হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

সেউজ আভাৰ দিশে অসম

বাঁহেৰে নিৰ্মাণ কৰা মণ্ডপেৰে গণেশ পূজাৰ আয়োজন

Posted On: 22 SEP 2023 5:36PM by PIB Guwahati

                                                           

গণেশ পূজা হৈছে ভাৰতৰ এক আনন্দদায়ক উৎসৱ, যি ধৰ্মীয় ভক্তিতকৈ বহু ওপৰত। আধ্যাত্মিক উৎসাহৰ বাহিৰেও, গণেশ পূজা বহনক্ষম উৎসৱৰ প্ৰতীক হৈ পৰিছে, যি পৰিৱেশ-অনুকূল অনুশীলনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই উৎসৱসমূহত প্লাষ্টিকৰ দ্বাৰা হোৱা পাৰ্শ্বক্ৰিয়া পৰিহাৰ কৰিবলৈ, বহু ৰাজ্যই এতিয়া বহনক্ষম সমাধান গ্ৰহণ কৰিছে। এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি, অসমে পৰম্পৰা আৰু পাৰিপাৰ্শ্বিক দায়বদ্ধতা দুয়োটাৰ প্ৰতি সচেতনতা প্ৰদৰ্শন কৰি বাঁহৰ মণ্ডপ নিৰ্মাণেৰে গণেশ পূজা উদযাপন কৰাৰ সিদ্ধান্ত লয়।

 

চলিত স্বচ্ছতা পষেকত,ডিগবৈ পৌৰসভাই ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ সহযোগত ১৯ৰ পৰা ২১ ছেপ্টেম্বৰ ২০২৩ লৈ প্লাষ্টিক-মুক্ত গণেশ পূজা উদযাপন কৰে।অনুষ্ঠানটো আইঅ'চি ৰোডৰ ডাক্কা লাইনৰ কাষৰ এক মনোৰম স্থানত অনুষ্ঠিত হৈছিল।ইয়াত অসমৰ সংস্কৃতিক সাৰাংশ ৰূপত দেখুওৱা হৈছিল। উৎসৱৰ পৰা প্লাষ্টিক পৰিহাৰ কৰাৰ বাবে, আয়োজকসকলে বাঁহক এক বহনক্ষম আৰু স্থানীয় সম্পদ হিচাপে বাছনি কৰি লয়। এই অনুষ্ঠানত বাঁহেৰে মূৰ্তি,  প্ৰৱেশ দ্বাৰ নিৰ্মাণ আৰু পৰম্পৰাগত জাপিৰে পাগুৰি আৰু খৰাহীয়ে পৰম্পৰাগত সাজ-সজ্জাত মুখ্য ভূমিকা পালন কৰিছিল। বাঁহৰ এই সহজ ব্যৱহাৰে এই সামগ্ৰীৰ বহুমুখীতা প্ৰদৰ্শন কৰাই নহয়, লগতে বহনক্ষমতাকো প্ৰদৰ্শন কৰে।

অনুষ্ঠানটোত প্ৰতিদিনে প্ৰায় ২০০জন লোক  উপস্থিত হয়, যাৰ ফলত তিনিদিনীয়া অনুষ্ঠানটোত ৬০০ জন লোকে সামূহিক অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ মুখ্য লক্ষ্য আছিল, এনে এক উৎসৱ উদযাপন কৰা যিয়ে মানুহক আধ্যাত্মিকভাৱে শক্তিশালী অনুভৱ কৰোৱাৰ লগতে তেওঁলোকক স্বচ্ছতা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা।

অনুষ্ঠানটোত আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনবোৰৰ ভিতৰত এটা আছিল প্লাষ্টিকৰ মালাৰ সলনি পৰম্পৰাগত 'গামোচা' ব্যৱহাৰ। গামোচাক পৰিৱৰ্তনৰ প্ৰতীক ৰূপে ব্যৱহাৰ কৰা হৈছিল। পেণ্ডেলৰ আৱৰণক কাপোৰেৰে সলনি কৰা হৈছিল, প্লাষ্টিকৰ ফুলৰ বিকল্প হিচাপে প্ৰাকৃতিক ফুলেৰে মণ্ডপটো সজোৱা হৈছিল যাৰ ফলত আয়োজনথলী এক মনোমোহা সুগন্ধিৰে ভৰি উঠিছিল

আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সমগ্ৰ পেভিলিয়ন চৌহদত পৃথক ডাষ্টবিন ৰখাৰ ব্যৱস্থা কৰা হয়।ডাষ্টবিনৰ আৱৰ্জনাৰ সঠিক নিষ্কাশনত আৰু দায়িত্বশীল আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।সম্ভৱতঃ আটাইতকৈ আকৰ্ষণীয় পৰিৱৰ্তনসমূহৰ ভিতৰত এটা আছিল সকলো অংশগ্ৰহণকাৰী আৰু অনুষ্ঠানটোৰ আয়োজক সমিতিৰ দ্বাৰা একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা। এই পদক্ষেপে প্লাষ্টিক-মুক্ত সামূহিক সংকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ডিগবৈত প্লাষ্টিক-মুক্ত গণেশ পূজা আয়োজনে কেৱল চহৰখনৰ সাংস্কৃতিক ঐতিহ্যক শক্তিশালী কৰাই নহয়, দায়িত্বশীল অনুষ্ঠান ব্যৱস্থাপনাৰ এক উজ্জ্বল উদাহৰণো দাঙি ধৰিছে।এইটোৱে প্ৰমাণ কৰিলে যে  পৰম্পৰা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সমৰ্পণ একেলগে ধৰি ৰাখিব পাৰি।অনুষ্ঠানৰ শেষত সমাপ্ত হোৱাৰ লগে লগে, অংশগ্ৰহণকাৰীসকলৰ আনন্দ আৰু প্ৰাচীন পৰিৱেশে সকলোৰে বাবে এক চিৰস্মৰণীয় ছাপ এৰি যায়, যি অনাগত ভৱিষ্যতত বহনক্ষম উৎসৱৰ সৌন্দৰ্যক গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে। উল্লেখ্য যে, সমগ্ৰ দেশতে স্বচ্ছতা পখৱাড়াৰ উৎসাহে প্ৰতিজন নাগৰিকক মন্ত্ৰমুগ্ধ কৰি তুলাৰ লগতে বৰ্তমানলৈকে দুই কোটিতকৈও অধিক নাগৰিকে স্বচ্ছতা আন্দোলনত যোগদান কৰিছে।



(Release ID: 1959805) Visitor Counter : 77