাবাহী কাৰ্যসূচী ‘সাগৰমালা’ৰ লগতে অন্যান্য বিশিষ্ট কাৰ্যসূচীসমূহ পৰ্যালোচনা কৰা হৈছিল। বৈঠকত ১ ট্ৰিলিয়ন টকাৰ বিনিয়োগ ব্যয়ৰ সৈতে ১৬২টা প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়েও পৰ্যালোচনা কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰেও মুখ্য ভাৰতীয় বন্দৰ, বিভিন্ন ‘পিএছইউ’-ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে।

                                                                      

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী সোণোৱালে কয়, "সামুদ্ৰিক খণ্ডৰ গোলকীয় নেতা হোৱাৰ দিশত ভাৰত এক অতি গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছেহি। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীডাঙৰীয়াৰ গতিশীল নেতৃত্বত ঠিক এমাহ পূৰ্বে মুম্বাইত অনুষ্ঠিত ‘গ্লোবেল মেৰিটাইম ইণ্ডিয়া সন্মিলন’ত ‘সামুদ্ৰিক অমৃতকাল ভিজন, ২০৪৭’ৰ শুভাৰম্ভ কৰা হৈছিল। এই নথিখন হৈছে ভাৰতৰ বন্দৰসমূহক সক্ষম কৰি তোলা, জাহাজ পৰিবহণ খণ্ডক শক্তিসমৃদ্ধ কৰা আৰু সামুদ্ৰিক খণ্ডত ভাৰতক বিশ্বশক্তিলৈ ৰূপান্তৰিত কৰাৰ চূড়ান্ত লক্ষ্যৰে জলপথ পুনৰুজ্জীৱিত কৰাৰ দিশত মোডীডাঙৰীয়াৰ দৃষ্টিভংগীৰ এক প্ৰকাশ। আমি আমাৰ বন্দৰসমূহক বিশ্বৰ শীৰ্ষ ২৫টা বন্দৰত অন্তৰ্ভূক্ত কৰিবলৈ কাম কৰি আছো। ২০৪৭ চনৰ ভিতৰত সামুদ্ৰিক খণ্ডত ভাৰত বিশ্বনেতা হোৱাৰ লক্ষ্য বাস্তৱায়িত কৰাৰ দিশত ভিজন ডকুমেণ্ট অন্তঃকৰণেৰে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি 'পঞ্চ কৰ্ম সংকল্প'ত অটল থাকিব লাগিব।"

বৈঠকখনে ২০২৩ চনৰ মে মাহত 'চিন্তন শিবিৰ'ৰ সময়ত ঘোষণা কৰা 'পঞ্চ কৰ্ম সংকল্প'ৰ অধীনত হোৱা সামগ্ৰিক প্ৰগতিৰ পৰ্যালোচনা কৰাৰ সুযোগ মুকলি কৰে। মন কৰিবলগীয়া যে চিন্তন শিবিৰ ২০২৩ৰ সময়ত শ্ৰী সোণোৱালে বছৰৰ মধ্যকালীন লক্ষ্যসমূহৰ পুনৰীক্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু আজি তেওঁ সেই প্ৰতিশ্ৰুতি পালন কৰে।

চিন্তন শিবিৰৰ সময়ত ঘোষণা কৰা পঞ্চ কৰ্ম সংকল্পৰ অধীনত ‘জেএনপিএ’, ‘ভিঅ'চিপিএ’, ‘পিপিএ’ আৰু ‘ডিপিএ’-য়ে ‘গ্ৰীণ টাগ’ নিৰ্মাণৰ বাবে চুক্তি প্ৰদান কৰাৰ বাবে ‘কোচিন শ্বিপইয়াৰ্ড লিমিটেড’ (চিএছএল)ৰ সৈতে বাণিজ্যিক চৰ্তাৱলী আৰু কাৰিকৰী নিৰ্দিষ্টকৰণ চূড়ান্ত কৰাৰ প্ৰক্ৰিয়া অব্যহত আছে।

                                                                     

 

তেওঁ লগতে কয়, "জিএমআইএছ, ২০২৩’-ত এক প্ৰচণ্ড ফলাফলৰ পিছত, য'ত আমি ১০ ট্ৰিলিয়ন টকাৰ বিনিয়োগেৰে ৩৬০খন বুজাবুজি চুক্তি সফলতাৰে সম্পন্ন কৰিছো, এতিয়া সেইকেইখন চুক্তিৰ দ্ৰুত আৰু মসৃণ কাৰ্যকৰীকৰণৰ সময় সমাগত হৈছে। আমি এই সকলোবোৰ পদক্ষেপৰ অগ্ৰগতিত নজৰ ৰাখিবলৈ এক মাহিলী পৰ্যালোচনা প্ৰণালী গঢ়ি তোলাৰ লগতে ‘মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০’ আৰু ‘সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭’ৰ একে সময়তে পৰ্যালোচনা কৰিছো। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আমি ‘সাগৰমালা’ কাৰ্যসূচীত সাফল্যৰ পৰিমাণ আৰু গতিত গুৰুত্ব আৰোপ কৰিছো। 'পঞ্চ কৰ্ম সংকল্প'ৰ পিছত, আমি ‘কোচিন শ্বিপইয়ৰ্ড’ত 'মেড ইন ইণ্ডিয়া' ‘গ্ৰীণ টাগ’ নিৰ্মাণ, ৰপ্তানিৰ সুযোগৰ এক নতুন দিশ মুকলি কৰিবলৈ আগবাঢ়িছো। আমি ‘দীন দয়াল বন্দৰ আৰু ভি অ' চিদাম্বৰনাৰ বন্দৰ’ত সেউজীয়া ‘হাইড্ৰজেন হাব’ স্থাপনৰ বাবে উৎসাহজনক সঁহাৰি লাভ কৰিছো। একেদৰে, আমাৰ জলপথসমূহক শক্তিসমৃদ্ধ কৰাটো মন্ত্ৰালয়ৰ বাবে এক গুৰুত্বপূৰ্ণ লক্ষ্য হৈ আহিছে কিয়নো মোদীজীয়ে ‘আভ্যন্তৰীণ জলপথ প্ৰণালী’ক পুনৰুথ্থান আৰু পুনৰুজ্জীৱিত কৰাৰ নিৰ্দেশনা দিছে।”

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰে এই খণ্ডত চৰকাৰৰ প্ৰচেষ্টাৰ সন্দৰ্ভত আলোকপাত কৰি কয়, "ভাৰতৰ জাহাজ নিৰ্মাণ আৰু মেৰামতি খণ্ড স্মৰণীয় বিকাশৰ বাবে সাজু হৈ আছে। ২০৪৭ চনৰ ভিতৰত শীৰ্ষ পাঁচোটা গোলকীয় শক্তিৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাৰ লক্ষ্যৰে আমি এই উদ্যোগটোক উৎসাহিত কৰিবলৈ নীতিগত সমৰ্থন আৰু বিত্তীয় সহযোগিতা বৃদ্ধি কৰিম"।

‘দীনদয়াল বন্দৰ প্ৰাধিকৰণ’-য়ে ‘সেউজ হাইড্ৰজেন হাব’ স্থাপন কৰিছে য'ত ‘বন্দৰে গ্লোবেল ইঅ'আই’ৰ বিৰুদ্ধে ১৩গৰাকী সম্ভাৱ্য বিকাশকৰ পৰা বিশিষ্ট সঁহাৰি লাভ কৰিছে। সম্ভাৱ্য বিকাশকসকলে মুঠ ৭ ‘এমএমটিপিএ’ ক্ষমতাসম্পন্ন ‘সেউজ এমোনিয়া’ উৎপাদনৰ প্ৰস্তাৱ আগবঢ়াইছে। প্ৰস্তাৱিত উন্নয়নে ‘সেউজ হাইড্ৰজেন’ৰ ১.৪ ‘এমএমটিপিএ’ পৰিমাণৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় চাহিদা পূৰণ কৰিব।

‘ভি অ' চিদাম্বৰনাৰ বন্দৰ প্ৰাধিকৰণ’য়ে ‘সেউজীয়া হাইড্ৰজেন হাব’ৰ বাবে ৫০০ একৰ ভূমি নিৰ্দিষ্ট কৰিছে। ‘সেউজ হাইড্ৰজেন/ ডেৰিভেটিভ উৎপাদন’ সুবিধা স্থাপনৰ বাবে ‘ভিঅ'চিপিএ’ আৰু ‘এনজিইএল’ (এনটিপিচিৰ সহায়ক) মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। ‘সেউজ হাইড্ৰজেন প্ৰকল্প’ক সহযোগিতা আগবঢ়োৱাৰ বাবে উমৈহতীয়া আন্তঃগাঁথনি বিকাশৰ অনুদান প্ৰস্তাৱ ‘এমএনআৰই’-ৰ ওচৰত দাখিল কৰা হৈছে।

অক্টোবৰ মাহত মুম্বাইত অনুষ্ঠিত হোৱা ‘গ্লোবেল মেৰিটাইম ইণ্ডিয়া সন্মিলন, ২০২৩’ বিশ্বৰ অন্যতম বৃহৎ সামুদ্ৰিক সন্মিলন হিচাপে পৰিগণিত হয়, যাৰ ফলত ১০ লাখ কোটি টকাৰ বিনিয়োগ আকৰ্ষিত হয়। এই গুৰুত্বপূৰ্ণ সাফল্যই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানটোৰ সময়ত মুকলি কৰা এক ‘ভিজন ডকুমেণ্ট; 'অমৃত কাল ভিজন ২০৪৭'ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখে। ইয়াৰ পূৰ্বসূৰীসকলৰ উত্তৰাধিকাৰীৰ ওপৰত নিৰ্ভৰ কৰি, ‘জিএমআইএছ’ৰ তৃতীয় সংস্কৰণে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক অংশীদাৰসকলৰ বাবে বিস্তৃত সম্ভাৱনা উন্মোচন কৰে।

এই বিশাল টো মুঠ ৮.৩৫ লাখ কোটি টকা মূল্যৰ মুঠ ৩৬০ খন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় আৰু লগতে ১.৬৮ লাখ কোটি টকাৰ বিনিয়োগযোগ্য প্ৰকল্পৰ লগতে মুঠ আৰ্থিক মূল্য আছিল ১০ লাখ কোটি টকাতকৈয়ো অধিক। বিভিন্ন বুজাবুজি চুক্তিৰ বিষয়বস্তু হৈছে ৩.৮ লাখ কোটি টকাৰ সেউজ উদ্যোগ; ১.৫ লাখ কোটি টকাৰ বন্দৰ আধুনিকীকৰণ; ০.৭৫ লাখ কোটি টকাৰ বন্দৰ নেতৃত্বাধীন ঔদ্যোগিকৰণ; ০.৭০ লাখ কোটি টকাৰ বাণিজ্য আৰু ব্যৱসায়; জ্ঞান বিনিময় আৰু উদ্ভাৱন, ১.৬ লাখ কোটি টকা জাহাজকে ধৰি অন্যান্যৰ মেৰামতি ।

‘বধৱন বন্দৰ’, ‘টুনা টেক্ৰাত মাল্টি কাৰ্গো বাৰ্থ’, আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ‘ক্ৰুজ টাৰ্মিনেল’ আৰু ‘ভিঅ'চিপিএ’ত ‘আউটাৰ হাৰ্বাৰ’-ৰ উন্নয়নকে ধৰি মুখ্য বন্দৰ প্ৰকল্প সম্পৰ্কীয় আলোচনাৰে বৈঠকৰ আৰম্ভণি হয়। শ্ৰী সোণোৱালে বন্দৰসমূহক শীৰ্ষ ২৫টা বিশ্ব বন্দৰৰ তালিকাত স্থান সুৰক্ষিত কৰাৰ বাবে সৰ্বোত্তম প্ৰচেষ্টা চলাবলৈ আহ্বান জনায় আৰু প্ৰতিযোগিতামূলক হৈ থকাৰ বাবে বিশ্ব বেংকৰ দ্বাৰা প্ৰকাশিত বাৰ্ষিক "গোলকীয় ৰেংকিং"ত স্থান উন্নত কৰাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰালয়ৰ অধীনৰ সকলো বন্দৰ আৰু সংস্থাক আন্তৰ্জাতিক আৰু প্ৰাসংগিক মঞ্চত তেওঁলোকৰ "সেউজ উদ্যোগ" প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। ২০২২-২৩ বিত্তীয় বৰ্ষত মুখ্য বন্দৰসমূহত মুঠ ১৭৭টা প্ৰকল্প সম্পূৰ্ণ কৰা হৈছিল, আনহাতে বৰ্তমান ১৬২টা প্ৰকল্পৰ ৰূপায়ণ বিভিন্ন পৰ্যায়ত অব্যাহত আছে আৰু ১ লাখ কোটি টকাৰো অধিক বিনিয়োগ কৰা হৈছে।

 

বৰ্তমানে ২০৩৫ চনৰ ভিতৰত কাৰ্যকৰী কৰাৰ বাবে ‘সাগৰমালা’ কাৰ্যসূচীৰ অধীনত গ্ৰহণ কৰা ৮০০+ প্ৰকল্পৰ মূল্য ৫.৭৪+ লাখ কোটি টকাতকৈয়ো অধিক। ইয়াৰ ভিতৰত ১.২২ লাখ কোটি টকাৰ ২৩৭টা প্ৰকল্পই ইতিমধ্যে  সম্পূৰ্ণ কৰা হৈছে, ২.৪৪ লাখ কোটি টকাৰ ২৬২টা প্ৰকল্পৰ ৰূপায়ণ প্ৰক্ৰিয়া চলি আছে আৰু ২.০৮ লাখ কোটি টকাৰ ৩১০টা প্ৰকল্পৰ উন্নয় বিভিন্ন পৰ্যায়ত অব্যহত ৰখা হৈছে। তদুপৰি, উপকূলীয় জিলাসমূহৰ সামগ্ৰিক উন্নয়ন অভিযানৰ অধীনত প্ৰায় ৫৮,০০০ কোটি টকাৰ আনুমানিক ব্যয়ৰে মুঠ ৫৬৭টা প্ৰকল্প চিনাক্ত কৰা হৈছে। সাগৰমালা কাৰ্যসূচীৰ অধীনত, ৩১,৫৯৭ কোটি টকাৰ ৯৪টা প্ৰকল্প সম্পূৰ্ণ হৈছে যাৰ ফলত ২৩০ ‘এমটিপিএ’-তকৈ অধিক সামৰ্থ্য সংযোগ হৈছে।

 

যোৱা ৯টা বছৰত নাবিকৰ সংখ্যা ১৪০% বৃদ্ধি হৈছে। ২০১৪ চনত সক্ৰিয় ভাৰতীয় নাবিকসকলৰ মুঠ গণনা আছিল ১১৭,০৯০। ২০২৩ চনত এই সংখ্যা হয়হি ২৮০,০০০। জাহাজ পৰিবহন সঞ্চালকালয়ত ২০১৪ চনত প্ৰায় ১,৬৯৯ গৰাকী মহিলা নাবিকৰ পঞ্জীয়ন কৰা হৈছিল যি এতিয়া ২০২৩ চনত ১০,৪৪০ লৈ বৃদ্ধি হৈছে যি পঞ্জীভুক্ত মহিলা ভাৰতীয় নাবিকসকলৰ ক্ষেত্ৰত ৫১৪% ৰ বৃদ্ধি প্ৰতিফলিত কৰে।

 

মুঠ ১,৭৯৯ কোটি টকা ব্যয়ৰে ‘কোচিন শ্বিপইয়ৰ্ড লিমিটেড’-ৰ ‘তৃতীয় ড্ৰাই ডক প্ৰকল্প’ই জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতিৰ দ্বৈত উদ্দেশ্য পূৰণ কৰিব। সম্পূৰ্ণ হোৱাৰ পিছত এই ডকটোৱে ‘কেপচাইজ’ আৰু ‘ছুৱেজ মেক্স’ জাহজ, ‘১৭৪কে এলএনজিচি’, ‘অইল ৰিগছ’ আৰু ‘ছেমি ছাবছ’ আৰু ডাঙৰ বিমান বাহকৰ চোৱাচিতা কৰিবলৈ সক্ষম হৈ উঠিব। ৯৭০ কোটি টকাৰ এখন আন্তঃৰাষ্ট্ৰীয় জাহাজ মেৰামতি সুবিধাও নিৰ্মাণ কৰা হৈছে। ‘চিএছএল’-য়ে ঘৰুৱা প্ৰযুক্তিৰ সৈতে "জিৰো এমিছন, জিৰো নয়েজ ভেছেল" নিৰ্মাণ কৰি আছে।

 

ভাৰত আৰু শ্ৰীলংকাৰ মাজত সংযোগ স্থাপন কৰা লোকসকলৰ প্ৰতি জনসাধাৰণৰ দৃষ্টিভংগীৰে ভাৰতৰ নাগাপট্টিনমৰ পৰা শ্ৰীলংকাৰ কেনকেশন্থুৰাইলৈ এক ‘আন্তঃৰাষ্ট্ৰীয় ফেৰী সেৱা’ আৰম্ভ কৰা হয়। এই আন্তৰ্জাতিক ফেৰী সেৱাৰ বাবে ভাৰতীয় শ্বিপিং কৰ্পোৰেশ্যন-য়ে এখন ‘ফেয়াৰ ৱেডাৰ’ বতৰৰ জাহাজ নিয়োজিত কৰা হৈছিল। ‘এইচএছচি চেৰিয়াপানী’য়ে ১৪,১৬,১৮ আৰু ২০ অক্টোবৰ ২০২৩ তাৰিখে নাগাপট্টিনম আৰু কংকেশনথুৰাইৰ মাজত ৪ খেপ যাত্ৰা সুৰক্ষিত ভাৱে সম্পূৰ্ণ কৰিছে আৰু দুয়োখন দেশৰ যাত্ৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰিছে।

‘জল মাৰ্গ বিকাশ প্ৰকল্প’ (জেএমভিপি) বিশ্ব বেংকৰ কাৰিকৰী আৰু বিত্তীয় সাহায্যৰে ১৫০০-২০০০ টন জাহাজৰ চলাচল সক্ষম কৰাৰ বাবে ‘ৰাষ্ট্ৰীয় জলপথ-১’ (গংগা নদী)ৰ সামৰ্থ্য বৃদ্ধিৰ বাবে ৪,৬৩৩.৮১ কোটি টকাৰ সংশোধিত ব্যয়ৰে প্ৰকল্প ৰূপায়ণ কৰা হৈছে। উত্তৰ-পূবাঞ্চলত আইডব্লিউটি আন্তঃগাঁথনিৰ বিকাশৰ বাবে চৰকাৰে ‘এনডব্লিউ-২’ (ব্ৰহ্মপুত্ৰ)ৰ ব্যাপক উন্নয়নকে ধৰি মুঠ ১০১০ কোটি টকা ব্যয়েৰে প্ৰকল্প অনুমোদিত কৰিছে। পাণ্ডুৰ ‘মাল্টি-মডেল টাৰ্মিনেল’ সংযোগ বৃদ্ধি আৰু কেৱল আভ্যন্তৰীণ জাহাজ মেৰামতি সুবিধা নিৰ্মাণৰ বাবে উন্নত পথ নিৰ্মাণৰ প্ৰকল্পসমূহো অনুমোদিত আৰু কাৰ্যকৰী হৈ আছে। চৰকাৰে ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ ২৬৭ কোটি টকাৰ অধিক ‘এনডব্লিউ’ৰ উন্নয়নৰ অনুমোদন জনাইছে। সেউজ প্ৰযুক্তি বৃদ্ধি কৰিবলৈ, বৈদ্যুতিক চালিত প্ৰযুক্তিৰ জাহাজ আৰু হাইড্ৰজেন চালিত ‘কেটামাৰান পেক্স’ৰ বাবেও এটা প্ৰস্তাৱ দিয়া হৈছে।

 

‘লাইটহাউছ পৰ্যটন’ক উত্সাহিত কৰাৰ বাবে ‘ডিজিএলএল’ৰ বাবে ৭৫টা লাইটহাউছ নিৰ্ধাৰণ কৰা হৈছে, য’ত ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত পৰ্যটন সুবিধাসমূহ সম্পূৰ্ণ হোৱাৰ কথা আছে। এই ৭৫টা ‘লাইটহাউছ’ৰ ‘কফি টেবল বুক ২০২৪’ চনৰ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব।

 

বিগত বছৰসমূহত চৰকাৰ, উদ্যোগৰ অংশীদাৰসকলৰ শক্তিশালী প্ৰচেষ্টা আৰু আমাৰ সামুদ্ৰিক সম্প্ৰদায়ৰ অটল সমৰ্থনৰ বাবে ভাৰতীয় সামুদ্ৰিক খণ্ডত এক উল্লেখযোগ্য পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। ‘এমঅপিএছডব্লিউ’-য়ে প্ৰগতিৰ যাত্ৰা আৰম্ভ কৰিছে, প্ৰযুক্তিগত উন্নতি গ্ৰহণ কৰিছে, আন্তঃগাঁথনি উন্নত কৰিছে, দক্ষতা বৃদ্ধি কৰিছে, আৰু এক অনুকূল ব্যৱসায়িক পৰিৱেশ গঢ়ি তুলিছে। বন্দৰৰ ক্ষমতা বৃদ্ধি, বন্দৰ-চালিত ঔদ্যোগীকৰণৰ সুবিধা, উপকূলীয় জাহাজ চলাচল বৃদ্ধি, আভ্যন্তৰীণ জলপথ পুনৰুজ্জীৱিত কৰা আৰু জাহাজ নিৰ্মাণ, মেৰামতি আৰু পুনৰ্ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাত এই কাৰ্যসূচী আৰু সংস্কাৰৰ পদক্ষেপসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী সোণোৱালৰ নেতৃত্বত অনুষ্ঠিত আজিৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰালয় আৰু ইয়াৰ সহায়ক প্ৰতিষ্ঠানসমূহৰ উন্নত প্ৰদৰ্শনৰ বাবে পথ নিৰ্দেশনা প্ৰদান কৰা হৈছে।

 

*****

MJPS/NSK/KB



(Release ID: 1978104) Visitor Counter : 68