তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ইণ্ডিয়ান পেনোৰমাই ৫৪সংখ্যক আইএফএফআই-২০২৩ৰ বাবে আনুষ্ঠানিক নিৰ্বাচন ঘোষণা কৰিছে

২৫ খন ফিচাৰ ফিল্ম আৰু ২০ খন নন-ফিচাৰ ফিল্ম ৫৪সংখ্যক আইএফএফআইত প্ৰদৰ্শিত হ'ব

'আত্তম, (মালায়ালম)' হ'ব ইণ্ডিয়ান পেনোৰমা ২০২৩ৰ উদ্বোধনী ফিচাৰ ফিল্ম

'এণ্ড্ৰো ড্ৰীমছ (মণিপুৰী)' হ'ব ইণ্ডিয়ান পেনোৰমা ২০২৩ৰ উদ্বোধনীৰ নন-ফিচাৰ ফিল্ম ছবি

Posted On: 23 OCT 2023 2:30PM by PIB Guwahati

ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) মুখ্য উপাদান ইণ্ডিয়ান পেনোৰমাই ২৫ খন ফিচাৰ ফিল্ম আৰু ২০ খন নন-ফিচাৰ ফিল্ম বাছনি কৰাৰ কথা ঘোষণা কৰিছে। নিৰ্বাচিত চলচ্চিত্ৰসমূহ ২০ ৰ পৰা ২৮ নৱেম্বৰ, ২০২৩ লৈ গোৱাত অনুষ্ঠিত হ'বলগীয়া ৫৪সংখ্যক আইএফএফআইত প্ৰদৰ্শিত হ'ব।

 

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ দ্বাৰা আয়োজিত ইণ্ডিয়ান পেনোৰমাৰ লক্ষ্য হৈছে উক্ত নিয়মাৱলীত উল্লেখ কৰা চৰ্ত আৰু পদ্ধতি অনুসৰি চলচ্চিত্ৰ বিষয়বস্তুভিত্তিক আৰু নান্দনিক উৎকৃষ্টতাৰ ওপৰত ভিত্তি কৰি ফিচাৰ আৰু নন-ফিচাৰ ফিল্মসমূহ বাছনি কৰা।

 

ইণ্ডিয়ান পেনোৰমাৰ নিৰ্বাচন সমগ্ৰ ভাৰতৰ চিনেমা জগতৰ বিশিষ্ট ব্যক্তিসকলে কৰে, য'ত ফিচাৰ ফিল্মৰ বাবে মুঠ ১২জন জুৰী সদস্য আৰু নন-ফিচাৰ ফিল্মৰ বাবে ৬জন জুৰী সদস্য থাকে। দুয়ো প্ৰকাৰৰ জুৰীয়ে তেওঁলোকৰ নিজ নিজ অধ্যক্ষৰ দ্বাৰা পৰিচালিত হয়। তেওঁলোকৰ ব্যক্তিগত বিশেষজ্ঞতা ব্যৱহাৰ কৰি, বিশিষ্ট জুৰী পেনেলসমূহে সংশ্লিষ্ট শ্ৰেণীত ইণ্ডিয়ান পেনোৰমা চলচ্চিত্ৰ বাছনি কৰাৰ ক্ষেত্ৰত সহমতত সমানে অৰিহণা যোগায়।

 

ফিচাৰ ফিল্ম

১২ জনীয়া ফিচাৰ ফিল্মৰ জুৰীৰ নেতৃত্বত আছে চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু প্ৰযোজক অধ্যক্ষ ড০ টি এছ নাগাভৰণ। ফিচাৰৰ জুৰীসকল তলত উল্লেখ কৰা সদস্যসকলৰ দ্বাৰা গঠিত যিসকলে ব্যক্তিগতভাৱে বিভিন্ন প্ৰশংসিত ছবি আৰু চলচ্চিত্ৰ সম্পৰ্কীয় বৃত্তিসমূহক প্ৰতিনিধিত্ব কৰে, য’ত সামূহিকভাৱে বৈচিত্ৰময় ভাৰতীয় ভ্ৰাতৃত্ববোধক প্ৰতিনিধিত্ব কৰে:

 

১. শ্ৰী এ. কাৰ্তিক ৰাজা; চিনেমাটোগ্ৰাফাৰ

 

২. শ্ৰী অঞ্জন বসু; চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক

 

৩. শ্ৰীমতী ডঃ ইতিৰাণী সামন্ত; চলচ্চিত্ৰ প্ৰযোজক আৰু সাংবাদিক

 

৪. শ্ৰী কে.পি. ব্যাসন; চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু চিত্ৰনাট্যকাৰ

 

৫. শ্ৰী কমলেশ মিশ্ৰ; চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ

 

৬. শ্ৰী কিৰণ গন্তী; চলচ্চিত্ৰ সম্পাদক আৰু পৰিচালক

 

৭. মিঃ মিলিন্দ লেলে; চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক

 

৮. শ্ৰীযুত প্ৰদীপ কুৰ্বা; চলচ্চিত্ৰ পৰিচালক

 

৯. শ্ৰীমতী ৰামা ভিজ; অভিনেতা

 

১০. শ্ৰীযুত ৰোমি মাইটেই; চলচ্চিত্ৰ পৰিচালক

 

১১. শ্ৰী সঞ্জয় যাদৱ; চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী

 

১২. শ্ৰী বিজয় পাণ্ডে; চলচ্চিত্ৰ পৰিচালক আৰু সম্পাদক

 

৪০৮ খন সমসাময়িক ভাৰতীয় ফিচাৰ ফিল্মৰ এক বিস্তৃত স্পেকটামৰ ভিতৰত, ৫৪সংখ্যক আইএফএফআইত ইণ্ডিয়ান পেনোৰমা শাখাত প্ৰদৰ্শিত হ'বলগীয়া ২৫ খন ফিচাৰ ফিল্মৰ এটা পেকেজ বাছনি কৰা হৈছে। ফিচাৰ ফিল্মৰ নিম্নলিখিত পেকেজটোৱে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ সজীৱতা আৰু বৈচিত্ৰ্যক প্ৰতিফলিত কৰে।

 

ইণ্ডিয়ান পেনোৰমা ২০২৩-ত বাছনি কৰা ২৫ খন ফিচাৰ ফিল্মৰ তালিকা তলত উল্লেখ কৰা হৈছে:

 

 

 

 

ক্ৰমিক নং.

ছবিৰ নাম

ভাষা

পৰিচালক

আৰাৰিৰাৰো

কানাড়া

সন্দীপ কুমাৰ বি

অত্তম

মালায়লম

আনন্দ একাৰ্শী

অৰ্ধাংগিনী

বঙালী

কৌশিক গাংগুলি

দীপ ফ্ৰীজ

বঙালী

অৰ্জুন দত্ত

ধাই অক্ষৰ

হিন্দী

প্ৰবীণ অৰোৰা

ইৰাট্টা

মালায়লম

ৰোহিত এম জি কৃষ্ণণ

কাধাল ইনবাথো পথো উদামাই

তামিল

জয়প্ৰকাশ ৰাধাকৃষ্ণণ

কাথাল

মালায়লম

জিঅ বেবি

কান্তাৰা

কানাড়া

ঋষভ চেট্টি

১০

মল্লিকাপুৰম

মালায়লম

বিষ্ণু শশী শংকৰ

১১

মণ্ডলী

হিন্দী

ৰাকেশ চতুৰ্বেদী ঔম

১২

মিৰবীন

কাৰ্বি

মৃদুল গুপ্তা

১৩

নীলা নিৰা সূৰিয়া

তামিল

 

 

সংযুক্তা বিজয়ন

১৪

না থান কেচ কোডু

মালায়লম

ৰাকেশ বালাকৃষ্ণণ পডুভাল

১৫

পকাল্লাম

মালায়লম

গণেশ ৰাজ

১৬

ৰবিন্দ্ৰ কাব্য ৰহস্য

বঙালী

চায়ন্তন ঘোষাল

১৭

চানা

হিন্দী

সুধাংশু চাৰিয়া

১৮

দ্যা ভেকচিন ৱাৰ

হিন্দী

বিবেক ৰঞ্জন অগ্নিশোত্ৰী

১৯

বধ

হিন্দী

যশপাল সিং সন্ধু

২০

বিদুথাল্লাই

তামিল

ভেত্ৰী মাৰণ

মূলসুঁতিৰ চিনেমা শাখা

২১

২০১৮-ইভৰিৱান ইজ এ হিৰো

মালায়লম

জুড এন্টনি জুচেফ

২২

গুলমোহৰ

হিন্দী

ৰাহুল ভি চিট্টিলা

২৩

পনিয়িন চেলভান পাৰ্ট -২

তামিল

মণি ৰত্নম

২৪

চিৰফ এক বান্দা কাফি হে

হিন্দী

অপুৰ্ব সিং কাৰকি

২৫

দ্যা কেৰালা ষ্টৰি

হিন্দী

সুদীপ্ত সেন

 

 

ইণ্ডিয়ান পেনোৰমা ২০২৩-ৰ উদ্বোধনী ফিচাৰ ফিল্মৰ বাবে জুৰীয়ে নিৰ্বাচন কৰিছে শ্ৰী আনন্দ একৰ্শীৰ দ্বাৰা পৰিচালিত আট্টাম(মালায়ালম)নামৰ ছবিখন।

 

নন-ফিচাৰ ফিল্ম

 

৬ জনীয়া নন-ফিচাৰ ফিল্ম জুৰীৰ নেতৃত্ব দিছিল বিশিষ্ট তথ্যচিত্ৰ পৰিচালক শ্ৰী অৰবিন্দ সিনহাই। নন-ফিচাৰ জুৰীত তলত উল্লেখ কৰা সদস্যসকলক লৈ গঠন কৰা হৈছে, যিসকলে ব্যক্তিগতভাৱে বিভিন্ন প্ৰশংসিত ছবি আৰু চলচ্চিত্ৰ সম্পৰ্কীয় বৃত্তি, বৃত্তিসমূহক প্ৰতিনিধিত্ব কৰে, আনহাতে সামূহিকভাৱে বৈচিত্ৰময় ভাৰতীয় ভ্ৰাতৃত্ববোধক প্ৰতিনিধিত্ব কৰে:

 

১. শ্ৰী অৰবিন্দ পাণ্ডে; চলচ্চিত্ৰ পৰিচালক আৰু লেখক

 

২. শ্ৰীযুত ববি ৱাহেংবাম; চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক

 

৩. শ্ৰী দীপ ভূঞা; চলচ্চিত্ৰ পৰিচালক

 

৪. শ্ৰী কমলেশ উদাসী; চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক

 

৫. শ্ৰীমতী পাউশালী গাংগুলী; এনিমেটৰ, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ

 

৬. শ্ৰী বৰুণ কুৰ্টকোটি; চলচ্চিত্ৰ পৰিচালক

 

২৩৯ খন সমসাময়িক ভাৰতীয় নন-ফিচাৰ চলচ্চিত্ৰৰ এক বিস্তৃত স্পেকটামৰ ভিতৰত, ৫৪সংখ্যক আইএফএফআইত ভাৰতীয় পেনোৰমা শাখাত প্ৰদৰ্শিত হ'বলগীয়া ২০ নন-ফিচাৰ ফিল্মৰ এটা পেকেজ বাছনি কৰা হৈছে। নন-ফিচাৰ ফিল্মৰ পেকেজে উদীয়মান আৰু প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সমসাময়িক ভাৰতীয় মূল্যবোধ, অন্বেষণ, মনোৰঞ্জন আৰু প্ৰতিফলিত কৰাৰ সামৰ্থ্যৰ উদাহৰণ দাঙি ধৰিছে।

 

ইণ্ডিয়ান পেনোৰমা ২০২৩-ত বাছনি কৰা ২০ খন নন-ফিচাৰ চলচ্চিত্ৰৰ তালিকা তলত দিয়া হৈছে:

 

ক্ৰমিক নং

ছবিৰ নাম

ভাষা

পৰিচালক

১৯৪৭-১৯৪৭: ব্ৰেক্সিট ইণ্ডিয়া

ইংৰাজী

সঞ্জীৱন লাল

এন্দ্ৰো ড্ৰীমছ

মণিপুৰী

লংজাম মীনা দেৱী

বাচান

হিন্দী

জীতংক সিং গুৰ্জাৰ

বেক টু দ্যা ফিউচাৰ

ইংৰাজী

এম এছ বিষ্ট

বৰুৱাৰ সংসাৰ

অসমীয়া

উৎপল বৰপূজাৰী

বেহৰূপীয়া-দ্যা ইমপাৰচনেটৰ

হিন্দী

ভাস্কৰ বিশ্বনাথন

ভাংগাৰ

মাৰাঠী

সুমীৰা ৰয়

নানছেই নীলাম (দ্যা চেঞ্জিং লেণ্ডস্কেপ)

তামিল

প্ৰবীণ চেলভাম

চুপি ৰুহ

ডগৰী

দিশা ভৰদ্বাজ

১০

গিধ (স্কেভেঞ্জাৰ)

হিন্দী

মনীষ চাইনী

১১

কথাবোৰ

অসমীয়া

কেশৰজ্যোতি দাস

১২

লাচিত (দ্যা ৱাৰিয়ৰ)

অসমীয়া

পাৰ্থসাৰথি মহন্ত

১৩

লাষ্ট মিট

মণিপুৰী

ৱাৰিবাম দুৰেন্দ্ৰ সিং

১৪

লাইফ ইন লুম

হিন্দী, তামিল, অসমীয়া বঙালী, ইংৰাজী

ইডমণ্ড ৰেনছন

১৫

মাও: দ্যা স্পিৰিট অৱ ড্ৰিমছ অব ছিৰ’

মিজো

শিল্পীকা বৰদলৈ

১৬

প্ৰদক্ষিণা

মাৰাঠী

প্ৰথমেশ মাহালে

১৭

সদাবাহাৰ

কংকানী

সুয়াশ কামাত

১৮

শ্ৰী ৰুদ্ৰম

মালায়লম

আনন্দ জ্যোতি

১৯

দ্য চি এণ্ড চেভেন ভিলেজেছ

ওড়িয়া

হিমাংশু শেখৰ খাটুৱা

২০

উৎসৱমূৰ্তি

মাৰাঠী

অভিজিত অৰবিন্দ ডালভি

 

 

ইণ্ডিয়ান পেনোৰমা ২০২৩-ৰ উদ্বোধনী নন-ফিচাৰ ফিল্মৰ বাবে জুৰীৰ দ্বাৰা নিৰ্বাচন হৈছে শ্ৰীমতী লংজাম মীনা দেৱীৰ দ্বাৰা পৰিচালিত 'এন্দ্ৰো ড্ৰীমছ' (মণিপুৰী)নামৰ ছবিখন।

 

ভাৰতৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যৰ লগতে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰচাৰৰ বাবে চলচ্চিত্ৰ কলাৰ সহায়ত ১৯৭৮ চনত আইএফএফআইৰ অধীনত ইণ্ডিয়ান পেনোৰমা আৰম্ভ কৰা হৈছিল। আৰম্ভণিৰে পৰা, ইণ্ডিয়ান পেনোৰমা বছৰটোৰ শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰসমূহ প্ৰদৰ্শন কৰি আহিছে। চলচ্চিত্ৰ কলা প্ৰচাৰৰ বাবে, ইণ্ডিয়ান পেনোৰমা শাখাৰ বাবে বাছনি কৰা চলচ্চিত্ৰসমূহ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, দ্বিপাক্ষিক সাংস্কৃতিক বিনিময় কাৰ্যসূচী, সাংস্কৃতিক বিনিময় প্ৰটোকলৰ বাহিৰত নিৰ্দিষ্ট ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ভাৰত আৰু বিদেশত ইণ্ডিয়ান পেনোৰমা চলচ্চিত্ৰ মহোৎসৱৰ অধীনত আয়োজিত ভাৰতীয় চলচ্চিত্ৰ সপ্তাহত প্ৰদৰ্শিত হ'ব।

**********



(Release ID: 1970344) Visitor Counter : 153