কেবিনেট

কেবিনেটে চিটি বাছৰ চলাচল বৃদ্ধিৰ বাবে "পিএম-ইবাছ সেৱা"ক অনুমোদন জনাইছে; সেইসমূহ চহৰক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে যিবোৰত কোনো সংগঠিত বাছ সেৱা নাই

১৬৯ খন চহৰত ৰাজহুৱা- ব্যক্তিগত অংশীদাৰী আৰ্হিত ১০,০০০ ই-বাছ চলোৱা হ'ব; গ্ৰীণ আৰবান মবিলিটী প্ৰচেষ্টাৰ অধীনত ১৮১ খন চহৰত আন্তঃগাঁথনি উন্নীত কৰা হ'ব

Posted On: 16 AUG 2023 4:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজহুৱা- ব্যক্তিগত অংশীদাৰী আৰ্হিত চিটি বাছৰ চলাচল বৃদ্ধিৰ বাবে এখন বাছ আঁচনি "পিএম-ইবাছ সেৱা"ত অনুমোদন জনাইছে, যাৰ জৰিয়তে ১০,০০০ ই-বাছ চলোৱা হব।  আঁচনিখনৰ আনুমানিক ব্যয় হ'ব ৫৭,৬১৩ কোটি টকা। এই ব্যয়ৰ ২০,০০০ কোটি টকাৰ সাহায্য কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব। আঁচনিখনে ১০ বছৰৰ বাবে বাছ পৰিচালনাত সহায় কৰিব।

 

ঢুকি নোপোৱা অঞ্চলসমূহক সামৰি লোৱাঃ

এই আঁচনিখনে ২০১১ চনৰ লোকপিয়ল অনুসৰি তিনি লাখ আৰু তাতকৈ অধিক জনসংখ্যাৰ চহৰসমূহক সামৰি ল'ব, যাৰ ভিতৰত আছে কেন্দ্ৰীয় শাসিত অঞ্চল, উত্তৰ-পূৰ্বাঞ্চল আৰু পাহাৰীয়া ৰাজ্যসমূহৰ সকলো ৰাজধানী চহৰ। এই আঁচনিৰ অধীনত কোনো সংগঠিত বাছ সেৱা নথকা চহৰসমূহক অগ্ৰাধিকাৰ দিয়া হ'ব।

 

প্ৰত্যক্ষ কৰ্মসংস্থাপন সৃষ্টিঃ

এই আঁচনিখনৰ অধীনত প্ৰায় ১০,০০০ চিটি বাছ চলাচল কৰোৱা হব, যাৰ জৰিয়তে ৪৫,০০০ৰ পৰা ৫৫,০০০ পোনপটীয়া নিয়োগ সৃষ্টি হব। 

 

আঁচনিখনৰ দুটা খণ্ড আছেঃ

খণ্ড ক) – চিটি বাছ সেৱা বৃদ্ধি কৰাঃ(১৬৯ খন চহৰ)

অনুমোদিত বাছ আঁচনিখনে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব(পিপিপি) আৰ্হিত ১০,০০০ ই-বাছৰ সৈতে চিটি বাছৰ চলাচল বৃদ্ধি কৰিব।

 

সংশ্লিষ্ট আন্তঃগাঁথনিয়ে ডিপোৰ আন্তঃগাঁথনিৰ বিকাশ/ উন্নীতকৰণৰ বাবে সহায় আগবঢ়াব; আৰু ই-বাছৰ বাবে বিহাইণ্ড দ্য মিটাৰ বিদ্যুত আন্তঃগাঁথনি (উপকেন্দ্ৰ ইত্যাদি)ৰ নিৰ্মাণ সম্ভৱ হব।

 

খণ্ড খ) গ্ৰীণ আৰবান মবিলিটী প্ৰচেষ্টা(জিইউএমআই)ঃ (১৮১খন চহৰ)

আঁচনিখনত বাছৰ অগ্ৰাধিকাৰ, আন্তঃগাঁথনি, মাল্টিমোডেল ইণ্টাৰচেঞ্জ সুবিধা, এনচিএমচি-আধাৰিত স্বয়ংক্ৰিয় ভাড়া সংগ্ৰহ প্ৰণালী, চাৰ্জিং আন্তঃগাঁথনি আদিৰ দৰে গ্ৰীণ পদক্ষেপৰ পৰিকল্পনা কৰা হৈছে।

 

সঞ্চালনৰ বাবে সাহায্যঃ আঁচনিখনৰ অধীনত, ৰাজ্য অথবা চহৰে এই বাছ সেৱা পৰিচালনা কৰা আৰু বাছ অপাৰেটৰসকলক ধন আদায় দিয়াৰ বাবে দায়বদ্ধ হ'ব।  কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱিত আঁচনিখনত নিৰ্ধাৰিত পৰিমাণলৈকে ৰাজসাহায্য প্ৰদান কৰি এই বাছ পৰিচালনাত সহায় কৰিব।

 

ই-গতিশীলতা বৃদ্ধিঃ

 

*এই আঁচনিয়ে ই-গতিশীলতা বৃদ্ধি কৰিব আৰু বিহাইণ্ড দ্য মিটাৰ বিদ্যুত আন্তঃগাঁথনিৰ বাবে সম্পূৰ্ণ সহযোগ আগবঢ়াব।

 

* চহৰসমূহক গ্ৰীণ আৰবান মবিলিটী প্ৰচেষ্টাৰ অধীনত চাৰ্জিং আন্তঃগাঁথনিৰ বিকাশৰ বাবেও সহায় আগবঢ়োৱা হ'ব।

 

* বৈদ্যুতিক গতিশীলতা গ্ৰহণ কৰাৰ ফলত শব্দ আৰু বায়ু প্ৰদূষণ হ্ৰাস হব আৰু কাৰ্বন নিৰ্গমন নিয়ন্ত্ৰণ হব।


 

*************************



(Release ID: 1949791) Visitor Counter : 104