নৌ-পৰিবহন মন্ত্ৰালয়

শ্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ ৭৫টা ‘ঐতিহাসিক লাইটহাউছ’ক পৰ্যটন স্থানলৈ ৰূপান্তৰ কৰাৰ অভিযান আৰম্ভ কৰিছে

গুজৰাটৰ ‘দ্বাৰকা’, ‘গোপনাথ’ আৰু ‘ভেৰাৱল’ৰ তিনিটা ‘আইকনিক লাইটহাউছ’ক পৰ্যটন স্থলীলৈ ৰূপান্তৰণৰে আৰম্ভ কৰা হয় অভিযান

‘চিআইআই বি-২০’ত চুৰাটৰ ব্যৱসায়িক সম্প্ৰদায়ৰে মিলিত হৈ শ্ৰী সোণোৱালে ‘কাৰ্গো পৰিবহণ’ৰ বাবে অৰ্থনৈতিক আৰু পাৰিপাৰ্শ্বিক পৰিবহন বিকল্প হিচাপে জলপথ ব্যৱহাৰৰ পোষকতা কৰে

'গংগা বিলাস'ৰ সফলতাৰ পিছত 'নৰ্মদা বিলাস', 'গোদাৱৰী বিলাস', 'মহানদী বিলাস', 'কাবেৰী বিলাস'ৰ জৰিয়তে সমৃদ্ধ ‘ৰিভাৰ ক্ৰুজ পৰ্যটন খণ্ড’ত বিনিয়োগৰ আহ্বান জনাই শ্ৰী সোণোৱালে

Posted On: 01 JUL 2023 7:57PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ আৰু আয়ুষ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি গুজৰাটৰ দ্বাৰকাত পৰ্যটনস্থলী হিচাপে ৰূপান্তৰিত কৰা ‘দ্বাৰকা’, ‘গোপনাথ’ আৰু ‘ভেৰাৱল’ত তিনিটা নতুন ‘লাইটহাউছ’ উদ্বোধন কৰাৰ সময়ত ৭৫টা ‘ঐতিহাসিক লাইটহাউছ’ক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে এক অভিযানৰ শুভাৰম্ভ কৰে। ‘ঐতিহাসিক লাইটহাউছ’কেইটাক পৰ্যটনস্থল হিচাপে ভূমিকা পালন কৰিব পৰাকৈ পৰ্যাপ্ত সা-সুবিধা সম্বলিত কৰি পুনৰাই নিৰ্মাণ কৰা হৈছে। এই কাৰ্যক্ৰমে সমগ্ৰ ভাৰতৰ ৭৫টা ‘ঐতিহাসিক লাইটহাউছক পৰ্যটন ক্ষেত্ৰ’লৈ ৰূপান্তৰিত কৰাৰ বাবে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় (এমঅ'পিএছডব্লিউ)য়ে হাতত লোৱা অভিযানৰ আৰম্ভণিক চিহ্নিত কৰিছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰতৰ স্বকীয় ‘লাইটহাউছ’সমূহক মনোমোহা পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই উদ্যোগৰ জৰিয়তে এই সুন্দৰ পৰিকাঠামোসমূহৰ সমৃদ্ধ সংস্কৃতি, তাৎপৰ্য আৰু আকৰ্ষণৰ প্ৰদৰ্শনৰে স্থানীয় পৰ্যটন আৰু অৰ্থনীতিৰ সম্ভাৱনাসমূহক বিকশিত কৰাৰ প্ৰয়াস কৰা।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী সোণোৱালে কয়, "এয়া এক ঐতিহাসিক মুহূৰ্ত যিহেতু আমি ভাৰতৰ প্ৰতিষ্ঠিত লাইটহাউছসমূহক স্থানীয়ভাৱে অৰ্থনীতিক আগুৱাই নিয়াৰ লগতে ভাৰতৰ পৰ্যটন খণ্ডৰ পৰিসৰ বৃদ্ধি কৰা সম্ভাৱ্য পৰ্যটন ক্ষেত্ৰ হিচাপে পৰিৱৰ্তন কৰাৰ বাবে এক অভিযান আৰম্ভ কৰিছো। আমাৰ গতিশীল নেতা, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে ‘মন কী বাত’ৰ ৭৫ সংখ্যক খণ্ডত ‘লাইটহাউছ’সমূহৰ অনন্য আকৰ্ষণ আৰু পৰ্যটকৰ আকৰ্ষণ হিচাপে থকা সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰিছিল। মোদীজীৰ নিৰ্দেশনাৰ সৈতে, এই অভিযানৰ উদ্দেশ্য হৈছে পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা আৰু ভাৰতৰ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ সৌন্দৰ্য প্ৰত্যক্ষ কৰাৰ বাবে আমাৰ ‘লাইটহাউছ’সমূহক পুনৰুজ্জীৱিত কৰি তোলা। আমি বিশ্বাস কৰোঁ যে এই ৰূপান্তৰিত হ’ব লগা ‘লাইটহাউছ’সমূহে বিশ্বৰ বাবে ভাৰতৰ সমৃদ্ধ আৰু অনন্য ঐতিহ্য প্ৰদৰ্শন কৰি এক জীৱন্ত পৰ্যটন স্থলৰ সৃষ্টি কৰিব।"

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চুৰাটত অনুষ্ঠিত ‘চিআইআই বি-২০’ বৈঠকত অংশগ্ৰহণ কৰে য'ত তেওঁ ব্যৱসায়ী সম্প্ৰদায়ৰ আগশাৰীৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰী সোণোৱালে ভাৰতৰ সমাজ, অৰ্থনীতি আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন দিশত বিগত ৯টা বছৰত শ্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ গুৰুত্বপূৰ্ণ সাফল্যৰ কথা উল্লেখ কৰে। জাহাজ পৰিবহন বিভাগৰ মন্ত্ৰীগৰাকীয়ে ব্যৱসায়িক নেতাসকলক ‘বি২বি’-ৰ লগতে ‘বি২চি’ ব্যৱসায় দুয়োটাতে ভাৰতৰ সমৃদ্ধ আভ্যন্তৰীণ জলপথ খণ্ডত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। শ্ৰী সোণোৱালে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ কাৰ্গোসমূহৰ আদান-প্ৰদানৰ ক্ষেত্ৰত আভ্যন্তৰীণ জলপথক পৰিবহণৰ মাধ্যম হিচাপে বাছনি কৰিবলৈ আহ্বান জনায়, যি হৈছে এক অৰ্থনৈতিক, পাৰিপাৰ্শ্বিকভাৱে সুৰক্ষিত বিকল্প। বিশ্বৰ আটাইতকৈ দীঘল নদী ভ্ৰমণ গংগা বিলাসৰ বিশাল সফলতাৰ পিছত তেওঁ নৰ্মদা বিলাস', 'গোদাৱৰী বিলাস', 'মহানদী বিলাস', 'কাবেৰী বিলাস' আদিৰ দৰে নভেল ৰিভাৰ ক্ৰুজ অভিজ্ঞতাৰ জৰিয়তে সমৃদ্ধ নদী ক্ৰুজ পৰ্যটন খণ্ডত বিনিয়োগৰ আহ্বান জনায়।

শ্ৰী সোণোৱালে কয়, "প্ৰত্যাহ্বানৰ সন্মুখীন হৈ চুৰাটৰ উল্লেখযোগ্য বিকাশ আৰু স্থিতিস্থাপকতা হৈছে ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনা আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে প্ৰদান কৰা আমাৰ ৰাজনৈতিক নেতৃত্ব আৰু দৃষ্টিভংগীৰ শক্তিৰ এক উজ্জ্বল উদাহৰণ। ভাৰতৰ ‘জি-২০’ সভাপতিত্ব হৈছে 'সবকা সাথ, সবকা বিকাশ'ৰ দৃষ্টিভংগীৰ বিশ্বায়ন আৰু আন্তঃৰাষ্ট্ৰীয়কৰণ। আজি, ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হৈ উঠিছে আৰু কেৱল অধিক ক্ৰয় ক্ষমতা থকা উপভোক্তা বজাৰ হিচাপেই নহয়, লগতে এক পছন্দৰ বিনিয়োগ গন্তব্য স্থান হিচাপেও যথেষ্ট উন্নতি কৰিছে। প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ৰাষ্ট্ৰীয় লজিষ্টিক নীতি, ববহুমাধ্যম সংযোগৰ বাবে ‘গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰপ্লেন’ আৰু এনে ধৰণৰ অন্যান্য সংস্কাৰৰ দৰে পৰিৱৰ্তনশীল পদক্ষেপৰ দ্বাৰা প্ৰেৰিত হৈ ভাৰতীয় আন্তঃগাঁথনি খণ্ড বহুগুণে সমৃদ্ধ হৈছে। ভাৰতৰ সামুদ্ৰিক খণ্ডসমূহত সেউজ বিকাশৰ দিশত পৰিৱৰ্তনক সমৰ্থন কৰাৰ বাবেও চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াৰ সফলতাৰ বাবে সময়সীমাবদ্ধ প্ৰতিশ্ৰুতি আৰু বিনিয়োগৰ প্ৰস্তাৱ ৰখা হৈছে।"

ৰূপান্তৰণশীল পৰিৱৰ্তনৰ বাবে আভ্যন্তৰীণ জলপথ খণ্ডক ব্যৱহাৰ কৰাৰ পৰিসৰ আৰু সুযোগ সন্দৰ্ভত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, "মই এই সুযোগত সকলো ব্যৱসায়িক নেতাক যুটীয়াভাৱে ভাৰতত নতুন নদী ভ্ৰমণৰ অভিজ্ঞতা বিকশিত কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো। নদী সমৃদ্ধ আমাৰ ৰাষ্ট্ৰখনত 'নৰ্মদা বিলাস', 'গোদাৱৰী বিলাস', 'মহানদী বিলাস', 'কাবেৰী বিলাস'ৰ দৰে আৰু বহুতো নদী পৰিভ্ৰমণ ব্যৱস্থা থাকিব লাগিব। আপোনালোকৰ কাৰ্গোসমূহৰ আদান-প্ৰদানৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত পুনৰুজ্জীৱিত হোৱা আভ্যন্তৰীণ জলপথৰ সুবিধা লওক যিটো হৈছে অত্যন্ত অৰ্থনৈতিক আৰু পৰিৱেশ-অনুকূল পৰিবহনৰ মাধ্যম।"

‘চিআইআই’ৰ বৈঠকত গুজৰাট চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱীয়েও অংশগ্ৰহণ কৰে; শ্ৰী টম মোজেছ, কাৰ্যবাহী উপ-সভাপতি, ‘জেমোলজিকেল ইনষ্টিটিউট অব আমেৰিকা’; শ্ৰী দৰ্শন শ্বাহ, চিআইআই গুজৰাটৰ অধ্যক্ষ; অঞ্চলটোৰ অন্যান্য বিশিষ্ট ব্যক্তি আৰু ব্যৱসায়িক নেতাসকলৰ ভিতৰত ‘চিআইআই গুজৰাট’ৰ উপাধ্যক্ষ শ্ৰী কুলীনলাল ভায়ো উপস্থিত থাকে। ‘লাইটহাউছ’ উদ্বোধনত অন্যান্য অতিথিসকলৰ লগতে জামনগৰৰ সাংসদ (লোকসভা) পুনমবেন মাদমে, ৰাজেশভাই চুড়ছামা, সাংসদ (লোকসভা), জুনাগড়; গৌতমভাই চৌহান, বিধায়ক, তালাজা, পাবুভা মানেক, বিধায়ক, দ্বাৰকা; বিমলভাই চুড়ছামা, বিধায়ক, সোমনাথ আৰু টি কে ৰামচন্দ্ৰন, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব উপস্থিত থাকে।

******



(Release ID: 1936927) Visitor Counter : 110