গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক গ্ৰীচৰ প্ৰতিষ্ঠিত 'দ্য গ্ৰেণ্ড ক্ৰছ অফ দ্য অৰ্ডাৰ অফ অনাৰ'ৰে সন্মানিত হোৱাত অভিনন্দন জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে সমাজক সংযুক্ত কৰা, হৃদয়ক সংযুক্ত কৰা আৰু ৰাষ্ট্ৰসমূহক একত্ৰিত কৰা নিজৰ অদ্বিতীয় ষ্টেটছমেনশ্বিপৰ জৰিয়তে বিভিন্ন দেশৰ পৰা এটাৰ পাছত আনটো সন্মান অৰ্জন কৰিছে

प्रविष्टि तिथि: 25 AUG 2023 6:01PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক গ্ৰীচৰ প্ৰতিষ্ঠিত 'দ্য গ্ৰেণ্ড ক্ৰছ অফ দ্য অৰ্ডাৰ অফ অনাৰ'ৰে সন্মানিত হোৱাত অভিনন্দন জনাইছে।

গৃহ মন্ত্ৰীয়ে নিজৰ টুইটত কয় যে "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে সমাজক সংযুক্ত কৰা, হৃদয়ক সংযুক্ত কৰা আৰু ৰাষ্ট্ৰসমূহক একত্ৰিত কৰা নিজৰ অদ্বিতীয় ষ্টেটছমেনশ্বিপৰ জৰিয়তে বিভিন্ন দেশৰ পৰা এটাৰ পাছত আনটো সন্মান অৰ্জন কৰিছে। মোদী জীয়ে যিকোনো দেশৰ পৰা লাভ কৰা প্ৰতিটো প্ৰশংসা আমাৰ দেশৰ প্ৰতিজন নাগৰিকৰ বাবে সন্মান। এই পুৰস্কাৰে দেশৰ গৌৰৱ বঢ়ায়। গ্ৰীচত প্ৰতিষ্ঠিত 'দ্য গ্ৰেণ্ড ক্ৰছ অফ দ্য অৰ্ডাৰ অফ অনাৰ'ৰে সন্মানিত হোৱাত মোদী জীক মোৰ আন্তৰিক অভিনন্দন"।

https://x.com/amitshah/status/1695039441751126276?s=48&t=TYQpZk9GYbxE_Un686FYnA

**********


(रिलीज़ आईडी: 1952587) आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Tamil