আয়ুষ

এইবাৰ আয়ুৰ্বেদ দিৱস ‘এক স্বাস্থ্যৰ বাবে আয়ুৰ্বেদ’ শীৰ্ষক বিষয়ত আয়োজন কৰা হ’ব

সমগ্ৰ বিশ্বৰ ১০০খন দেশত উদযাপন কৰা হ’ব এই দিৱস

Posted On: 17 OCT 2023 5:52PM by PIB Guwahati

এইবাৰ বিশ্বৰ প্ৰায় ১০০খন দেশত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আয়ুৰ্বেদ দিৱস উদযাপন কৰা হ’ব। ‘এক স্বাস্থ্যৰ বাবে আয়ুৰ্বেদ’ শীৰ্ষক বিষয়ত আয়ুৰ্বেদ দিৱস উদযাপন বিশ্বব্যাপী আয়োজন কৰা হ’ব আৰু ইয়াক সফল কৰি তুলিবলৈ আয়ুষ মন্ত্ৰালয়ক দেশৰ সকলো মন্ত্ৰালয়ে সহযোগিতা প্ৰদান কৰিব। আয়ুষ মন্ত্ৰালয়ে ১১ নৱেম্বৰত ধনৱন্তৰী জয়ন্তী উপলক্ষে উদযাপন কৰিবলগীয়া আয়ুৰ্বেদ দিৱসৰ সফল আয়োজনৰ বাবে বিভিন্ন মন্ত্ৰালয়ৰ বৈঠক আহ্বান কৰে। আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই বৈঠকৰ সভাপতিত্ব কৰি কয় যে আমাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুযায়ী দেশৰ সকলো মন্ত্ৰালয়ৰ পাৰস্পৰিক সহযোগিতাত আয়ুৰ্বেদ দিৱসক ৰাষ্ট্ৰীয় অনুষ্ঠান হিচাপে আয়োজন কৰা উচিত।

                                                                       

বৈঠকত আয়ুৰ্বেদ দিৱসক  সফল কৰি তুলিবলৈ আয়ুষ মন্ত্ৰালয়ৰ সৈতে বিভিন্ন মন্ত্ৰালয়ৰ প্ৰতিনিধি বিষয়াসকলে নিজৰ মতামত আগবঢ়ায়। মূলতঃ গৃহ, সাংস্কৃতিক, বৈদেশিক পৰিক্ৰমা, জনজাতি, জলসম্পদ বিভাগ, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, চি এছ আই আৰ আদি মন্ত্ৰালয় আৰু বিভাগসমূহে নিজৰ মতামত আগবঢ়াই কয় যে, ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ, অংশগ্ৰহণমূলক কাৰ্যসূচি আয়োজনেৰে আমি আয়ুৰ্বেদ দিৱসক বিশ্বব্যাপী উদযাপন কৰা উচিত। সকলো মন্ত্ৰালয়ে আয়ুৰ্বেদ দিৱস সফল কৰাৰ বাবে আয়ুষ মন্ত্ৰালয়ৰ সৈতে নিজ নিজ অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰে।

আয়ুষৰ সচিবে কয় যে আয়ুৰ্বেদ দিৱসৰ তিনিটা মূল কথা ‘ছাত্ৰ-ছাত্ৰীৰ বাবে আয়ুৰ্বেদ, কৃষকৰ বাবে আয়ুৰ্বেদ, জনস্বাস্থ্যৰ বাবে আয়ুৰ্বেদ’ত আমি প্ৰতিদিনে সকলোৰে বাবে আয়ুৰ্বেদ বাৰ্তাত গুৰুত্ব দিব লাগিব। আয়ুৰ্বেদ দিৱসৰ উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আয়ুৰ্বেদক প্ৰচাৰ আৰু প্ৰসাৰ কৰা লগতে মানৱ জাতি, জীৱ-জন্তু, উদ্ভিদ আৰু পৰিৱেশৰ কল্যাণৰ বাবে ইয়াক বিশ্ব প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰা।

***

 

AN/BM
 



(Release ID: 1968695) Visitor Counter : 79