প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰীয় হালধি পৰিষদ স্থাপন কৰি আমি আমাৰ হালধি খেতিয়কসকলৰ সম্ভাৱনাক উদগনি দিয়াৰ লক্ষ্য ৰাখিছো: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
02 OCT 2023 8:48AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলৰ কল্যাণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে।
প্ৰধানমন্ত্ৰীয়ে কালি ঘোষণা কৰা ৰাষ্ট্ৰীয় হালধি পৰিষদ স্থাপনৰ লাভালাভ সন্দৰ্ভত নিজামাবাদৰ সাংসদ শ্ৰী অৰবিন্দ ধৰ্মপুৰীৰ এটা পোষ্টৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
“আমাৰ কৃষকসকলৰ কল্যাণ আৰু সমৃদ্ধি সদায়ে আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আহিছে।
ৰাষ্ট্ৰীয় হালধি পৰিষদ স্থাপন কৰি, আমি আমাৰ হালধি খেতিয়কসকলৰ সম্ভাৱনাক উদগনি দিয়া আৰু তেওঁলোকক তেওঁলোকৰ সঠিক প্ৰাপ্য সমৰ্থন প্ৰদান কৰাৰ লক্ষ্য ৰাখিছো।
নিজামাবাদৰ বাবে লাভালাভ বিশেষভাৱে অপৰিসীম।
আমাৰ হালধি খেতিয়কসকলৰ এক উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰাৰ বাবে আমি যি প্ৰয়োজন সেয়া কৰি যাম।“
*****
DS/AA
(रिलीज़ आईडी: 1963479)
आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam