উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ ‘হাউছ অব মেকনোক’-ৰ প্ৰতিষ্ঠাপক শ্ৰীমতী নিন্না লেগো

২০২২-২০২৩ বৰ্ষৰ 'উদ্যোগী প্ৰতিযোগিতা'ত বিজয়ীৰ খিতাপ

Posted On: 18 AUG 2023 5:15PM by PIB Guwahati

‘হাউছ অব মেকনোক’-ৰ প্ৰতিষ্ঠাপক শ্ৰীমতী নিন্না লেগো হৈছে বহনক্ষম জীৱন যাপন আৰু স্থানীয় শিল্পীসকলৰ সবলীকৰণৰ বাবে উৎসাহী এগৰাকীযুৱতী। অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাত অৱস্থিত মৰিয়াং নামৰ শান্ত চহৰখনত ডাঙৰ-দীঘল হোৱাৰ পিছত তেওঁ জৈৱিক কৃষিৰ লগতে হস্ততাঁত আৰু হস্তশিল্পসামগ্ৰীৰ প্ৰতি গভীৰ ভাবে আকৰ্ষিত হৈছিল। চেন্নাইৰ ‘ড. এমজিআৰ বিশ্ববিদ্যালয়’ৰ পৰা ‘চিভিল ইঞ্জিনীয়াৰিং’-ৰ স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত  নিন্নাই তেওঁৰ পেছাদাৰী দক্ষতা বৃদ্ধি কৰিবলৈ ‘আৰজিইউ’-ৰ পৰা ‘এইচআৰ’ আৰু ‘মাৰ্কেটিং’ত দ্বৈত বিশেষজ্ঞতাৰ সৈতে ‘এমবিএ’ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।

কলা আৰু কাৰুশিল্পৰ প্ৰতি থকা আগ্ৰহৰ সুবাদত নিন্নাই বন্ধুবৰ্গৰ বাবে মণিৰ কাণফুলি আৰু গলমণি আদি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল। হস্তনিৰ্মিত গহনা আৰু জৈৱিক খাদ্যৰ বিশেষ চাহিদাৰ কথা অনুভৱ কৰি  তেওঁ ‘হাউছ অব মেকনোক’ নামৰ প্ৰতিষ্ঠানটো প্ৰতিস্থা কৰিছিল, যিটো প্ৰতিষ্ঠানে কাপোৰ, গহনা, সংৰক্ষক-মুক্ত খাদ্য সামগ্ৰী যেনে স্মকড টী, বনৰীয়া মৌ, আচাৰ, আৰু ঔষধী বনস্পতি আৰু মচলা আদিৰ দৰে জীৱনশৈলীগত সামগ্ৰীৰ উত্পাদন তথা আৰু দায়িত্বশীলভাৱে ‘পেকেজিং’-ৰ এক সাৰ্বজনীন পৰিসৰ আগবঢ়াইছিল।

নিন্নাৰ লক্ষ্য হৈছে অৰুণাচল প্ৰদেশৰ জনজাতিসকলৰ কলাত্মক প্ৰতিভাৰ প্ৰতি পৃথিৱীৰ মনোযোগ আকৰ্ষণ কৰা। স্থিৰতা হৈছে তেওঁৰ ‘ব্ৰেণ্ড’ৰ কেন্দ্ৰবিন্দু, আৰু কাৰ্বনৰ নিৰ্গমণৰ লগতে আৱৰ্জনা হ্ৰাসকৰণক গৌৰৱৰ বিষয় হিচাপে গণ্য কৰি আহিছে।

‘হাউছ অব মেকনোক’-য়ে পোনপটীয়াকৈ দহগৰাকী লোকক নিযুক্তি দিয়ে আৰু নিয়মীয়া কাম, ন্যায্য মজুৰি, আৰু পৰম্পৰাগত আৰু আধুনিক দক্ষতা সামৰি লোৱা এক বিস্তৃত প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰৱেশাধিকাৰৰ সৈতে এশৰো অধিক স্থানীয় শিল্পীক সহযোগিতা আগবঢ়াই আহিছে। এই কাৰ্যসূচীত অন্তৰ্ভুক্ত আছে জৈৱিক কৃষি আৰু প্ৰাকৃতিক ৰঙৰ কৌশলৰ দৰে বহনক্ষম পদ্ধতিৰ প্ৰশিক্ষণ, আৰু সামৰ্থ্য বৰ্দ্ধন, সামগ্ৰী বিকাশ আৰু মান নিয়ন্ত্ৰণত গুৰুত্ব দিয়ে।

ই হৈছে প্ৰায় ৫ লাখ টকাৰ প্ৰাৰম্ভিক বিনিয়োগৰ সৈতে এক স্ব-পুঁজিযুক্ত ব্যৱসায়িক প্ৰতিষ্ঠান। স্থানীয় বজাৰৰ উপৰিও, তেওঁলোকৰ সমগ্ৰ ভাৰত আৰু দক্ষিণ-পূব এছিয়াতো গ্ৰাহক আছে। তেওঁলোকৰ সৰ্বাধিক বিক্ৰী হোৱা সামগ্ৰীবোৰৰ ভিতৰত আছে সুন্দৰ আৰ্হিৰ গহনা, জৈৱিক খাদ্য আৰু ‘সুৰাবিহীন ৱাইন’।

স্বীকৃতিসমূহ:

• মহিলা দিৱস, ২০১৮ আৰু ২০১৯-ত ‘আৰজিইউ’-ত 'দ্য বেষ্ট হেণ্ডমেড ব্ৰেণ্ড' ।

• অৰুণাচল প্ৰদেশ চৰকাৰ-ৰ পৰিকল্পনা আৰু বিনিয়োগ বিভাগে আয়োজন কৰা ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস, ২০২৩-ত 'শ্ৰেষ্ঠ ব্যৱসায় মডেল কেনভাছ' ।

• বিনিয়োগ আৰু পৰিকল্পনা বিভাগৰ অধীনত আইআইএমচিআইপি, এপিআইআইপি-ৰ দ্বাৰা ‘ইনকিউবেচন’ শ্ৰেণীৰ অধীনত 'উদ্যোগী প্ৰতিযোগিতা', ২০২২-২০২৩ ত বিজয়ীৰ খিতাপ অৰ্জন।

• আইআইএম কলকাতাৰ দ্বাৰা ইনকিউবেট কৰা ডনাৰ মন্ত্ৰালয়, উত্তৰ পূব পৰিষষদ-ৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা ‘ইনকিউবেচন’ শ্ৰেণীৰ অধীনত ২০২৩ বৰ্ষৰ বাবে 'নৰ্থ ইষ্ট এণ্টাৰপ্ৰেনিয়ৰশ্বিপ চেলেঞ্জ' (এনইডিপি)ত শ্ৰেষ্ঠত্ব অৰ্জন, আৰু ৰাজ্যখনৰ শীৰ্ষ উদ্যোগী হিচাপে স্থান লাভ কৰিছিল।

• ‘পাৰ্নোড ৰিকাৰ্ড’-ৰ ‘ডব্লিউই চেলেঞ্জ, ২০২২’-ৰ অধীনত শীৰ্ষ ৯ গৰাকী মহিলা উদ্যোগীৰ ভিতৰত এগৰাকী হিচাপে নিৰ্বাচিত।

 

 ****



(Release ID: 1950693) Visitor Counter : 96


Read this release in: English , Urdu , Hindi , Manipuri