জল শক্তি মন্ত্ৰালয়

বিশ্ব পৰ্যটন দিৱস উপলক্ষে স্বচ্ছতা হি সেৱা পখৱাড়াৰ সৈতে একত্ৰিত কৰি পৰিচ্ছন্নতা অভিযান ট্ৰেভেল ফ’ৰ লাইফৰ শুভাৰম্ভ

মাত্ৰ ১২ দিনত ২২.৪ কোটিৰো অধিক লোকৰ অংশগ্ৰহণৰ সাক্ষী হৈছে স্বচ্ছতা হি সেৱা পখৱাড়া কাৰ্যসূচী

Posted On: 27 SEP 2023 8:04PM by PIB Guwahati

১৫ ছেপ্টেম্বৰ ২০২৩ ৰ পৰা ২ অক্টোবৰ ২০২৩ লৈ চলি  থকা স্বচ্ছতা হি সেৱা স্বচ্ছতা পখৱাড়াৰ অংশ হিচাপে আৰু বিশ্ব পৰ্যটন দিৱস ২০২৩ উপলক্ষে, পৰ্যটন মন্ত্ৰালয়ে এক অভিনৱ পদক্ষেপ গ্ৰহণ  কৰিছে - স্বচ্ছতা অভিযানৰ বাবে ট্ৰেভেল ফ’ৰ লাইফ কাৰ্যসূচী। চলিত স্বচ্ছতা হি সেৱা (এছএইচএছ) পষেকৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা এই অভিযান পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পাৰিপাৰ্শ্বিক সুস্থিৰতাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। নতুন দিল্লীৰ উল্লেখনীয়  ভাৰত মণ্ডপমত ট্ৰেভেল ফ’ৰ লাইফ কাৰ্যসূচী   বিশ্বব্যাপী শুভাৰম্ভ কৰা হয়, য'ত বহু কেইটা  আন্তৰ্জাতিক সংগঠন, জি-২০ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধি, উদ্যোগপতি আৰু বিভিন্ন ৰাজ্যৰ চৰকাৰৰ প্ৰতিনিধি ভাৰ্ছুৱেলী উপস্থিত আছিল। এই অনুষ্ঠানটোৱে কেৱল ট্ৰেভেল ফৰ লাইফ  উদ্যোগৰ সূচনা কৰাই নহয়, লগতে ভাৰতৰ পৰ্যটন ক্ষেত্ৰৰ পৰিৱৰ্তনৰ লক্ষ্যৰে আন বহু অগ্ৰণী প্ৰকল্প/পদক্ষেপৰ কথা প্ৰতিফলিত কৰিছে৷

উদ্বোধনী  অনুষ্ঠানটোত কেইবাটাও পদক্ষেপ  উন্মোচন কৰাৰ মঞ্চ আছিল, অৰ্থাৎ কাইলৈৰ বাবে পৰ্যটনৰ  প্ৰতিযোগিতা, খাদ্যৰ  প্ৰতিযোগিতা, যুৱ পৰ্যটন ক্লাব মাৰ্চেণ্ডাইজ আৰু ১০৮ টা পৰ্যটন স্থানত স্বচ্ছতা অভিযান।

স্বচ্ছতা অভিযানৰ বাবে ট্ৰেভেল ফ’ৰ লাইফ  হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিৰ এক দৃষ্টান্ত,  সমগ্ৰ দেশৰ ১০৮ টা পৰ্যটনস্থলীত স্বচ্ছতা  অভিযানৰ পৰিকল্পনা কৰা(তালিকা সংলগ্ন কৰা হৈছে)  ,  একক ব্যৱহাৰযোগ্য প্লাষ্টিক দূৰ  কৰাৰ বিষয়ত গুৰুত্ব আৰোপৰ লগতে   পৰিৱেশ-অনুকূল বিকল্পৰ সন্ধান কৰা। স্বচ্ছতা হি সেৱা  ২০২৩-ৰ সৈতে সংপৃক্ত হৈ, পৰ্যটন মন্ত্ৰালয়ে নিৰ্বাচিত পৰ্যটন ক্ষেত্ৰত এই ব্যাপক পৰিচ্ছন্নতা অভিযান ৰূপায়ন কৰিছে। অৱশ্যে, এই অভিযানৰ প্ৰভাৱে সেই স্থানবোৰৰ উপৰি অন্যান্য গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰসমূহকো প্ৰভাৱান্বিত কৰিব। এই অভিযানৰ মূল উদ্দেশ্য হৈছে  আৱৰ্জনা নিষ্কাশনৰ দক্ষ সুবিধা প্ৰদান কৰা, অনাময় সুবিধা বৃদ্ধি কৰা আৰু পৰিৱেশ-অনুকূল বিকল্প গ্ৰহণত উদগনি যোগোৱাৰ  সময়ত একক ব্যৱহাৰযোগ্য প্লাষ্টিক দূৰ কৰা। এই কাৰ্যসূচীত ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ, বিদ্যালয়, মহাবিদ্যালয় আৰু যুৱ পৰ্যটন ক্লাবৰ (ৱাইটিচি) সদস্যসকলে এই প্ৰচেষ্টাত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে।

১৫  ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ ২০২৩ লৈ স্বচ্ছতা হি সেৱা (এছএইচএছ) পালনৰ বাবে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে  ১০০ টা কেন্দ্ৰীয়ভাৱে সংৰক্ষিত  স্মৃতিস্তম্ভ আৰু স্থান (চিপিএমএছ) আৰু ৫৫ টা স্থানৰ সংগ্ৰহালয়ৰ এখন তালিকা প্ৰস্তুত  কৰিছে, য'ত এক ব্যাপক পৰিচ্ছন্নতা কাৰ্যসূচী  গ্ৰহণ কৰা হ'ব আৰু একক ব্যৱহাৰযোগ্য প্লাষ্টিক আৰু অ-জৈৱ-পচনশীল সামগ্ৰী আঁতৰ কৰা হ'ব। চিপিএমএছৰ বিষয়ত  বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব, বিশেষকৈ য'ত ঠাইখনৰ চাৰিওফালে জলাশয় থাকে। বিভিন্ন চিপিএমএছত চলি থকা ধ্বনি আৰু পোহৰ সম্পৰ্কীয় প্ৰদৰ্শনীৰ সময়ত "স্বচ্ছতা হি সেৱা"ৰ বাৰ্তা আৰু "আৱৰ্জনা মুক্ত ভাৰত"ৰ বিষয়বস্তু প্ৰদৰ্শন কৰা হ'ব।

ট্ৰেভেল ফ’ৰ লাইফ কাৰ্যসূচী হৈছে মিছন লাইফৰ এক গুৰুত্বপূৰ্ণ অংশ, যি হৈছে এক উচ্চাভিলাষী অভিযান, যাৰ উদ্দেশ্য হৈছে আমাৰ গ্ৰহটোক এক বহনক্ষম ভৱিষ্যতৰ দিশত পৰিচালনা কৰা। এই পদক্ষেপে পৰ্যটকসকলক পৰিৱেশ সংৰক্ষণ, জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা, স্থানীয় লোকৰ অৰ্থনৈতিক বিকাশ আৰু সামাজিক-সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত অৰিহণা যোগোৱা সৰল কিন্তু প্ৰভাৱশালী কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। তদুপৰি ই পৰ্যটন মূল্য শৃংখলাৰ ভিতৰত সকলো অংশীদাৰৰ মাজত মনোযোগ আৰু দায়িত্বশীল সম্পদৰ ব্যৱহাৰৰ কথা জাগ্ৰত কৰিব বিচাৰে।

স্বচ্ছতা হি সেৱা (এছএইচএছ) ২০২৩ চনৰ  ১৫ ছেপ্টেম্বৰত তিনিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ দ্বাৰা মুকলি কৰা হৈছিল- শ্ৰী গিৰিৰাজ সিং, পঞ্চায়তী ৰাজ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী; শ্ৰী হৰদীপ সিং পুৰী, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী আৰু জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত। স্বচ্ছতা হি সেৱা ২০২৩-ৰ সৰ্বাধিক চৰ্চিত বিষয়বস্তু, "আৱৰ্জনা মুক্ত ভাৰত", শ্ৰমদান কাৰ্যকলাপ আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ জৰিয়তে মুকলিত শৌচ মুক্ত পৰিবেশক তৰান্বিত কৰিছে৷

স্বচ্ছ ভাৰত মিছনৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে জন আন্দোলনৰ  বিষয়ত  গুৰুত্ব আৰোপ কৰা হৈছে। এই বাৰ্ষিক প্ৰচাৰৰ কেইবাটাও উদ্দেশ্য আছে যেনে-  মুকলিত শৌচ মুক্ত গাঁওসমূহৰ বাবে মানুহক একত্ৰিত কৰা, "সকলোৰে মূল বিষয়  হিচাপে অনাময়, গাওঁ এলেকাবোৰত  স্বচ্ছ ভাৰত দিৱসৰ উদ্যাপন কৰা, স্থানীয় সংস্থাসমূহক ৰাজহুৱা স্থানত স্বচ্ছতা  অভিযানৰ নেতৃত্ব দিয়াৰ ক্ষমতা প্ৰদান কৰা আৰু গ্ৰাম্য তথা নগৰ অঞ্চলত অনাময় সম্পদ শক্তিশালী তথা পুনৰুজ্জীৱিত কৰা।"

স্বচ্ছতা হি সেৱা-২০২৩-ৰ আটাইতকৈ উল্লেখযোগ্য দিশবোৰৰ ভিতৰত এটা হ'ল ই লাভ কৰা অভূতপূৰ্ব অংশগ্ৰহণ। মাত্ৰ ১২ দিনত সমগ্ৰ দেশৰ পৰা ২২.৪২ কোটিৰো অধিক লোকে এই অভিযানত অংশগ্ৰহণ কৰিছে,দেশজুৰি গড়ে ১.৮৫ কোটি লোকে প্ৰতিদিনে এই  অভিযানত যোগদান কৰিছে। ইয়াৰ  ভিতৰত৮.৪৩ কোটিতকৈও অধিক নাগৰিকে শ্ৰমদান কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে, ২.৬৮ লাখ লোকে স্বচ্ছ ভাৰত মিছন কাৰ্যকলাপত স্বেচ্ছামূলক শ্ৰমদানেৰে অৱদান আগবঢ়াইছে।

স্বচ্ছতা হি সেৱা ২০২৩-ত  ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্বচ্ছ ভাৰত মিছন দলৰ বাহিৰেও  ৬১ টা অংশীদাৰ মন্ত্ৰালয় আৰু বিভাগ অন্তৰ্ভুক্ত হৈ আছে। এই সহযোগিতামূলক প্ৰচেষ্টাত যেতিয়া  বিভিন্ন অংশীদাৰসকলে অনাময় আৰু পৰিচ্ছন্নতাৰ মান উন্নত কৰিবলৈ একত্ৰিত হয় তেতিয়াই  সাফল্য  কঢ়িয়াই আনে ৷

শেষত, স্বচ্ছতা অভিযানৰ বাবে ট্ৰেভেল ফ’ৰ লাইফ  আৰু স্বচ্ছতা হি সেৱা ২০২৩-ৰ ব্যাপক প্ৰচেষ্টা এক পৰিষ্কাৰ, সেউজীয়া আৰু অধিক বহনক্ষম ভৱিষ্যতৰ প্ৰতি ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ দৃষ্টান্ত হিচাপে পৰিগণিত হৈছে। আমি একেলগ হৈ, এক পৰিষ্কাৰ ভাৰত আৰু এক স্বাস্থ্যকৰ গ্ৰহ প্ৰাপ্ত কৰিব পাৰোঁ।

 

ট্ৰেভেল ফ’ৰ লাইফৰ বাবে চিনাক্ত কৰা ১০৮ টা স্থানৰ তালিকা চাবলৈ ইয়াত ক্লিক কৰক(Click Here )

 

                *******



(Release ID: 1961529) Visitor Counter : 125


Read this release in: English , Urdu , Hindi