হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
ভাৰতৰ সাত ভনী ৰাজ্যত স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰচাৰ
Posted On:
27 SEP 2023 5:25PM by PIB Guwahati
সৰ্ববৃহৎ অনাময় অভিযান - স্বচ্ছ ভাৰত মিছন আৰম্ভ হোৱাৰ পিছৰে পৰা যোৱা ৯ বছৰত ভাৰতত স্বচ্ছতাৰ এক নৱজাগৰণৰ উন্মেষ ঘটিছে। নিজৰ ৰাষ্ট্ৰক স্বচ্ছ কৰাৰ বাবে সংবেদনশীলতা আৰু আৱেগ সমগ্ৰ দেশতে প্ৰতিধ্বনিত হৈছে। স্বচ্ছতা পখৱাড়া – স্বচ্ছতা হি সেৱা ২০২৩-এ গ্ৰাম্য আৰু নগৰাঞ্চলত স্বচ্ছতাৰ পদক্ষেপ বৃদ্ধি কৰিছে। ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ (স্বচ্ছ ভাৰত দিৱস) উদযাপন কৰা পখৱাড়াৰ অধীনত ইতিমধ্যে ১৩ কোটিৰো অধিক লোকে জন আন্দোলনত যোগদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে 'মন কি বাত'ত ১ অক্টোবৰৰ পুৱা ১০ বজাত স্বচ্ছতাৰ বাবে 'এক তাৰেখ এক ঘন্টা এক সাথ' অৰ্থাৎ দেশৰ নাগৰিকসকলক ১ ঘণ্টাৰ শ্ৰমদানৰ বাবে আহ্বান জনাইছিল । তেওঁ কৈছিল যে, গান্ধী জয়ন্তীৰ প্ৰাকমুহূৰ্তত বাপুৰ বাবে এয়া এক সামূহিক 'স্বচ্ছঞ্জলি' হ'ব।
জন আন্দোলনৰ উৎসাহ আৰু উদ্দীপনাই দেশখনক আকৰ্ষিত কৰিছে। এই ক্ষেত্ৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে সমানে উৎসাহ আৰু উদ্দীপনা প্ৰদৰ্শন কৰিছে। পখৱাড়া আৰম্ভ হোৱাৰ পিছৰে পৰা মেঘালয়ে যথেষ্ট সংখ্যক নাগৰিকক আকৰ্ষিত কৰি কেইবাটাও স্বচ্ছতা অভিযানৰ আয়োজন কৰিছে। ৰাজ্যখনত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা সজাগতা সমদল, অগ্নি নিৰ্বাপক সেৱাৰ ক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, অনাময় কৰ্মী আৰু কৰ্মচাৰীৰ দ্বাৰা বিদ্যালয়ৰ পাৰ্কিং লট, কেণ্টনমেণ্ট ব'ৰ্ডৰ কৰ্মচাৰীৰ দ্বাৰা পাইনৱাক এলেকাত পথৰ কাষৰ হাবি কাটি, অনাময় কৰ্মীৰ দ্বাৰা বজাৰত পৰিষ্কাৰ অভিযান, দেৱালত চিত্ৰাংকনৰ প্ৰচেষ্টা, পথৰ কাষৰ নলা পৰিষ্কাৰ কৰা আৰু হোৱাইটৱাছ কৰা দেখা গৈছে। চাফাই মিত্ৰসকলৰ বাবে কেইবাটাও স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় আৰু সজাগতা ৰেলীও অনুষ্ঠিত হৈছিল। প্ৰায় ১৪০০ নাগৰিক স্বেচ্ছাসেৱকে বিভিন্ন স্বচ্ছতা কাৰ্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
ছিকিমৰ গেংটকত, প্ৰকল্প ব্যৱস্থাপনা গোটৰ কাৰ্যালয়ৰ ওচৰৰ লাল বজাৰ এলেকাত পৌৰ নিগমে পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান চলায়। প্ৰকল্প ব্যৱস্থাপনা গোটৰ কৰ্মচাৰী, ডি.এ.ইউ.এল.এম. আৰু আত্মসহায়ক গোটৰ সদস্যসকলে অংশগ্ৰহণ কৰি, পাচলি বজাৰলৈ যোৱা ফুটপাথৰ কাষৰ এলেকা ভালদৰে পৰিষ্কাৰ কৰা হয়। নামচি পৌৰ পৰিষদেও নামচি বজাৰৰ কাষৰ অঞ্চলসমূহত পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান চলাইছিল। চেণ্ট্ৰেল পাৰ্ক, নিউ এক্সটেনচন ৰোড, জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু বাগিচাৰ চৌহদ সামৰি লোৱা এলেকা পৰিষ্কাৰ কৰা হয়। নামচি পৌৰ পৰিষদৰ অধ্যক্ষ, কাউঞ্চিলৰ, এমইঅ', বজাৰ সমিতিৰ সদস্য, এছএইচজি আৰু নামচি পৌৰ পৰিষদৰ কৰ্মচাৰীৰ উপস্থিতিত এই অভিযান কাৰ্যকৰীভাৱে পৰিচালনা কৰা হৈছিল।
নাগালেণ্ডত, শিক্ষাৰ্থীসকলক এই কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰে। স্বচ্ছ ভাৰত ৱোখা নগৰ পৰিষদৰ বাবে অৱদান অব্যাহত ৰাখি, শিক্ষাৰ্থীসকলক জনসাধাৰণৰ আগত তথ্য প্ৰচাৰ কৰিবলৈ তালিকাভুক্ত কৰে। চহৰখনৰ মাজভাগত বাটৰ নাট তথা সজাগতা প্ৰদৰ্শন কৰি, শিক্ষাৰ্থীসকলে স্বচ্ছতাৰ ওপৰত বাৰ্তা প্ৰেৰণ কৰে। বাটৰ নাটখনে আমাৰ কাৰ্যকলাপে পৃথিৱী মাতৃক কেনেদৰে প্ৰভাৱিত কৰিছে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰদৰ্শন কৰা হয়; লগতে অনুপযুক্ত আৱৰ্জনা নিষ্কাশন; অনুপযুক্ত আৱৰ্জনা নিষ্কাশনৰ স্বাস্থ্যৰ বিপদ; একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিপদ, আৰু আৱৰ্জনা নিয়ন্ত্ৰণ কৰা আৰু চাৰিওফাল পৰিষ্কাৰ ৰখা ওপৰতো গুৰুত্ব আৰোপ কৰে।
ত্ৰিপুৰাৰ আম্বাচা পৌৰ পৰিষদে বিশ্ব গাড়ী মুক্ত দিৱস উপলক্ষে এখন চাইকেল যাত্ৰাৰ আয়োজন কৰিছিল আৰু আৱৰ্জনা মুক্ত আম্বাচা আৰু প্ৰদূষণ মুক্ত আম্বাছাৰ বিষয়বস্তুৰ অধীনত যুৱক-যুৱতীসকলে এই সমদলৰ নেতৃত্ব দিয়ে। কৈলাশহৰ পৌৰ পৰিষদেও এক স্বচ্ছতা সমদলৰ আয়োজন কৰে।
মণিপুৰত কুম্বি আৰু জিৰিভাম, শুকান আৱৰ্জনা পৃথকীকৰণ কাৰ্যকলাপ, পাকঘৰৰ আৱৰ্জনাসহ তিতা আৱৰ্জনা পৃথকে সংগ্ৰহ কৰা হৈছিল, নলা, পথৰ কাষ, শৌচালয় আদিও পৰিষ্কাৰ কৰা হৈছিল, তিতা আৱৰ্জনা প্ৰকল্পত সঠিক সাৰ ৰখাৰ বাবে আৱৰ্জনা বাহনত অপতৃণ গছ কাটি সংগ্ৰহ কৰা হৈছিল। জিৰিবাম পৌৰ পৰিষদৰ দ্বাৰা জিৰিবাম ৰে'ল ষ্টেচনতো স্বচ্ছতা অভিযানৰ আয়োজন কৰা হৈছিল। ৰে'লপথত লগিং, প্লেটফৰ্ম পৰিষ্কাৰ কৰা আৰু মুখ্য পথৰ পৰা প্লেটফৰ্মলৈ যোৱা পথটো পৰিস্কাৰ কৰা হয়।
চলিত স্বচ্ছতা হি সেৱা অভিযানৰ অধীনত, অসমৰ গুৱাহাটীৰ ৩৩ তম বেটেলিয়ন আইটিবিপিৰ দ্বাৰা এক স্বচ্ছতা অভিযানৰ কাৰ্যকৰী কৰা হৈছিল। যোৰহাট আৰু তিতাবৰৰ এনএছএছ স্বেচ্ছাসেৱকসকলে তেওঁলোকৰ ওচৰৰ অঞ্চল,পৰিষ্কাৰ কৰাৰ উপৰিও বিভিন্ন পৰিচ্ছন্নতা কাৰ্যকলাপৰ আয়োজন কৰে। আকাশবাণী আইজলেও 'স্বচ্ছতা হি সেৱা অভিযান'ত যোগদান কৰে আৰু 'স্বচ্ছ ভাৰত'ৰ বাবে প্ৰতিশ্ৰুতি লয়। অৰুণাচল প্ৰদেশত ৫৫তম বেটেলিয়ন আইটিবিপিৰ দ্বাৰা চেলাত স্বচ্ছতা অভিযানৰ কাৰ্যসূচী হাতত লোৱা হয়।
সাতভনী ৰাজ্যই স্বচ্ছতা পখৱাড়াত যথেষ্ট উৎসাহেৰে যোগদান কৰিছে আৰু স্বচ্ছ ভাৰতৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে।
(Release ID: 1961522)
Visitor Counter : 159