আয়ুষ
আয়ুষ মন্ত্ৰালয়ে “এক তাৰিখ, এক ঘণ্টা, একেলগে” কাৰ্যসূচীৰ বাবে ৩৮৫ৰো অধিক কাৰ্যসূচীৰ আয়োজন কৰিব
प्रविष्टि तिथि:
29 SEP 2023 5:52PM by PIB Guwahati
|
আয়ুষ মন্ত্ৰালয়ে ১ অক্টোবৰত স্বচ্ছতা হি সেৱা অভিযানৰ অধীনত অনুষ্ঠিত হ'বলগীয়া "এক তাৰিখ, এক ঘণ্টা একেলগে" কাৰ্যসূচী সফলতাৰে উদযাপন কৰিবলৈ সাজু হৈছে। এই অভিযানৰ অংশ হিচাপে আয়ুষ মন্ত্ৰালয়ে সমগ্ৰ দেশত ৩৫৮ টাতকৈও অধিক কাৰ্যসূচী আয়োজন কৰাৰ পৰিকল্পনা কৰিছে। এক ঘণ্টাৰ বিশেষ স্বচ্ছতা অভিযানৰ লগতে মন্ত্ৰালয়ে মানসিক স্বাস্থ্য, সুস্থতা আৰু সামগ্ৰিক স্বাস্থ্য আৰু কল্যাণৰ ক্ষেত্ৰত স্বচ্ছতাৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰো পৰিকল্পনা কৰিছে।ইয়াৰ লগতে এই বাৰ্তা প্ৰচাৰৰ বাবে ৮০০০ তকৈও অধিক আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ স্থাপন কৰা হ'ব।
আয়ুষ মন্ত্ৰালয়ৰ গৱেষণা পৰিষদ, ১০০ৰো অধিক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, অধীনস্থ সংগঠন, ৰাষ্ট্ৰীয় ভাৰতীয় চিকিৎসা প্ৰণালী আয়োগ (এনচিআইএছএম) আৰু ৰাষ্ট্ৰীয় হোমিঅ'পেথি আয়োগেও তেওঁলোকৰ ৭৫০ৰো অধিক মহাবিদ্যালয়ৰ নেটৱৰ্কৰ জৰিয়তে এই অভিযানত অংশগ্ৰহণ কৰিব।
মন্ত্ৰালয়ে বিভিন্ন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৰাষ্ট্ৰীয় আয়ুষ মিছন (এনএএম)ৰ জৰিয়তে পৰিচালিত সকলো আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰত শ্ৰমদান কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ অনুৰোধ জনাইছে।
মন্ত্ৰালয়ে ১ অক্টোবৰত সমগ্ৰ দেশত অনুষ্ঠিত হ'বলগীয়া সমগ্ৰ অভিযান আৰু কাৰ্যকলাপৰ প্ৰস্তুতি তদাৰক কৰিবলৈ এজন যুটীয়া সচিব পৰ্যায়ৰ ন'ডেল বিষয়া নিযুক্ত কৰিছে। এছএইচএছ ২০২৩ৰ মূল বিষয়বস্তু হৈছে 'আৱৰ্জনা মুক্ত ভাৰত'। আয়ুষ মন্ত্ৰালয়ে ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ অমীমাংসিত গোচৰ নিষ্পত্তিৰ বাবে বিশেষ অভিযান (এছচিডিপিএম) ৩.০ আৰু স্বচ্ছতা হি সেৱা অভিযানৰ ওপৰত সক্ৰিয়ভাৱে বিবেচনা কৰি আছে।
এই কাৰ্যসূচী পৰিকল্পনা কৰাৰ উপৰিও, আয়ুষ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ অধীনত আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ জৰিয়তে সমগ্ৰ ভাৰতত সাপ্তাহিক আয়ুষ স্বাস্থ্য মেলা আয়োজন কৰি "আয়ুষ্মান ভবঃ" অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। প্ৰায় ৮০০০ কাৰ্যক্ষম আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰত এই অভিযান চলি আছে।
|
(रिलीज़ आईडी: 1962288)
आगंतुक पटल : 115