নৌ-পৰিবহন মন্ত্ৰালয়
শ্ৰী সৰ্বানন্দ সোণোৱালে ‘জনজাতীয় গৌৰৱ দিৱস’ উদযাপনত যোগদান কৰে; অসমৰ গুৱাহাটীৰ ৰাণীৰ ওচৰৰ বৰবাক্ৰা জনজাতীয় গাওঁ পৰিদৰ্শন কৰে
২০১৪ চনৰ পৰা মোদী চৰকাৰে আৰম্ভ কৰা একাধিক আঁচনিৰ দ্বাৰা ১২ কোটিতকৈও অধিক আদিবাসী ভাৰতীয় লাভান্বিত হৈছে: সৰ্বানন্দ সোণোৱাল
Posted On:
15 NOV 2023 6:39PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুস মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ গুৱাহাটীৰ ৰাণীৰ ওচৰৰ ওৰাং বস্তিৰ বৰবাক্ৰা নামৰ এখন জনজাতীয় গাঁও ভ্ৰমণ কৰে আৰু স্থানীয় ৰাইজৰ সৈতে 'জনজাতীয় গৌৰৱ দিৱস' উদযাপনত যোগদান কৰে। মন্ত্ৰীগৰাকীয়ে গাঁওখনত জনজাতীয় গৌৰৱ দিৱসৰ সৈতে সংগতি ৰাখি স্বাধীনতা সংগ্ৰামী, জনজাতীয় বীৰ নেতা বীৰচা মুণ্ডাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰে। সোণোৱালে অনুষ্ঠানটোত গাঁবাসীৰ সৈতে বাৰ্তালাপ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয়, "আজিৰ দিনটো সমগ্ৰ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ দিন যিহেতু আমি ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত জনজাতীয় জনসাধাৰণৰ সমৃদ্ধ ঐতিহ্য আৰু অপৰিসীম অৱদান উদযাপন কৰিছো। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ২০১৪ চনৰ পৰা ভাৰতৰ ১২ কোটিতকৈও অধিক জনজাতীয় লোক একাধিক চৰকাৰী কল্যাণমূলক আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন এক বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ কৰাৰ লগে লগে ই লোকসকলক তেওঁলোকৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষিত প্ৰয়োজনীয়তা আৰু দাবীপূৰণৰ বাবে প্ৰস্তুত কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগ কৰি তুলিব। ইয়াৰ জৰিয়তে লোকসকলক সজাগতা সৃষ্টি কৰা আৰু অনাময় সুবিধা, অত্যাৱশ্যকীয় বিত্তীয় সেৱা, বিদ্যুৎ সংযোগ, এলপিজি চিলিণ্ডাৰৰ প্ৰৱেশাধিকাৰ, দৰিদ্ৰ লোকসকলৰ বাবে বাসস্থান, খাদ্য সুৰক্ষা, সঠিক পুষ্টি, নিৰ্ভৰযোগ্য স্বাস্থ্যসেৱা, বিশুদ্ধ খোৱা পানী আদিৰ দৰে কল্যাণমূলক আঁচনিৰ লাভালাভ প্ৰদান কৰাৰ বিষয়ে অৱগত কৰা হ'ব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমি এখন নতুন ভাৰত গঢ়ি তুলিবলৈ সক্ষম হৈছো, য'ত সকলোৱে তেওঁলোকৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক বা অৰ্থনৈতিক পৃষ্ঠভূমি নিৰ্বিশেষে এই অমৃত কালৰ সময়ত তেওঁলোকৰ নিৰ্বাচিত ক্ষেত্ৰত সক্ৰিয় অৱদানৰ সৈতে ৰাষ্ট্ৰ নিৰ্মাতা হোৱাৰ সুযোগ লাভ কৰিছে। ইয়াৰ দ্বাৰা এনে এক পৰিস্থিতিতন্ত্ৰ সক্ষম হ'ব, যি স্ব-নিৰ্ভৰশীল আৰু ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ ভাৰত হোৱাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ আমাক প্ৰেৰিত কৰিব। মই এইটোও নিশ্চিত যে আমাৰ সমাজৰ এক শক্তিশালী চৰিত্ৰ, আমাৰ ৰাজনীতি, এখন ৰাষ্ট্ৰ হিচাপে আমাৰ পৰিচয়, গতিশীলতাৰ দ্বাৰা চিহ্নিত এক শক্তিশালী চৰিত্ৰ গঢ়ি তোলাৰ দিশত আদৱাসী সংস্কৃতিৰ সমৃদ্ধ ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি গাঁও ভ্ৰমণৰ সময়ত আদিবাসী ৰন্ধন প্ৰণালীৰ বহুতো ব্যঞ্জনৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।
***
MJPS/NSK/AR
(Release ID: 1977290)
Visitor Counter : 80