উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলত পথ আৰু বিদ্যুৎ সংযোগ

Posted On: 10 AUG 2023 3:58PM by PIB Guwahati

গ্ৰামোন্নয়ন মন্ত্ৰালয়ে কমেও ২৫০ গৰাকী জনসংখ্যা থকা উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ১৮,৩১২ টা আবাসিক এলেকাৰ ভিতৰত মুঠ ১৮,০৯৮ টা আবাসিক এলেকাৰ বাবে ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ (পিএমজিএছৱাই)ৰ অধীনত সকলো বতৰীয়া পথৰ সংযোগ সম্প্ৰসাৰিত কৰাৰ বাবে প্ৰকল্প অনুমোদিত কৰিছিল, আৰু এইবোৰ সামৰি লোৱা হৈছে। শক্তি মন্ত্ৰালয়ে ‘এনইআৰ’কে ধৰি ভাৰতৰ সকলো গাঁৱক ‘দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা’ (ডিডিইউজিজেৱাই)ৰ অধীনত বৈদ্যুতিকৰণৰ দিহা কৰিছে।

 

 ‘উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে’ ২০১৭-১৮ বৰ্ষলৈকে 'নন-লেপেছেবল চেণ্ট্ৰেল পুল অব ৰিছৰ্চেছ (এনএলচিপিআৰ)-ষ্টেট' আঁচনিখন কাৰ্যকৰী কৰিছিল যাৰ অধীনত ‘এনইআৰ’-ত পথ আৰু বিদ্যুৎ সংযোগত অৰিহণা যোগোৱা প্ৰকল্পসমূহলৈ সমৰ্থন আগবঢ়োৱা হৈছিল।  পূৰ্বৰ ‘এনএলচিপিআৰ- ৰাজ্যিক’ আঁচনিখনৰ ঠাইত কেন্দ্ৰীয় কেবিনেটে ‘উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি’ (এনইএছআইডিএছ)ত অনুমোদন জনাইছিল, যি পথ আৰু বিদ্যুৎ সংযোগ প্ৰকল্পসমূহকো সমৰ্থন কৰে। মন্ত্ৰালয়টোৱে ইয়াৰ উপৰিও অঞ্চলটোত আন্তঃগাঁথনি আৰু সামাজিক উন্নয়ন প্ৰকল্পসমূহক সহায় কৰাৰ বাবে ‘পিএম-ডেভিআইএনই’ নামৰ এক আঁচনিও আৰম্ভ কৰে। পথ খণ্ডত ১১৮১২.১৭ কোটি টকাৰ মুঠ ৭৮০ টা প্ৰকল্প আৰু বিদ্যুৎ খণ্ডত ৩৭০১.৪৮ কোটি টকাৰ ২৮৫ টা প্ৰকল্প মন্ত্ৰালয়টোৱে ‘এনইআৰ’-ত অনুমোদন জনাইছে।

 

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে আজি ৰাজ্যসভাত এক লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।

 

*****


(Release ID: 1948427)
Read this release in: English , Urdu , Manipuri