মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

২০২৩ চনৰ ৫ ছেপ্টেম্বৰত ৭৫ গৰাকী নিৰ্বাচিত শিক্ষকক ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে

Posted On: 02 SEP 2023 9:46AM by PIB Guwahati

২০২৩ চনৰ ৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৭৫ গৰাকী নিৰ্বাচিত শিক্ষকক সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। ভাৰতত প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ তাৰিখে ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম বাৰ্ষিকী ৰাষ্ট্ৰীয় শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

শিক্ষকসকলক ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ উদ্দেশ্য হৈছে দেশৰ শিক্ষকসকলৰ অনন্য অৱদানক উজ্জ্বল কৰি তোলা আৰু এনে শিক্ষকসকলক সন্মান জনোৱা যিয়ে নিজৰ দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে স্কুলীয়া শিক্ষাৰ মান উন্নত কৰাই নহয়, ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনকো সমৃদ্ধ কৰি তুলিছে। এই বঁটাত মানপত্ৰ, নগদ ৫০ হাজাৰ টকা আৰু ৰূপৰ পদক প্ৰদান কৰা হ’ব। বঁটা বিজয়ীসকলে মাননীয় প্ৰধানমন্ত্ৰীৰ সৈতেও মত বিনিময়ৰ সুযোগ লাভ কৰিব।

শিক্ষক দিৱস উপলক্ষে শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত এক ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰে য'ত কঠোৰ আৰু স্বচ্ছ বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত দেশৰ শ্ৰেষ্ঠ শিক্ষকসকলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। চলিত বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ পৰিসৰ বৃদ্ধি কৰি উচ্চ শিক্ষা বিভাগ আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ শিক্ষকসকলকো সামৰি লোৱা হৈছে। এইবাৰ ৫০ গৰাকী বিদ্যালয়ৰ শিক্ষক, উচ্চ শিক্ষাৰ ১৩ গৰাকী শিক্ষক আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ ১২ গৰাকী শিক্ষকক সন্মান জনোৱা হ’ব।

উদ্ভাৱনীমূলক পাঠদান, গৱেষণা, সম্প্ৰদায়ৰ প্ৰসাৰ আৰু উদ্ভাৱনীমূলক কামক স্বীকৃতি দিয়াৰ লগতে অংশগ্ৰহণ সৰ্বাধিক কৰাৰ উদ্দেশ্যে অনলাইন মোডত মনোনয়ন আমন্ত্ৰণ জনোৱা হৈছিল (জন ভাগীদাৰী)। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই শিক্ষক নিৰ্বাচনৰ বাবে বিশিষ্ট ব্যক্তিৰে গঠিত তিনিটা পৃথক স্বতন্ত্ৰ ৰাষ্ট্ৰীয় জুৰী গঠন কৰিছিল।

******



(Release ID: 1954716) Visitor Counter : 124