ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

উদ্যোগীসকলৰ বাবে মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত ৰাষ্ট্ৰীয় অনুসূচীত জাতি-জনজাতি মেগা কনক্লেভ

মেঘালয়ৰ প্ৰায় ৬০০ গৰাকী অনুসূচীত জাতি-জনজাতিৰ উদ্যোগীৰ অংশগ্ৰহণ

Posted On: 09 NOV 2023 4:31PM by PIB Guwahati

ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে আজি মেঘালয়ৰ শ্বিলঙত উদ্যোগ সংস্কৃতিৰ প্ৰসাৰ তথা  ৰাষ্ট্ৰীয় অনুসূচীত জাতি-জনজাতি কেন্দ্ৰ আৰু মন্ত্ৰালয়ৰ অন্যান্য আঁচনিসমূহৰ বিষয়ে সজাগতাৰ  সৃষ্টি কৰিবলৈ এক মেগা কনক্লেভৰ আয়োজন কৰে।

                                                                     Image

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া  উদ্যোগ  মন্ত্ৰালয়ৰ সচিব শ্ৰী এছ চি এল দাস আৰু মেঘালয় ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ (এমআইডিচি) অধ্যক্ষ শ্ৰী জেমছ পি কে চাংমাৰ লগতে  অন্যান্য জ্যেষ্ঠ বিষয়াসকল উক্ত মেগা কনক্লেভত  উপস্থিত আছিল। অনুষ্ঠানটোত মেঘালয়ৰ প্ৰায় ৬০০ গৰাকী অনুসূচীত জাতি-জনজাতিৰ উদ্যোগীয়ে অংশগ্ৰহণ কৰে।

                                                                     

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী জেমছ পি কে চাংমাই কয় যে এই কনক্লেভে খনে ৰাজ্যখনৰ অনুসূচীত জাতি-জনজাতিৰ উদ্যোগীসকলক লাভাৱান্বিত কৰিব আৰু  তেওঁলোকৰ উদ্যোগসমূহ সম্প্ৰসাৰিত কৰি  ভাৰতক ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিলৈ  ৰূপান্তৰিত  কৰাত অৰিহণা যোগাব। তেওঁ এনে প্ৰচেষ্টাৰ জড়িয়তে মেঘালয় চৰকাৰে নিৰ্ধাৰণ কৰা  ৩০ বিলিয়ন মাৰ্কিন  ডলাৰৰ লক্ষ্য প্ৰাপ্তিৰ বিষয়েও উল্লেখ কৰে। তেওঁ শ্বিলঙত এনএছএছএইচ কনক্লেভ আয়োজন কৰাৰ বাবে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া  উদ্যোগ   মন্ত্ৰালয়লৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে  এনে পদক্ষেপে ৰাজ্যখনত চৰকাৰী আঁচনি আৰু নীতিৰ বিষয়ে মানুহৰ মাজত  সজাগতা সৃষ্টিত সহায় কৰিব।

                                                                      

কনক্লেভত  ভাষণ প্ৰদান কৰি শ্ৰী এছ চি এল দাসে মুঠ ঘৰুৱা উৎপাদন আৰু সামগ্ৰিক ৰপ্তানিৰ ক্ষেত্ৰত এনে পদক্ষেপৰ অৱদানৰ কথা তথা  ভাৰতীয় অৰ্থনীতিত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া  উদ্যোগখণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া  উদ্যোগসমূহে কেৱল বৃহৎ নিযুক্তিৰ সুযোগ প্ৰদান কৰাই নহয়, গ্ৰাম্য আৰু পিছপৰা অঞ্চলসমূহৰ ঔদ্যোগিকৰণতো সহায় কৰিছে। তেওঁ উদ্যোগৰ লাভালাভৰ  বিষয়ে আলোকপাত কৰে আৰু মেঘালয়ৰ  যুৱক-যুৱতীসকলক উদ্যোগক বৃত্তি হিচাপে গ্ৰহণ কৰিবলৈ  আহ্বান জনায়। তেওঁ যুৱক-যুৱতীসকলক কেৱল উপভোক্তা নহয়, উৎপাদক হ'বলৈও একেসময়তে আহ্বান জনায়৷ তেওঁ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া  উদ্যোগখণ্ডক শক্তিশালী কৰাৰ বাবে ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ সম্ভাৱনাৰ বিষয়েও আলোকপাত কৰে আৰু কয় যে এই কনক্লেভৰ জৰিয়তে ৰাজ্যখনৰ অনুসূচীত জাতি/জনজাতিৰ উদ্যোগীসকলে উদ্ভাৱনীমূলক ধাৰণা গঢ় দিয়াৰ লগতে ব্যৱসায়ৰ সুযোগ অন্বেষণ আদি  কৰিব পাৰিব৷  এনেদৰে তেওঁলোকে  আঁচনিসমূহৰ সৰ্বাধিক লাভ অৰ্জন কৰিব পাৰিব বুলি তেওঁ কয়৷

                                                                             Image

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া  উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী মাৰ্চি ইপাওৱে মন্ত্ৰালয়ৰ অন্যান্য মুখ্য আঁচনিৰ লগতে অনুসূচীত জাতি/জনজাতি উদ্যোগীসকলৰ বাবে ৰাষ্ট্ৰীয় অনুসূচীত জাতি-জনজাতি হাব আঁচনিৰ অধীনত ৰূপায়ণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে  উল্লেখ কৰে। ড০ ঈশিতা গাংগুলী ত্ৰিপাঠীয়ে উত্তৰ-পূব অঞ্চলত মন্ত্ৰালয়ৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি এই বিষয়ত এক অৱলোকন অগবঢ়ায়৷ তেওঁ অলপতে মাননীয় প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা "প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা" আঁচনিৰ বিষয়েও আলোকপাত কৰে৷

কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, বেংক আৰু ঋণদাতা প্ৰতিষ্ঠানসমূহৰ সৈতে এক বিশেষ কাৰিকৰী অধিৱেশনো অনুষ্ঠিত কৰা হয় ৷ এই পদক্ষেপে অনুসূচীত জাতি-জনজাতিৰ উদ্যোগীসকলক এক বিশেষ মঞ্চ প্ৰদান কৰিছে৷ । পাৱাৰগ্ৰীড, নিপকো, এফচিআই, আইঅ'চিএল আৰু হিন্দুস্তান ষ্টীল ৱৰ্কছ কনষ্ট্ৰাকশ্বনৰ দৰে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰে তেওঁলোকৰ বিক্ৰেতাৰ তালিকাভুক্তি প্ৰক্ৰিয়াৰ বিষয়ে  প্ৰেজেণ্টেচন প্ৰদান কৰে আৰু অনুসূচীত জাতিৰ মালিকানাধীন এমএছইৰ পৰা ক্ৰয় কৰিব পৰা সামগ্ৰী/সেৱাৰ বিৱৰণ আদি উল্লেখ কৰে৷ কৰে।অনুষ্ঠানটোত এছ.আই.ডি.বি.আই., কানাৰা বেংক, এইচ.ডি.এফ.চি. বেঙ্ক, মেঘালয় গ্ৰাম্য বেংক, সিন্ডুচিণ্ড বেঙ্ক, আই.এফ.ডি.চি. আদিৰ দৰে বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰতিনিধি উপস্থিত থাকে৷ এনএছএফডিচি আৰু জিইএমৰ দৰে অন্যান্য চৰকাৰী সংস্থাসমূহেও কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে৷   অনুষ্ঠানটোত চিএছচি শ্বিলঙৰ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ নামভৰ্তিৰ বাবে বিশেষ ডেস্ক আৰু  অনুসূচীত জাতি/জনজাতিৰ অংশগ্ৰহণকাৰীসকলে সেই স্থানতে উদ্যমৰ পঞ্জীয়ন কৰাৰ বাবে  সুবিধা ৰখা হৈছিল৷

DM



(Release ID: 1976051) Visitor Counter : 60