প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 15 NOV 2023 9:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাজ্যখনৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে।

শ্ৰী মোদীয়ে কয় যে ঝাৰখণ্ড ইয়াৰ খনিজ সম্পদৰ লগতে জনজাতীয় সমাজৰ সাহস, বিক্ৰম আৰু আত্মসন্মানৰ বাবে বিখ্যাত। ঝাৰখণ্ডৰ জনসাধাৰণে দেশৰ প্ৰগতিত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।

এক্স কৰা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"ঝাৰখণ্ড ইয়াৰ খনিজ সম্পদৰ লগতে জনজাতীয় সমাজৰ সাহস, বীৰত্ব আৰু আত্মসন্মানৰ বাবে সুপৰিচিত। এইখন ৰাজ্যৰ মোৰ পৰিয়ালৰ সদস্যসকলে দেশৰ প্ৰগতিত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত মই তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰাজ্যখনৰ এক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।"

*******

Dhiraj Singh/Siddhant Tiwari/KB



(Release ID: 1977029) Visitor Counter : 59