ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
ডিজিটেল প্ৰযুক্তি খণ্ডত সহযোগিতাৰ ক্ষেত্ৰত ভাৰত আৰু ফ্ৰান্সৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
11 OCT 2023 3:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ডিজিটেল প্ৰযুক্তি খণ্ডত সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু ফ্ৰান্সৰ অৰ্থনীতি, বিত্ত আৰু ঔদ্যোগিক আৰু ডিজিটেল সাৰ্বভৌমত্ব মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিবলৈ অনুমোদন জনাইছে।
বিৱৰণ :
এই বুজাবুজি চুক্তিয়ে ডিজিটেল প্ৰযুক্তিৰ সৈতে জড়িত সহযোগিতা আৰু তথ্যৰ আদান-প্ৰদানত সহায় কৰিব আৰু বুজাবুজি চুক্তি অনুসৰি নিজ নিজ দেশত ডিজিটেল প্ৰযুক্তিৰ উপলভ্যতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰতিজন অংশগ্ৰহণকাৰীৰ লক্ষ্যক পাৰস্পৰিকভাৱে সমৰ্থন কৰিব।
মুখ্য প্ৰভাৱ:
ডিজিটেল প্ৰযুক্তি খণ্ডত জি২জি আৰু বি২বি দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰা হ'ব৷ বুজাবুজি চুক্তিত উন্নত সহযোগিতাৰ পৰিকল্পনা কৰা হৈছে যাৰ ফলত তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত নিয়োগৰ সুযোগ বৃদ্ধি পাব৷
ৰূপায়ণ ৰণনীতি আৰু লক্ষ্য:
এই বুজাবুজি চুক্তিৰ অধীনত সহযোগিতা দুয়ো পক্ষৰ অংশগ্ৰহণকাৰীৰ দ্বাৰা কৰা স্বাক্ষৰৰ দিনা আৰম্ভ হ'ব আৰু এই সহযোগিতা পাঁচ (৫) বছৰলৈ চলিব।
*****
(ৰিলিজ আই ডি : 1966814)
অতিথি কক্ষ : 146