কেবিনেট

ডিজিটেল ৰূপান্তৰৰ বাবে জনসংখ্যা অনুসৰি ৰূপায়িত সফল ডিজিটেল সমাধানৰ ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰত আৰু ছিয়েৰা লিয়নৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাত মন্ত্ৰীসভাই অনুমোদন জনায়

Posted On: 13 SEP 2023 3:21PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভাৰত গণৰাজ্যৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু ছিয়েৰা লিয়ন গণৰাজ্যৰ তথ্য আৰু যোগাযোগ মন্ত্ৰালয়ৰ মাজত ডিজিটেল ট্ৰেন্সফৰ্মেচনৰ বাবে জনসংখ্যা স্কেলত ৰূপায়িত সফল ডিজিটেল সমাধানসমূহ ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা কাৰ্যক ১২ জুন ২০২৩ তাৰিখে অনুমোদন জনাইয়।

এই বুজাবুজি চুক্তিখনে দুয়োখন দেশৰ ডিজিটেল ৰূপান্তৰমূলক পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা আৰু অভিজ্ঞতাৰ আদান-প্ৰদান আৰু ডিজিটেল প্ৰযুক্তিভিত্তিক সমাধান (যেনে INDIA STACK) প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখিছে। বুজাবুজি চুক্তিয়ে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত নিয়োগৰ সুযোগৰ সূচনা কৰা উন্নত সহযোগিতাৰ কথা কল্পনা কৰিছে।

এই বুজাবুজি চুক্তি পক্ষসমূহৰ স্বাক্ষৰৰ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব আৰু ৩ বছৰৰ বাবে বলৱৎ থাকিব।

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ ক্ষেত্ৰত জি টু জি আৰু বি টু বি দুয়োটা দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰা হ’ব। এই বুজাবুজি চুক্তিত চিন্তা কৰা কাৰ্যকলাপসমূহৰ বিত্তীয় সাহায্য তেওঁলোকৰ প্ৰশাসনৰ নিয়মীয়া পৰিচালনা আৱণ্টনৰ জৰিয়তে কৰা হ’ব।

আইচিটি ডমেইনত দ্বিপাক্ষিক আৰু বহুপক্ষীয় সহযোগিতা গঢ়ি তোলাৰ বাবে মেইটি (MeitY)য়ে কেইবাখনো দেশ আৰু বহুপক্ষীয় সংস্থাৰ সৈতে সহযোগিতা আগবঢ়াইছে। এই সময়ছোৱাত মেইটিয়ে আইচিটি ডমেইনত সহযোগিতা আৰু তথ্য বিনিময়ক প্ৰসাৰিত কৰাৰ বাবে বিভিন্ন দেশৰ সমকক্ষ সংস্থা/এজেন্সীৰ সৈতে বুজাবুজি/এমঅ’চি/চুক্তিত স্বাক্ষৰ কৰিছে। এই কথা ভাৰত চৰকাৰে ডিজিটেল ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত, মেক ইন ইণ্ডিয়া আদি বিভিন্ন পদক্ষেপৰ সৈতে সংগতি ৰাখি দেশখনক ডিজিটেল সবল সমাজ আৰু জ্ঞান অৰ্থনীতিলৈ ৰূপান্তৰিত কৰিব। এই পৰিৱৰ্তিত আৰ্হিত ব্যৱসায়িক সুযোগসমূহ অন্বেষণ কৰা, উত্তম পদ্ধতিসমূহৰ অংশীদাৰিত্ব আৰু পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ডিজিটেল খণ্ডত বিনিয়োগ আকৰ্ষণ কৰাৰ অচিৰেই প্ৰয়োজনীয়তা আহি পৰিছে।

যোৱা কেইবছৰমানৰ পৰা ভাৰতে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডি পি আই) ৰূপায়ণৰ ক্ষেত্ৰত নিজৰ নেতৃত্ব প্ৰদৰ্শন কৰি কোভিড মহামাৰীৰ সময়তো জনসাধাৰণৰ বাবে সেৱা প্ৰদান সফলভাৱে আগবঢ়াইছে। ফলত বহু দেশে ভাৰতৰ অভিজ্ঞতাৰ পৰা শিকিবলৈ আৰু ভাৰতৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

ইণ্ডিয়া ষ্টেক ছলিউচন হৈছে জনসংখ্যাৰ পৰিসৰত ভাৰতে ৰাজহুৱা সেৱাৰ প্ৰৱেশ আৰু প্ৰদান কৰিবলৈ বিকশিত আৰু ৰূপায়ণ কৰা ডিপিএল যাৰ লক্ষ্য হৈছে অৰ্থপূৰ্ণ সংযোগ প্ৰদান কৰা, ডিজিটেল অন্তৰ্ভুক্তিক প্ৰসাৰ কৰা, আৰু ৰাজহুৱা সেৱাসমূহৰ নিৰৱচ্ছিন্ন প্ৰৱেশ সক্ষম কৰা। এইবোৰ মুক্ত প্ৰযুক্তিৰ ওপৰত নিৰ্মিত, আন্তঃকাৰ্যকৰী আৰু উদ্যোগ আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণক ব্যৱহাৰ কৰিবলৈ ডিজাইন কৰা হৈছে যিয়ে উদ্ভাৱনক লাভান্বিত কৰে। কিন্তু ডিপিআই গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিখন দেশৰ অনন্য প্ৰয়োজন আৰু প্ৰত্যাহ্বান আছে যদিও মৌলিক কাৰ্যক্ষমতা একে, যাৰ ফলত বিশ্বব্যাপী সহযোগিতাৰ সুবিধা হয়।

**********

DS/SKS



(Release ID: 1957032) Visitor Counter : 93