বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

২৮-২৯ অক্টোবৰ, ২০২৩-ত আংশিক চন্দ্ৰগ্ৰহণ (শনিবাৰ-দেওবাৰ)

प्रविष्टि तिथि: 20 OCT 2023 12:32PM by PIB Guwahati

অহা ২৮-২৯  অক্টোবৰত (৬-৭ কাতি, ১৯৪৫ শক) আংশিক চন্দ্ৰগ্ৰহণ দৃশ্যমান হব। চন্দ্ৰই ২৮ অক্টোবৰৰ মাজনিশা পেনুমব্ৰাত প্ৰৱেশ কৰিব যদিও উম্ব্ৰাল পৰ্যায়ত ২৯ অক্টোবৰৰ পুৱাৰ ভাগতহে আৰম্ভ হ'ব। ভাৰতৰ সকলো ঠাইৰ পৰা চন্দ্ৰগ্ৰহণ মাজ নিশা দৃশ্যমান হ'ব।

পশ্চিম প্ৰশান্ত মহাসাগৰ, অষ্ট্ৰেলিয়া, এছিয়া, ইউৰোপ, আফ্ৰিকা, পূৱ দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ আৰু দক্ষিণ প্ৰশান্ত মহাসাগৰ আৱৰি থকা অঞ্চলসমূহত চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব।

এই গ্ৰহণৰ উমব্ৰাল পৰ্যায় ২৯ অক্টোবৰত ভাৰতীয় মান সময় অনুসৰি ১ ঘণ্টা ৫ মিনিটত আৰম্ভ হৈ  ঘণ্টা ২৪  মিনিটত সমাপ্ত হ'ব।

চন্দ্ৰগ্ৰহণৰ সময়সীমা ঘণ্টা ১৯ মিনিট হব।

উল্লেখযোগ্য যে ২০২৫ চনৰ ছেপ্টেম্বৰত ভাৰতৰ পৰা দৃশ্যমান হ'বলগীয়া পৰৱৰ্তী চন্দ্ৰগ্ৰহণ  পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ'ব।

অন্তিমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ২০২২ চনৰ ৮ নৱেম্বৰত ভাৰতৰ পৰা দৃশ্যমান হৈছিল।

 

@@@


(रिलीज़ आईडी: 1969354) आगंतुक पटल : 197
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , English , Urdu , हिन्दी , Gujarati , Tamil , Kannada