উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
স্বচ্ছতা, শাসন আৰু সেৱা: স্বচ্ছ ভাৰতৰ পথ প্ৰশস্তকৰণ
Posted On:
27 SEP 2023 4:07PM by PIB Guwahati
উত্তৰ পূবাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে ২০২১ চনৰ বেচৰ জ্যেষ্ঠ বিষয়া আৰু তিনিজন আইএএছ প্ৰশিক্ষাৰ্থীৰ সৈতে আজি নতুন দিল্লীৰ বিজ্ঞানভৱন (পৰিশিষ্ট)ত এক সফল শ্ৰমদান কাৰ্যসূচীৰ নেতৃত্ব দিয়ে।
এই কাৰ্যসূচী 'পৰিষ্কাৰ আৰু স্বাস্থ্যৱান ভাৰত'ৰ দৃষ্টিভংগীক সক্ৰিয়ভাৱে প্ৰতিষ্ঠা কৰাৰ অৰ্থে উত্তৰ-পূবাঞ্চল উন্নয়ন মন্ত্ৰালয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ এক নিদৰ্শন আছিল। স্বচ্ছতা অভিযানত উৎসাহজনক অংশগ্ৰহণে দেশৰ কল্যাণত ইতিবাচক প্ৰভাৱ পেলায়।
শ্ৰমদানৰ সময়ত অংশগ্ৰহণকাৰীসকলে স্বচ্ছতা, সুশাসন আৰু সমৰ্পিত ৰাজহুৱা সেৱাৰ প্ৰচাৰৰ বাবে তেওঁলোকৰ দৃঢ় সংকল্পৰ কথা দোহাৰে, যি স্বচ্ছ ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে।
শ্ৰীযুত চঞ্চল কুমাৰ, সচিব উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়, জ্যেষ্ঠ বিষয়া আৰু যুৱ আই.এ.এছ. প্ৰশিক্ষাৰ্থীসকলে সামূহিক প্ৰচেষ্টাৰে অংশগ্ৰহণ কৰা স্বচ্ছতা কাৰ্যসূচী ব্যক্তি আৰু সংগঠনবোৰৰ বাবে স্বচ্ছতাৰ দিশত একত্ৰিত হোৱাত প্ৰেৰণাদায়ক উদাহৰণ হিচাপে চিহ্নিত হৈছে।
উত্তৰপূবাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব শ্ৰীযুত চঞ্চল কুমাৰে পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানত উৎসাহজনক অংশগ্ৰহণৰ বাবে সমগ্ৰ দলটোলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কেৱল তেওঁলোকৰ কাৰ্যালয়তে নহয়, সমগ্ৰ দেশৰ প্ৰতিষ্ঠানসমূহতো স্বচ্ছতা বৃদ্ধিৰ বাবে মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে।
এই শ্ৰমদান পদক্ষেপৰ সফল ৰূপায়ণে উত্তৰ-পূবাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি থকা দায়বদ্ধতা আৰু স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতিৰ কথাৰ প্ৰতিফলন ঘটাইছে। তেওঁলোকৰ এনে প্ৰচেষ্টাত স্বচ্ছতা হি সেৱা অভিযান আৰু আৱৰ্জনামুক্ত ভাৰত গঢ়ি তোলাৰ বৃহত্তৰ আন্দোলনৰ কথা প্ৰতিফলিত হৈছে৷
****
(Release ID: 1961526)
Visitor Counter : 129