শক্তি মন্ত্ৰালয়

ছিকিমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩ কোটি টকাৰ বৰঙণি আগবঢ়ালে এনএইচপিচিয়ে

Posted On: 11 OCT 2023 5:44PM by PIB Guwahati

২০২৩ চনৰ ৩ অক্টোবৰৰ নিশা ছিকিমৰ লোনাক হ্ৰদৰ সমীপত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা অপ্ৰত্যাশিত প্ৰাকৃতিক দুৰ্যোগৰ বলি হোৱা সকলৰ বাবে ছিকিম চৰকাৰৰ সাহায্য অভিযানত  সহায় কৰিবলৈ এন এইচ পি চিয়ে ছিকিমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩ কোটি টকাৰ বৰঙণি আগবঢ়াইছে। ১০ অক্টোবৰ ২০২৩  তাৰিখে ছিকিমৰ গেংটকত  ছিকিমৰ মাননীয় মুখ্যমন্ত্ৰী  শ্ৰী প্ৰেম সিং তামাঙক বৰঙণিৰ চেক অৰ্পন কৰে  শ্ৰী এল.কে. ত্ৰিপাঠী, কাৰ্যবাহী সঞ্চালক (মণ্ডল-শিলিগুৰি), শ্ৰী চি.আৰ. দাস, এইচ.ও.পি. তিস্তা-পঞ্চম  পাৱাৰ ষ্টেচন, শ্ৰী লেন্ধুপ লেপচা, এইচ.ই.পি. তিস্তা-চতুৰ্থ জলবিদ্যুৎ প্ৰকল্পৰ লগতে    তিস্তা-ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পৰ জ্যেষ্ঠ বিষয়াসকলে। 

                                                                               

২০২৩ চনৰ ৩ আৰু ৪ অক্টোবৰৰ মাজনিশা উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ সমীপত ডাৱৰ বিস্ফোৰণৰ ফলত আকস্মিক বানপানীৰ সৃষ্টি হৈছিল।  ফলত তিস্তা নদীৰ জলস্তৰ ভয়াৱহভাবে  বৃদ্ধি পাইছিল। এই আকস্মিক বানপানীৰ ফলত ছিকিমৰ তিস্তা নদীৰ উপত্যকাত নিমিষতে  দলং, ঘাইপথ-১০ৰ কিছু অংশ উটুৱাই নিয়াৰ লগতে এলেকাটোৰ  আন্তঃগাঁথনি গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিছিল। এনে  দুৰ্যোগৰ  মুহূৰ্তত সমগ্ৰ এন এইচ পি চি পৰিয়াল ছিকিমৰ জনসাধাৰণৰ সৈতে থিয় দিছিল আৰু এনএইচপিচিৰ কৰ্তৃপক্ষই   বিত্তীয় সাহায্যৰ জৰিয়তে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ৰাজ্য চৰকাৰৰ সাহায্য প্ৰচেষ্টাক সম্পূৰ্ণ সমৰ্থন আগবঢ়াবলৈ  সিদ্ধান্ত লৈছিল। দুৰ্যোগৰ পিছৰে পৰা এলেকাটোত এনএইচপিচি সক্ৰিয় হৈ আছে আৰু দুৰ্গতসকলক সহায় কৰিবলৈ  নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এনএইচপিচিয়ে ইতিমধ্যে ৰাজ্য প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা  কৰি আকস্মিক বানত পীড়িতসকলক  ৰেচনকে ধৰি  অন্যান্য সামগ্ৰী বিতৰণ কৰিছে। বিভিন্ন স্থানত এনএইচপিচিয়ে যোগান ধৰা খাদ্য বিতৰণৰ   ব্যৱস্থা পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে অব্যাহত থাকিব।

*******

BM/DM



(Release ID: 1966916) Visitor Counter : 63


Read this release in: English , Urdu , Hindi , Tamil