গৃহ মন্ত্ৰালয়

১৫ ছেপ্টেম্বৰ, ২০২৩ লৈকে মুকলি থাকিব ‘পদ্ম বঁটা-২০২৪’ৰ বাবে মনোনয়নৰ প্ৰক্ৰিয়া

Posted On: 28 JUN 2023 4:34PM by PIB Guwahati

গণতন্ত্ৰ দিৱস, ২০২৪ উপলক্ষে ঘোষণা কৰিব লগা ‘পদ্ম বঁটা ২০২৪’-ৰ বাবে অনলাইনযোগে মনোনয়ন/পৰামৰ্শ দাখিলৰ প্ৰক্ৰিয়া ১ মে’ ২০২৩ তাৰিখে মুকলি হৈছে। ‘পদ্ম বঁটা’ৰ বাবে মনোনয়নৰ অন্তিম তাৰিখ হৈছে ১৫ ছেপ্টেম্বৰ, ২০২৩। পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন/পৰামৰ্শসমূহ ‘ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল’ (https://awards.gov.in)ত অনলাইনযোগে গ্ৰহণ কৰা হ'ব।

‘পদ্ম বিভূষণ’, ‘পদ্মভূষণ’ আৰু ‘পদ্মশ্ৰী’ শীৰ্ষক পদ্ম বঁটাসমূহ দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ অন্যতম। ১৯৫৪ চনত স্থাপিত এই বঁটাসমূহ প্ৰতি বছৰে ‘গণতন্ত্ৰ দিৱস’ উপলক্ষে ঘোষণা কৰা হয়। এই বঁটাসমূহৰ জৰিয়তে 'অসাধাৰণ কৰ্ম-কৃৰ্তি'ক স্বীকৃতি দিব বিচাৰা হয় আৰু সকলো ক্ষেত্ৰ/শাখা যেনে কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, ঔষধ, সামাজিক কাম, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা, বাণিজ্য আৰু উদ্যোগ ইত্যাদিত আগবঢ়োৱা বিশিষ্ট আৰু ব্যতিক্ৰমী সাফল্য/সেৱাৰ বাবে প্ৰদান কৰা হয়। জাতি, জীৱিকা, স্থিতি বা লিংগৰ পাৰ্থক্য নৰখাকৈ সকলো ব্যক্তি এই বঁটাসমূহৰ বাবে যোগ্য বিবেচিত হয়। অৱশ্যে, চিকিৎসক আৰু বিজ্ঞানীৰ বাহিৰে ‘পিএছইউ’-ত কৰ্মৰত সকলকে ধৰি চৰকাৰী কৰ্মচাৰীসকল ‘পদ্ম বঁটা’ৰ বাবে যোগ্য নহয়।

চৰকাৰ ‘পদ্ম বঁটা’সমূহক "পিপুলছ পদ্ম"লৈ ৰূপান্তৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সেয়েহে, সকলো নাগৰিকক মনোনয়ন/পৰামৰ্শ দিবলৈ অনুৰোধ কৰা হৈছে, যাৰ ভিতৰত ‘স্ব-মনোনয়ন’কো অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিভাশালী ব্যক্তিসকলক চিনাক্ত কৰাৰ বাবে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰা হ'ব পাৰে যাৰ উৎকৰ্ষতা আৰু সফলতা সঁচাকৈয়ে মহিলা, সমাজৰ দুৰ্বল শ্ৰেণী, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি, দিব্যাংগ ব্যক্তি আৰু সমাজৰ প্ৰতি নিস্বাৰ্থ সেৱা কৰি থকাসকলৰ মাজৰ পৰা স্বীকৃত হোৱাৰ যোগ্য।

মনোনয়ন/পৰামৰ্শসমূহত ওপৰোক্ত ‘পৰ্টেল’ত উপলব্ধ ‘ফৰ্মেট’ত নিৰ্ধাৰিত সকলো প্ৰাসঙ্গিক বিৱৰণ থাকিব লাগিব, যাৰ ভিতৰত আছে পৰামৰ্শ আগবঢ়োৱা ব্যক্তিগৰাকীৰ/তেওঁৰ সংশ্লিষ্ট ক্ষেত্ৰ/অনুশাসনত সম্পাদন কৰা বিশিষ্ট আৰু ব্যতিক্ৰমী সাফল্য/সেৱাৰ বৰ্ণনামূলক ৰূপত স্পষ্টভাৱে এটা উদ্ধৃতি (সৰ্বাধিক ৮০০ শব্দ)।

এই সন্দৰ্ভত বিৱৰণ গৃহ মন্ত্ৰালয়ৰ ৱে’বছাইট(https://mha.gov.in) আৰু ‘পদ্ম বঁটা পৰ্টেল’ত (https://padmaawards.gov.in) 'বঁটা আৰু পদক' শীৰ্ষকৰ অধীনত উপলব্ধ কৰা হৈছে। এই বঁটাসমূহৰ সৈতে সম্পৰ্কিত আইন আৰু নিয়মসমূহ ৱেবছাইটত লিংক https://padmaawards.gov.in/AboutAwards.aspx সৈতে উপলব্ধ কৰা হৈছে।

*****



(Release ID: 1936740) Visitor Counter : 97