উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

উত্তৰ-পূৱ আঞ্চলিক কৃষি বিপণন নিগম (NERAMAC) ৰ উদ্যোগত বাৰাণসীত ‘শ্বোকেছিং ত্ৰিপুৰা’ৰ আয়োজন

Posted On: 21 JUL 2023 5:21PM by PIB Guwahati

ত্ৰিপুৰা হৈছে ভাৰতৰ উত্তৰ-পূৱ ভাৰতৰ এক অনন্য অৰ্ধ-পাহাৰীয়া ৰাজ্য, যাৰ চাৰিওফালে আছে আন্তৰ্জাতিক সীমা, য’ত আছে জনজাতীয় কৃষ্টি-সংস্কৃতি, প্ৰাকৃতিক সম্পদ আৰু ধৰ্মীয় গোটৰ এক বিবিধ মিশ্ৰণ। ত্ৰিপুৰাক 'গো-টু' ব্যৱসায়িক গন্তব্য স্থান হিচাপে উন্নীত কৰাৰ বাবে ত্ৰিপুৰা চৰকাৰে শুকুৰবাৰে "বাৰাণসীত ত্ৰিপুৰা প্ৰদৰ্শন " শীৰ্ষক এক অনুষ্ঠান সফলতাৰে আয়োজন কৰে। অনুষ্ঠানটোত তেওঁলোকে তেওঁলোকৰ সমৃদ্ধ হস্ততাঁত আৰু হস্তশিল্প উদ্যোগ, পৰ্যটন, ৰবৰ আৰু বাঁহৰ উৎপাদিত সামগ্ৰীৰ লগতে জিআই টেগপ্ৰাপ্ত, জৈৱিক ‘ত্ৰিপুৰা কুইন আনাৰস’কে ধৰি অন্যান্য কৃষি আৰু উদ্যানশস্য সামগ্ৰীও প্ৰদৰ্শন কৰে।

ভাৰত চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ উত্তৰ-পূৱ আঞ্চলিক কৃষি বিপণন নিগম চমুকৈ নেৰামেকৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটোত সন্মিলিতভাৱে ত্ৰিপুৰাৰ সাতটা ৰাজ্যিক বিভাগে সহযোগিতা কৰে। ইয়াৰ ভিতৰত আছিল ক্ৰমে কৃষি আৰু কৃষক কল্যাণ, উদ্যানশস্য আৰু ভূমি সংৰক্ষণ, জনজাতীয় কল্যাণ বিভাগ, বন বিভাগ, উদ্যোগ বিভাগ, হস্ততাঁত আৰু হস্তশিল্প আৰু পৰ্যটন বিভাগ।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ত্ৰিপুৰা চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী ৰতন লাল নাথে স্থানীয় উৎপাদিত সামগ্ৰী, শিল্পী আৰু ভূমিৰ প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাও দোহাৰে। তেওঁ পৰম্পৰাটো সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে অনন্য উৎপাদিত সামগ্ৰী আৰু সামগ্ৰী প্ৰমাণিত জিআই থকাৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে। এই ক্ষেত্ৰত চৰকাৰৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে উৎপাদন তথা সামগ্ৰীৰ উপলব্ধতা আৰু ইয়াৰ ভূগোল, দুয়োটা ক্ষেত্ৰতে ৰাজ্যখনৰ সম্ভাৱনাক স্বীকৃতি দিয়াটো ভাৰতৰ অন্যান্য প্ৰান্ত আৰু  বিশ্বৰ অন্য প্ৰান্তৰ বাবেই প্ৰয়োজনীয়। ৰাজ্যখনে উদ্ভাৱন, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু সহযোগী উদ্যোগসমূহৰো প্ৰসাৰ-প্ৰচাৰৰ বাবে কাম কৰি আছে আৰু ইয়াক পৰ্যটক অনুকূল কৰি তুলিছে।

উল্লেখ্য যে উত্তৰ প্ৰদেশ বিধানসভাৰ সদস্য তথা মন্ত্ৰী শ্ৰী ৰবীন্দ্ৰ জয়ছোৱালে উত্তৰ প্ৰদেশ আৰু বিশেষকৈ পূৰ্বাঞ্চলৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে কৃষি আৰু বনাঞ্চলৰ ক্ষেত্ৰত কৰা কামৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ত্ৰিপুৰা আৰু ইয়াৰ কৃষকসকলৰ কল্যাণৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে যথাসম্ভৱ সকলো সহায় প্ৰদান কৰিব।

অনুষ্ঠানত বাৰাণসীৰ মেয়ৰ শ্ৰী অশোক তিৱাৰী, বাৰাণসী কেণ্টৰ বিধায়ক সৌৰভ শ্ৰীবাস্তৱ, ত্ৰিপুৰা চৰকাৰৰ পৰ্যটন সচিব শ্ৰী ইউ কে চাকমা, অতিৰিক্ত পিচিচিএফ শ্ৰী পি এল আগৰৱালা আৰু জিআই বিশেষজ্ঞ পদ্মশ্ৰী ড০ ৰজনীকান্তো অনুষ্ঠানটোত উপস্থিত থাকে। নেৰামেকৰ পৰিচালন সঞ্চালক (অৱসৰপ্ৰাপ্ত কামাণ্ডাৰ) ৰাজীৱ অশোকে তেওঁৰ আদৰণি ভাষণত অনুষ্ঠানটোৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰত এই ঠাইখন এইবাবেই বাছনি কৰা হৈছে যে যাতে চহৰখনৰ সমৃদ্ধ ঐতিহ্যই প্ৰতিষ্ঠা লাভ কৰিব পাৰে, এক গতিমান হস্ততাঁত আৰু হস্তশিল্প উদ্যোগৰ প্ৰচাৰক হিচাপে ই পৰিচয় লাভ কৰে আৰু অঞ্চলটোত থকা এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক আৰু এক উদীয়মান বাণিজ্যিক কেন্দ্ৰ হিচাপে উত্থান লাভ কৰে।

অনুষ্ঠানটোত এখন ক্ৰেতা-বিক্ৰেতা বৈঠকো অনুষ্ঠিত হয়, য'ত ৫০ ৰো অধিক ক্ৰেতাই অংশগ্ৰহণ কৰে। ইয়াত কৃষি-উদ্যান পালন খণ্ড, পৰ্যটন, সুগন্ধিৰ পৰা আৰম্ভ কৰি হস্ততাঁত আৰু হস্তশিল্পলৈকে বিভিন্ন খণ্ডক প্ৰতিনিধিত্ব কৰে। ত্ৰিপুৰাৰ সৈতে ব্যৱসায় কৰাৰ এই ক্ৰেতাসকলৰ আগ্ৰহ আৰু অভিপ্ৰায় আছিল এই অনুষ্ঠানটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফলাফল, আৰু এইটো নিশ্চিত যে অনাগত সময়ছোৱাত ইয়াৰ ফলাফল প্ৰতিফলিত হ’ব।

***



(Release ID: 1941523) Visitor Counter : 86


Read this release in: English , Urdu , Hindi