গৃহ মন্ত্ৰালয়

স্বাধীনতা দিৱস, ২০২৩ উপলক্ষে ৯৫৪ গৰাকী আৰক্ষীলৈ আৰক্ষী পদক

ৰাষ্ট্ৰপতিৰ শৌৰ্য্য আৰক্ষী পদক (PPMG) ০১, শৌৰ্য্য আৰক্ষী পদক (PMG) ২২৯, ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰক্ষী পদক (PPM) ৮২ আৰু কৃতি আৰক্ষী পদক (PM) ৬৪২ জনলৈ

Posted On: 14 AUG 2023 10:29AM by PIB Guwahati

স্বাধীনতা দিৱস, ২০২৩ উপলক্ষে মুঠ ৯৫৪ গৰাকী আৰক্ষীৰ লোকলৈ আৰক্ষী পদক আগবঢ়োৱা হৈছে। চিআৰপিএফৰ এগৰাকী জোৱানলৈ ৰাষ্ট্ৰপতিৰ শৌৰ্য্য আৰক্ষী পদক (PPMG), ২২৯ জনলৈ শৌৰ্য্য আৰক্ষী পদক (PMG), ৮২ জনলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰক্ষী পদক (PPM) আৰু ৬৪২ জনলৈ কৃতি আৰক্ষী পদক (PM) আগবঢ়োৱা হৈছে।

শৌৰ্য্য বঁটা প্ৰাপ্ত ২৩০ গৰাকী আৰক্ষীৰ ১২৫ জন বাওঁ পন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলত কৰ্মৰত, ৭১ গৰাকী জম্মু-কাশ্মীৰ অঞ্চলৰ আৰু ১১ গৰাকী উত্তৰ-পূৰ্বাঞ্চলৰ। কৰ্তব্যৰ সময়ত প্ৰদৰ্শন কৰা সাহসিকতাৰ বাবে তেওঁলোকলৈ এই বঁটা আগবঢ়োৱা হৈছে। শৌৰ্য্য বঁটা প্ৰাপকসকলৰ মাজৰ ২৮ গৰাকী চিআৰপিএফৰ, ৩৩ গৰাকী মহাৰাষ্ট্ৰৰ, জম্মু-কাশ্মীৰ আৰক্ষীৰ ৫৫ জন, ২৪ গৰাকী ছত্তীশগড়ৰ, ২২ গৰাকী তেলেংগানাৰ আৰু ১৮ গৰাকী অন্ধ্ৰ প্ৰদেশৰ। বাকী সকল আন-আন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু চিএপিএফত কৰ্মৰত। 

জীৱন আৰু সম্পত্তিৰ সুৰক্ষা তথা অপৰাধ ৰোধ বা অপৰাধীক কৰায়ত্তকৰণৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা লক্ষণীয় সাহসিকতাৰ বাবে ৰাষ্ট্ৰপতিৰ শৌৰ্য্য আৰক্ষী পদক (PPMG) আৰু শৌৰ্য্য আৰক্ষী পদক (PMG) আগবঢ়োৱা হয়। আৰক্ষী সেৱাত বিশেষ বিশিষ্ট ৰেকৰ্ডৰ বাবে ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰক্ষী পদক (PPM) আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠা আধাৰিত অনবদ্য সেৱাৰ বাবে কৃতি আৰক্ষী পদক (PM) আগবঢ়াই অহা হৈছে।

তলত বঁটা প্ৰাপকসকলৰ সবিশেষ উল্লেখ কৰা হৈছেঃ

ক্ৰমিক নং

শিতান

No. of persons

List

ৰাষ্ট্ৰপতিৰ শৌৰ্য্য আৰক্ষী পদক (PPMG)

01

List-I

শৌৰ্য্য আৰক্ষী পদক (PMG)

229

List -II

ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰক্ষী পদক

82

List -III

কৃতি আৰক্ষী পদক

642

List -IV

পদক প্ৰাপ্ত আৰক্ষীৰ লোকসকলৰ ৰাজ্য/বাহিনী অনুসাৰে তালিকা

As per list

List-V


 

Click here to view List-I

Click here to view List -II

Click here to view List -III

Click here to view List -IV

Click here to view List-V

www.mha.gov.in আৰু https://awards.gov.inত সবিশেষ উপলব্ধ। 

*****

RK/AY/AKS/RR



(Release ID: 1948688) Visitor Counter : 123


Read this release in: English , Urdu , Hindi , Tamil