হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

অসমৰ অনন্য স্বচ্ছ দেৱালী উদযাপনে ‘আৱৰ্জনাৰপৰা খাদ্য’ৰ পথ প্ৰশস্ত কৰিছে

Posted On: 10 NOV 2023 1:21PM by PIB Guwahati

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ তত্বাৱধানত স্বচ্ছ ভাৰত অভিযান-নগৰীয়াই সমগ্ৰ দেশতে ‘স্বচ্ছ দেৱালী, শুভ দেৱালী’ অভিযান ৰূপায়ণ কৰিছে। এই অভিযানৰ অংশস্বৰূপে চহৰসমূহে স্বচ্ছ দেৱালী স্বাক্ষৰ অভিযানত স্বাক্ষৰ প্ৰদান আৰু স্থানীয়ভাৱে নিৰ্মিত সামগ্ৰী ব্যৱহাৰৰ সংকল্প, অব্যৱহৃত; পুৰণি সামগ্ৰী আৰআৰআৰ কেন্দ্ৰত দিয়া, এবাৰ ব্যৱহৃত প্লাষ্টিকৰ পৰিবেশ-অনুকূল বিকল্প ব্যৱহাৰেৰে পৰিবেশ-অনুকূল দেৱালী উদযাপনত মনোনিৱেশ কৰিছে। এই অভিযানৰ অধীনত দেৱালীৰ পিছত হোৱা আৱৰ্জনাসমূহৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত অসমে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। পৰম্পৰাগতভাৱে অসমৰ দেৱালীত জনসাধাৰণে আৱাসিক আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত কল গছ ৰোপণ কৰে আৰু মাটিৰ চাকি প্ৰজ্জ্বলন কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেৱালীৰ নিশা ব্যৱহৃত কল গছজোপাৰ পিছদিনালৈ প্ৰয়োজন নোহোৱা হৈ পৰে।

                                                                          

অসমৰ স্বচ্ছ ভাৰত অভিযান-নগৰীয়া কৰ্তৃপক্ষই দেৱালীৰ পিছত সৃষ্ট আৱৰ্জনা নিৰ্মূলৰ বাবে এক বিশেষ পৰিকল্পনা কৰিছে। ইয়াৰ বাবে নগৰীয়া স্থানীয় নিকায়ে এটি সহজ আৱৰ্জনা ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ অভিযোজনা কৰিছে। দেৱালীৰ পিছৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰিবলৈ অসমে ‘আৱৰ্জনাক খাদ্যলৈ’ (waste to food) ৰূপান্তৰিতকৰণৰ অৰ্থে ৩আৰ (3R) নীতি গ্ৰহণ কৰিছে। পৰম্পৰাগতভাৱে দেৱালী উদযাপনৰ পিছত, পিছদিনা প্ৰয়োজন নোহোৱা হৈ পৰা কল গছ, ইয়াৰ পাতসমূহ হাতীৰ খাদ্য হিচাপে ব্যৱহাৰৰ বাবে নগৰীয়া স্থানীয় নিকায়সমূহৰ আশে-পাশে থকা ৰাষ্ট্ৰীয় উদ্যানসমূহক গতাই দিয়া হ’ব।

                                                                      

সমীপত ৰাষ্ট্ৰীয় উদ্যান নাথাকিলে নাগৰিকে কলগছবোৰ টুকুৰা-টুকুৰকৈ কাটি নগৰীয়া স্থানীয় নিকায়সমূহক নিষ্পত্তিৰ বাবে গতাই দিব। তাৰ পিছত পৌৰসভাৰ কৰ্মচাৰীয়ে এইসমূহ গো-শালা বা ‘আৱৰ্জনাৰপৰা পচন সাৰ’ উৎপাদন কৰা প্ৰকল্পসমূহলৈ নিব। এনে আৱৰ্জনা দূৰ কৰিবলৈ ইতিমধ্যে ৰাজ্যৰ ভিন্ন স্থানত ১০৪টা কেন্দ্ৰীয় কমপ’ষ্ট পিট আৰু ৬০০০ ৰোধিক ঘৰুৱা কমপ’ষ্টিং পিট আছে।

*****

RKJ/M/SB



(Release ID: 1976119) Visitor Counter : 124


Read this release in: English , Urdu , Hindi , Tamil