কেবিনেট

ৰে'ল কৰ্মচাৰীসকলৰ বাবে ১৯৬৮.৮৭ কোটি টকাৰ ‘উৎপাদনশীলতা সংযোগী বোনাচ’ (পিএলবি) প্ৰদানৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেবিনেটে

Posted On: 18 OCT 2023 3:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ‘ট্ৰেক মেইনটেইনাৰ’, ‘লকো পাইলট’, ‘ট্ৰেইন মেনেজাৰ’ (গাৰ্ডছ), ‘ষ্টেশ্যন মাষ্টৰ’, ‘টেকনিচিয়ান’, ‘টেকনিচিয়ান হেল্পাৰ’, ‘পইণ্টমেন’কে ধৰি (আৰপিএফ/আৰপিএছএফ কৰ্মচাৰীৰ বাহিৰে) আন সকলো যোগ্য অ-ৰাজপত্ৰিত ৰে'ল কৰ্মচাৰীৰ বাবে ৭৮ দিনৰ মজুৰিৰ সমানকৈ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ‘উৎপাদনশীলতা সংযোগী বোনাচ’ (পিএলবি) দিয়াৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।

ৰে'ল কৰ্মচাৰীসকলৰ এই উৎকৃষ্ট প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে কেন্দ্ৰীয় চৰকাৰে ১১,০৭,৩৪৬ গৰাকী ৰে'ল কৰ্মচাৰীক ১৯৬৮.৮৭ কোটি টকাৰ ‘পিএলবি’ পৰিশোধৰ বাবে অনুমোদন জনাইছে। ২০২২-২০২৩ বৰ্ষত ৰে'লৱে’ৰ প্ৰদৰ্শন যথেষ্ট ভাল আছিল। ৰে’লৱে’ই ১৫০৯ নিযুত টনৰ অভিলেখ পৰিমাণৰ ‘কাৰ্গো লোড’ কৰিছিল আৰু প্ৰায় ৬.৫ বিলিয়ন যাত্ৰী কঢ়িয়াইছিল।

বিভিন্ন ধৰণৰ কাৰকে এই অভিলেখ প্ৰদৰ্শনত অৰিহণা যোগাইছিল। ইয়াৰ ভিতৰত আছে ৰেল বিভাগত চৰকাৰে অভিলেখ পৰিমাণৰ মূলধনী ব্যয় সঞ্চাৰিত কৰাৰ ফলত আন্তঃগাঁথনিৰ উন্নতি, পৰিচালনাত দক্ষতা বৃদ্ধি আৰু উন্নত প্ৰযুক্তিৰ সংযোজন ইত্যাদি।

‘পিএলবি’ পৰিশোধে ৰে’ল কৰ্মচাৰীসকলক উন্নত প্ৰদৰ্শনৰ বাবে অধিক হাৰত কাম কৰিবলৈ অনুপ্ৰাণিত  কৰিব।

*****

DS/KB/BM



(Release ID: 1968834) Visitor Counter : 168