কেবিনেট

উজ্জ্বলা যোজনাৰ সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন

৩ বছৰত মুকলি কৰিব ৭৫ লাখ অতিৰিক্ত এল পি জি সংযোগ

ইয়াৰ ফলত পিএমইউৱাই হিতাধিকাৰীৰ মুঠ সংখ্যা ১০.৩৫ কোটিলৈ বৃদ্ধি পাব

Posted On: 13 SEP 2023 6:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ চনলৈ তিনি বছৰৰ ভিতৰত ৭৫ লাখ এলপিজি সংযোগ মুকলি কৰাৰ বাবে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা (পিএমইউৱাই) সম্প্ৰসাৰণত অনুমোদন জনাইছে। ৭৫ লাখ অতিৰিক্ত উজ্জ্বলা সংযোগৰ ব্যৱস্থা কৰিলে পিএমইউৱাইৰ মুঠ হিতাধিকাৰীৰ সংখ্যা ১০.৩৫ কোটিলৈ বৃদ্ধি পাব।

২০১৪-২০২৩লৈ মুল এলপিজি সবিশেষ

 

(ইউনিট)

০১.০৪.২০১৪

০১.০৪.২০১৬

০১.০৪.২০২৩

ৰাষ্ট্ৰীয় এল পি জি কভাৰেজ

%

৫৫.৯০%

৬১.৯%

প্ৰায় ১০০শতাংশ

অ’এমচিৰ বটলিং প্লাণ্টৰ সংখ্যা

সংখ্যাত

১৮৬

১৮৮

২০৮

ভাৰতত এলপিজি বিতৰকৰ সংখ্যা

সংখ্যাত

১৩৮৯৬

১৭৯১৬

২৫৩৮৬

ভাৰতত ঘৰুৱা সক্ৰিয় এলপিজি গ্ৰাহক

লাখত

১৪৫১.৭৬

১৬৬২.৫

৩১৪০.৩৩

 

উজ্জ্বলা ২.০ৰ বৰ্তমানৰ পদ্ধতি অনুসৰি উজ্জ্বলা হিতাধিকাৰীসকলক প্ৰথমটো ভৰ্তি চিলিণ্ডাৰ আৰু ষ্ট’ভো বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।

প্ৰতি বছৰে ১২টা প্ৰতি ১৪.২ কেজি ভৰ্তি চিলিণ্ডাৰলৈকে ২০০ টকাৰ ৰাজসাহায্য পিএমইউৱাই গ্ৰাহকক প্ৰদান কৰা হৈছে। পিএমইউৱাই অব্যাহত নাৰাখিলে বহু যোগ্য দৰিদ্ৰ পৰিয়ালে আঁচনিৰ অধীনত উচিত সুবিধা লাভ কৰিব নোপোৱাৰ সম্ভাৱনা আছে৷

পৰিষ্কাৰ ৰন্ধন সুবিধাৰ জৰিয়তে মহিলাৰ জীৱন-যাপনৰ সহজতা

বিশ্ব স্বাস্থ্য সংস্থাৰ (হু) তথ্য অনুসৰি, বিশ্বজুৰি প্ৰায় ২.৪ বিলিয়ন লোকে (যিটো বিশ্বৰ জনসংখ্যাৰ প্ৰায় এক তৃতীয়াংশ),  জুই বা কেৰাচিন, জৈৱবস্তু (যেনে-কাঠ, পশুৰ গোবৰ আৰু শস্য) বা অদক্ষ চৌকা অথবা আৱৰ্জনা),কয়লাৰে ৰন্ধা বহা কৰে। ইয়াৰ ফলত ক্ষতিকাৰক ঘৰুৱা বায়ু প্ৰদূষণৰ সৃষ্টি হয়, যাৰ ফলত ২০২০ চনত বছৰি আনুমানিক ৩২ লাখ লোকৰ মৃত্যু হয়, এই মত্যু হোৱা লোকসকলৰ ভিতৰত  ২,৩৭,০০০ৰো অধিক ৫ বছৰৰ তলৰ শিশু৷ এক বহনক্ষম আৰু প্ৰদূষণমুক্ত ভৱিষ্যৰ প্ৰতি লক্ষ্য ৰাখি মহিলা আৰু শিশুৰ মাজত দুখ-কষ্ট উপশম কৰাটো অতি প্ৰয়োজন।

 

বিগত সময়ত ভাৰতৰ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ লোকসকলে স্বাস্থ্যজনিত বিৰূপ প্ৰভাৱৰ বিষয়ে নজনাৰ বাবে খৰি, কয়লা আৰু গোবৰৰ পিঠাৰ দৰে পৰম্পৰাগত ইন্ধন ব্যৱহাৰ কৰিছিল৷ ফলস্বৰূপে তেওঁলোকে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। নিউমোনিয়া, হাওঁফাওঁৰ কেন্সাৰ, ইস্কেমিক হাৰ্ট আৰু দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বাবে মৃত্যুৰ আশংকা বৃদ্ধি পোৱাৰ বিষয়ে বহুলভাৱে চৰ্চা হৈছে। ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা অনবীকৰণযোগ্য কাঠৰ ইন্ধনে এক গিগাটন কাৰ্বনডাউ অক্সাইড নিৰ্গমনৰ সৃষ্টি কৰে আৰু আৱাসিক কঠিন ইন্ধন জ্বলোৱাৰ ফলতা হোৱা ক'লা কাৰ্বন নিৰ্গমনৰ পৰিমাণ ৫৮ শতাংশ। কঠিন জৈৱবস্তুৰ অসম্পূৰ্ণ দহনৰ বাবে ঘৰুৱা বায়ু প্ৰদূষণ (এইচএপি)তো ইয়াৰ যথেষ্ট অৰিহণা যোগায়।

গৱেষণাৰ পৰা জানিব পৰা গৈছে যে এইটো এটা লিংগ সমস্যা: ছোৱালী আৰু মহিলাসকলে কঠিন ইন্ধনৰ মোকাবিলা কৰিব লাগে৷ কঠিন ইন্ধনেৰে ৰন্ধা-বঢ়া কৰিলে ৰাষ্ট্ৰসংঘৰ বহনক্ষম পাঁচটাৰ দিশত অগ্ৰগতি বিলম্ব হয়৷

পিএমইউৱাই আঁচনিখনে মহিলাসকলক অৰ্থনৈতিক আৰু সামাজিকভাৱে সবল কৰি তুলিছে। এলপিজিৰ সহজ সুবিধাৰ বাবে মহিলাসকলে খৰি বা অন্যান্য পৰম্পৰাগত ইন্ধন সংগ্ৰহৰ কামত আৰু বোজা নপৰে, যাৰ বাবে প্ৰায়ে দীঘলীয়া আৰু কষ্টকৰ যাত্ৰাৰ প্ৰয়োজন হৈছিল। এই নতুনকৈ পোৱা সুবিধাই তেওঁলোকক সামূহিক জীৱনত অধিক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু অন্যান্য আয় সৃষ্টিকাৰী সুযোগ গ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান কৰে৷

তদুপৰি উজ্জ্বলা আঁচনিখনে মহিলাসকলৰ সুৰক্ষা আৰু নিৰাপত্তা বৃদ্ধিত অৰিহণা যোগাইছে, কিয়নো তেওঁলোকে খৰি বা ইন্ধন সংগ্ৰহ কৰিবলৈ বিচ্ছিন্ন আৰু সম্ভাৱ্যভাৱে অসুৰক্ষিত অঞ্চলত এতিয়া যোৱাৰ প্ৰয়োজন নাই।

এলপিজি কভাৰেজ সম্প্ৰসাৰণৰ পদক্ষেপ

১) পহল (প্ৰত্যক্ষ লাভ হস্তান্তৰ): ৰাজসাহায্যযুক্ত মূল্যত এলপিজি চিলিণ্ডাৰ যোগান ধৰাৰ পৰিৱৰ্তে সেইবোৰ বজাৰ মূল্যত বিক্ৰী কৰা হৈছিল আৰু প্ৰযোজ্য ৰাজসাহায্য পোনপটীয়াকৈ ব্যক্তিৰ বেংক একাউণ্টলৈ ইলেক্ট্ৰনিকভাৱে স্থানান্তৰ কৰা হৈছিল। ইয়াৰ ফলত "ভুৱা" একাউণ্ট আৰু বাণিজ্যিক উদ্দেশ্যত ঘৰুৱা চিলিণ্ডাৰৰ অবৈধ ব্যৱহাৰ হ্ৰাস পালে, যাৰ ফলত কেৱল যোগ্য হিতাধিকাৰীসকলেহে সুবিধা লাভ কৰাটো নিশ্চিত হ'ল।

২) গিভ ইট আপঃ ৰাজসাহায্য বলপূৰ্বকভাৱে আঁতৰোৱাৰ পৰিৱৰ্তে মানুহক স্বেচ্ছাই ৰাজসাহায্য আত্মসমৰ্পণ কৰিবলৈ উৎসাহিত কৰা হৈছিল। ব্যাপক প্ৰচাৰৰ জৰিয়তে লাখ লাখ লোকে স্বেচ্ছাই ৰাজসাহায্য এৰি দিলে, যিয়ে এলপিজি চিলিণ্ডাৰ লাভ কৰাত সঁচাকৈয়ে সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক সহায় কৰিলে।

৩) ২০২০ চনত ক’ভিড-১৯ মহামাৰীৰ লকডাউনৰ সময়ত প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ অধীনত বিনামূলীয়া ভৰ্তি চিলিণ্ডাৰ আঁচনি ৰূপায়ণ কৰা হয়। এই আঁচনিৰ অধীনত ১৪.১৭ কোটি এলপিজি পুনৰ ভৰ্তি চিলিণ্ডাৰৰ বাবদ পিএমইউৱাই হিতাধিকাৰীক ৯৬৭০.৪১ কোটি টকা প্ৰদান কৰা হয়।

৪) ২০১৮-১৯ চনত পিএমইউৱাই হিতাধিকাৰীৰ জনমূৰি ব্যৱহাৰ ৩.০১ ৰ পৰা ২০২২-২৩ চনত ৩.৭১ লৈ বৃদ্ধি পাইছে। পিএমইউৱাইৰ হিতাধিকাৰীসকলে এতিয়া (২০২২-২৩) বছৰি ৩৫ কোটিতকৈ অধিক এলপিজি পুনৰ ভৰ্তি কৰিছে৷

*****



(Release ID: 1957207) Visitor Counter : 93