গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটত ভূজৰ পৰা মাণ্ডৱী আৰু জখাউলৈকে বিপৰ্যয় ঘূৰ্ণিবতাহত প্ৰভাৱিত অঞ্চলসমূহৰ আকাশী সমীক্ষা কৰে

গৃহ মন্ত্ৰীয়ে মাণ্ডৱীত চিভিল হাস্পতাল আৰু জখাউত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভ্ৰমণ কৰে, মাণ্ডৱীৰ কঠড়া গাঁৱলৈও যায় আৰু কৃষকক সাক্ষাৎ কৰে, এনডিআৰএফ জোৱানৰ সৈতেও সাক্ষাৎ কৰে

ভূজত সংবাদ মেল সম্বোধন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে ঘণ্টাত ১৪০ কিলোমিটাৰ বেগত অহা ঘূৰ্ণিবতাহ বিপৰ্জয়ত এজনো লোকৰ প্ৰাণহানি হোৱা নাই, এয়া বহুত আনন্দৰ কথা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে নিৰন্তৰ গৃহ মন্ত্ৰালয়, গুজৰাট চৰকাৰ আৰু সকলো এজেঞ্চীৰ মাৰ্গদৰ্শন কৰে আৰু এই দুৰ্যোগৰ পৰা ন্যূনতম লোকচানেৰে বাহিৰ হোৱাটো টীম ৱৰ্কৰ এক ক্লাছিক উদাহৰণ

এজনো মানুহৰ মৃত্যু নোহোৱাটোৱে সমগ্ৰ তন্ত্ৰৰ সফলতা প্ৰতিপন্ন কৰিছে আৰু এয়া আমাৰ বাবে এটা উদাহৰণ যে সময়মতে তথ্যৰ ব্যৱহাৰ কেনেকৈ কৰিম

Posted On: 17 JUN 2023 9:18PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটত ভূজৰ পৰা মাণ্ডৱী আৰু জখাউলৈকে ঘূৰ্ণিবতাহ প্ৰভাৱিত অঞ্চলসমূহৰ আকাশী সমীক্ষা কৰে। মাণ্ডৱীত, কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে অসামৰিক হাস্পতাল ভ্ৰমণ কৰে য'লৈ ঘূৰ্ণিবতাহ অহাৰ পূৰ্বে গৰ্ভৱতী মহিলাক অনা হৈছিল। শ্ৰী অমিত শ্বাহে হাস্পতালৰ ৱাৰ্ডলৈ যায় আৰু গৰ্ভৱতী মহিলা আৰু সেই মহিলাসকলৰ সৈতে কথা পাতে যি ঘূৰ্ণিবতাহৰ সময়ত সন্তান জন্ম দিয়ে। শ্ৰী শ্বাহে এখন গাঁৱো ভ্ৰমণ কৰে আৰু সেই কৃষকসকলক লগ কৰে যাৰ ফচল ঘূৰ্ণিবতাহৰ ফলত নষ্ট হৈছে।

                                                          https://static.pib.gov.in/WriteReadData/userfiles/image/image001YVLM.jpg

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এনডিআৰএফ আৰু এছডিআৰএফৰ দ্বাৰা কৰা কামৰ প্ৰশংসা কৰি কয় যে এনডিআৰএফৰ ১৯, এছডিআৰএফৰ ১৩ আৰু ৰিজাৰ্ভ ২ বেটেলিয়নে নিজৰ জীৱন সংকটত পেলাই মানুহৰ জীৱন বচোৱাৰ কাম কৰে। তেওঁ কয় যে সেনা, নৌ সেনা, এয়াৰ ফৰ্চ, কোচ গাৰ্ড, বিএছএফ, ষ্টেট ৰিজাৰ্ভ পুলিচ আৰু ৰাজ্য পুলিচে এনডিআৰএফ আৰু এছডিআৰএফৰ সৈতে সম্পূৰ্ণ সমন্বিতভাৱে কাম কৰে।

                                                       https://static.pib.gov.in/WriteReadData/userfiles/image/image002734U.jpg

জখাউত শ্ৰী অমিত শ্বাহে এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভ্ৰমণ কৰে, 'ত প্ৰায় ২০০ গাঁওবাসীক ৰখা হৈছে। শ্ৰী শ্বাহে গাঁওবাসীক দি থকা সুবিধাবোৰৰ খবৰ লয়। গাঁওবাসীয়ে ঘূৰ্ণিবতাহ অহাৰ পূৰ্বে আৰু চলি থকাৰ সময়ত তেঁওলোকৰ বাবে কৰা সু ব্যৱস্থাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু স্থানীয় প্ৰশাসনক ধন্যবাদ জনায়।

                                                      https://static.pib.gov.in/WriteReadData/userfiles/image/image003KDX4.jpg

ইয়াৰ পিছত ভূজতে এখন সংবাদ মেলত ভাষণ দি কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে ঘণ্টাত ১৪০ কিলোমিটাৰ বেগত অহা ঘূৰ্ণিবতাহ বিপৰ্যয়ত এজনো লোকৰ প্ৰাণহানি হোৱা নাই, এয়া বহুত আনন্দৰ কথা। শ্ৰী শ্বাহে কয় যে মোদীজীৰ নেতৃত্বত ভাৰত চৰকাৰ আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ মাৰ্গদৰ্শনত ৰাজ্য চৰকাৰে সকলোৰে লগত মিলি বিপৰ্যয়ৰ সন্মুখীন হয়। তেওঁ কয় যে এজনো লোকৰ প্ৰাণহানি নোহোৱাটোৱে সমগ্ৰ তন্ত্ৰৰ সফলতা দৰ্শাইছে আৰু এয়া আমাৰ বাবে এটা উদাহৰণ যে সময়মতে তথ্যৰ ব্যৱহাৰ কেনেকৈ কৰিম।

                                                         https://static.pib.gov.in/WriteReadData/userfiles/image/image004YPTA.jpg

শ্ৰী অমিত শ্বাহে চাইক্লোনৰ পূৰ্বে আৰু চলি থকাৰ সময়ত কৰা ব্যৱস্থাৰ বাবে গুজৰাট চৰকাৰৰ প্ৰশংসা কৰে। গুজৰাট চৰকাৰে এনডিএমএৰ চাইক্লোন সম্পৰ্কীয় দিশনিৰ্দেশনাও সম্পূৰ্ণৰূপে পালন কৰে য'ত চৰকাৰী বিভাগ, জনপ্ৰতিনিধি, স্থানীয় লোকসকল আৰু স্বয়ংসেৱী সংস্থাসমূহে সম্পূৰ্ণ যোগ দিয়ে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে ৬ জুনত ঘূৰ্ণিবতাহ বিপৰ্যয়ৰ বাতৰি অহাৰ পিছত লগে লগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো এজেঞ্চীৰ ৰিভিউ কৰে। তেওঁ কয় যে কেইবাটাও স্তৰত সমীক্ষা বৈঠক বহে আৰু সকলো এজেঞ্চীৰ মাজত তথ্যৰ আদান-প্ৰদান হয়, যাৰ পৰিণতিত সতৰ্কতাৰ লগতে আৰু জনতাৰ সহযোগত ন্যূনতম লোকচানেৰে এই দুৰ্যোগৰ পৰা বাহিৰলৈ অহাত আমি সফল হ'লোঁ।

                                                     https://static.pib.gov.in/WriteReadData/userfiles/image/image005ZETU.jpg

শ্ৰী শ্বাহে কয় যে ঘূৰ্ণিবতাহত কেৱল ৪৭জন লোক সাধাৰণভাৱে আহত হৈছে আৰু ২৩৪টা পশুধনৰ মৃত্যু হৈছে। তেওঁ কয় যে চাইক্লোনৰ প্ৰতি লক্ষ্য ৰাখি ৩৪০০খন গাঁৱত বিজুলী যোগান বন্ধ কৰা হৈছিল, তাৰ ভিতৰত ১৬০০খন গাঁৱত বিজুলী যোগান ২৪ ঘণ্টাৰো কম সময়ত বাহাল কৰা হৈছে আৰু ২০ জুনলৈকে সকলো গাঁৱত বিজুলী যোগান বাহাল হ'ব। তেওঁ কয় যে ঘূৰ্ণিবতাহত অহাৰ পূৰ্বেই ১২০৬গৰাকী গৰ্ভৱতী মহিলাক সুৰক্ষিত হাস্পতাললৈ নিয়া হয় আৰু সেই সকলো মহিলাই তেওঁলোকক আগবঢ়োৱা সুবিধাত সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰী শ্বাহে কয় যে এই দুৰ্যোগৰ সময়ত ৭০৭টা সফল প্ৰসৱ হৈছে। ইয়াৰ উপৰিও মুঠ ১,০৮,২০৮জন নাগৰিক আৰু ৭৩,০০০ পশুধনক সুৰক্ষিত স্থানলৈ নিয়া হয়। শ্ৰী শ্বাহে কয় যে ৩,২৭,৮৯০জোপা বৃক্ষৰ সময়মতে ডাল কটা হৈছিল যাতে ঘূৰ্ণিবতাহৰ সময়ত বেগী বতাহৰ কাৰণে এইবোৰ পৰি নাযায়। সকলো জিলাত মুঠ ৪৩১৭খন হৰ্ডিং সময়মতে আঁতৰোৱা হয়। তেওঁ কয় যে প্ৰায় ২১,৫৮৫খন নৌকা সময়মতে সাগৰৰ পৰা উলিওৱা হয় আৰু এক লাখৰো অধিক মাছমৰীয়াক পাৰলৈ আনি তেওঁলোকৰ প্ৰাণ বচোৱা হয়।

শ্ৰী অমিত শ্বাহে কয় যে সম্প্ৰতি বিজুলী যোগান বাহাল কৰিবলৈ ১১৩৩টা টীম লাগি আছে আৰু ৪০০টা টীম কাইলৈৰ পৰা আৰু এই কামত লাগিব। তেওঁ কয় যে নিমখৰ প্লেণ্টত বহু শ্ৰমিক আছিল যাক সফলতাৰে বাহিৰলৈ উলিয়াই অনা হয়।

ইয়াৰ আগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ঘূৰ্ণিবতাহৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি, হানি আৰু সুবিধাৰ স্থিতিৰ ওপৰত ভূজত সমীক্ষা বৈঠকৰ অধ্যক্ষতাও কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, শক্তি আৰু দূৰ সঞ্চাৰ মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়া, বতৰ বিভাগ আৰু এনডিআৰএফৰ মহানিৰ্দেশক বৈঠকত অনলাইন অন্তৰ্ভুক্ত হয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে প্ৰভাৱিত অঞ্চলসমূহত বিজুলী যোগান সোনকালেই সুনিশ্চিত কৰা, চাফ-চিকুনতাত বিশেষ মনোযোগ আৰু প্ৰাথমিকতাৰ আধাৰত পথসমূহৰ মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। শ্ৰী শ্বাহে কৃষি আৰু হৰ্টিকালচাৰৰ লোকচানৰ সুনিশ্চিত পৰিসংখ্যা কৰাৰ নিৰ্দেশ দি কয় যে হৰ্টিকালচাৰৰ যি বৃক্ষ বাচিব পাৰে তাক ৰিভাইভ কৰি পুনৰুজ্জীৱিত কৰা দৰকাৰ।

শ্ৰী অমিত শ্বাহে লগতে কয় যে সকলো এজেঞ্চীৰ দ্বাৰা ঘূৰ্ণিবতাহ বিপৰ্যয়ৰ সতৰ্কবাণীৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে কৰা কাৰ্যৰ বিষয়ে এক দস্তাবেজ প্ৰস্তুত কৰিব লাগে যাৰ জৰিয়তে দুৰ্যোগৰ মোকাবিলা কৰোঁতে আহৰণ কৰা চমকপ্ৰদ সফলতাক প্ৰতিখন ৰাজ্যত উপলব্ধ কৰাব পাৰি। গৃহ মন্ত্ৰীয়ে ঘূৰ্ণিবতাহ বিপৰ্যয়ৰ সৈতে সফলতাৰে মোকাবিলা কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো এজেঞ্চী, বিষয়া আৰু কৰ্মচাৰীৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজী আৰু সেই সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

 

**********



(Release ID: 1933400) Visitor Counter : 90