গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সমবায়মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অসমত ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ (এনএফএছইউ) গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপন কৰে

আজি গুৱাহাটীত বিশ্বৰ একাদশ আৰু দেশৰ দশম এনএফএছইউ কেন্দ্ৰ স্থাপন কৰা হৈছে, ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন

অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অপৰাধী ন্যায় ব্যৱস্থাৰ বাবে আজিৰ দিনটো এক গুৰুত্বপূৰ্ণ আৰু সোণালী দিন

এতিয়াৰে পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ শিক্ষাৰ্থীসকলে ফৰেনচিক বিজ্ঞান অধ্যয়ন কৰিবলৈ দিল্লী বা আন চহৰলৈ যাব নালাগিব, ফৰেনচিক অধ্যয়নৰ সুবিধা এতিয়া কেৱল গুৱাহাটীত আৰম্ভ হোৱা এনএফএছইউতউপলব্ধ হ'ব

শ্ৰী অমিত শ্বাহে জনসাধাৰণৰ বাবে অসম আৰক্ষীৰ সেৱা সহজ কৰি তুলিবলৈ 'অসম আৰক্ষী সেৱা সেতু' নামৰ ৱেব পৰ্টেলটো মুকলি কৰে

Posted On: 25 MAY 2023 8:21PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অসমত ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ (এনএফএছইউ) গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপন কৰে। শ্ৰী অমিত শ্বাহে অসম আৰক্ষীৰ সেৱাসমূহ জনসাধাৰণৰ বাবে অধিক সুলভ আৰু স্বচ্ছ কৰি তুলিবলৈ 'অসম আৰক্ষী সেৱা সেতু' নামৰ এটা ৱেব পৰ্টেলমুকলি কৰে আৰু ন্যায়পালিকাত ফৰেনচিক বিজ্ঞানৰ ব্যৱহাৰসন্দৰ্ভত ডঃ জে এম ব্যাসে লিখা এখন  গ্ৰন্থ উন্মোচন কৰে। উক্ত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

ভাষণত শ্ৰী অমিত শ্বাহে কয় যে আজিৰ দিনটো অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অপৰাধী ন্যায় ব্যৱস্থাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু সোণালী দিন, কিয়নো আজি বিশ্বৰ একাদশ আৰু দেশৰ দশমটো এনএফএছইউ কেন্দ্ৰ গুৱাহাটীত স্থাপন কৰা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে এই ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ বাবে ৫০ একৰ ভূমি আৱণ্টন দিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে এই এনএফএছইউত প্ৰায় ৫০০ কোটি টকা ব্যয় কৰিব আৰু ৩ হাজাৰৰ পৰা ৫ হাজাৰ শিক্ষাৰ্থীৰ বাবে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ ব্যৱস্থা কৰিব। শ্ৰী শ্বাহে কয় যে ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ ভূমি পূজন আৰু আজি ইয়াৰ অস্থায়ী চৌহদ উদ্বোধন কৰাৰ লগে লগে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে ফৰেনচিক বিজ্ঞানৰ শিক্ষা লাভ কৰিবলৈ দিল্লী, গুজৰাট, মুম্বাই আদি মহানগৰলৈ যাব নালাগিব। তেওঁ কয় যে বিশ্বৰ ভিতৰতে একমাত্ৰ ফৰেনচিক বিজ্ঞানৰ বিশেষ বিশ্ববিদ্যালয়খন ভাৰততেআছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে আইপিচি, চিআৰপিচি আৰু প্ৰমাণ আইনত আমূল পৰিৱৰ্তন সাধিবলৈ গৈ আছে। ইয়াৰ মূল উদ্দেশ্য হৈছে ব্ৰিটিছ আমোলত প্ৰণয়ন কৰা এই তিনিটা আইন সলনি কৰা আৰু আমাৰ দেশত দোষী সাব্যস্ত হোৱাৰ প্ৰমাণ অনুপাত বৃদ্ধি কৰা। তেওঁ কয় যে মোদী চৰকাৰে দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধি কৰিবলৈ ৬ বছৰতকৈ অধিক কাৰাবাস খটা সকলো গোচৰৰ ক্ষেত্ৰত ফৰেনচিক বিশেষজ্ঞৰ ওচৰলৈ যোৱাটো বাধ্যতামূলক কৰিবলৈ গৈ আছে, ইয়াৰ ফলত সমগ্ৰ দেশতে ফৰেনচিক বিশেষজ্ঞৰ চাহিদা বৃদ্ধি হব, যি পূৰণ কৰিবএনএফএছইউয়ে।ই দেশৰ ফৰেনচিক বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ বাবে চাকৰিৰ সুযোগ সৃষ্টি কৰিব। তেওঁ কয় যে ফৰেনচিক বিজ্ঞানৰ এই উদীয়মান ক্ষেত্ৰত সমগ্ৰ বিশ্বতে ফৰেনচিক বিশেষজ্ঞৰ চাহিদা আছে। গুজৰাটৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় হৈছে বিশ্বৰ একমাত্ৰ এনএফএছইউ যি ফৰেনচিক বিজ্ঞানৰ ক্ষেত্ৰত একচেটিয়া পাঠ্যক্ৰম সৃষ্টি কৰে আৰু ফৰেনচিক বিজ্ঞানৰ সকলো মাত্ৰাপাঠ্যক্ৰমলৈ ৰূপান্তৰ কৰে।

শ্ৰী অমিত শ্বাহে কয় যে আজি গুৱাহাটীত আৰম্ভ হ'বলগীয়া এনএফএছইউয়ে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ পূব সীমান্তৱৰ্তী বহুতো দেশ যেনে বাংলাদেশ, ভূটান, ম্যানমাৰ, নেপাল, ইণ্ডোনেছিয়াক লাভান্বিত কৰিব। তেওঁ কয় যে এনএফএছইউৱে আজি বহুতো দেশৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি সেই দেশসমূহৰ আৰক্ষী আৰু ন্যায়িক প্ৰক্ৰিয়াআৰু আন্তঃৰাষ্ট্ৰীয় ব্যক্তিগত উদ্যোগৰ বিষয়াসকলকো অনলাইন আৰু অফলাইন প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে কাম অব্যাহত ৰাখিছে। এনএফএছইউয়ে ৭০ খনতকৈও অধিক দেশৰ আৰক্ষী বিষয়া আৰু ফৰেনচিক বিজ্ঞানীসকলক প্ৰশিক্ষণ দিছে। এনএফএছইউয়ে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে ১৭০ তকৈও অধিক চুক্তি সম্পাদন কৰিছে। শ্ৰী শ্বাহে কয় যে গুৱাহাটী এনএফএছইউ নিজেই এখন সম্পূৰ্ণ বিশ্ববিদ্যালয়।ই চাইবাৰ সুৰক্ষা, ডিজিটেল ফৰেনচিক, কৃত্ৰিম বুদ্ধিমত্তা, ডিএনএ ফৰেনচিক, খাদ্য ফৰেনচিক, পাৰিপাৰ্শ্বিক ফৰেনচিক আৰু কৃষি ফৰেনচিকৰ দৰে পাঠ্যক্ৰম আগবঢ়োৱাৰ লগতে ‘ডাবল স্নাতকডিগ্ৰী’প্ৰদান কৰিব। তেওঁ কয় যে এই শিক্ষাবৰ্ষৰ পৰাই পাঁচটা শৈক্ষিক পাঠ্যক্ৰম পাঁচফেকাল্টীৰ দ্বাৰা আৰম্ভ কৰা হৈছে।ইয়াক ৪০ টা বিভিন্ন পাঠ্যক্ৰমলৈ সম্প্ৰসাৰিত কৰা হ'ব আৰু এই গোটটো এটা সম্পূৰ্ণ গোটলৈ ৰূপান্তৰিত কৰা হ'ব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে টোটেলপুলিচিঙৰ প্ৰক্ৰিয়াটো তিনিটা ভাগত বিভক্ত-আইন-শৃংখলা বজাই ৰখা, অপৰাধৰ তদন্ত কৰা আৰু অপৰাধৰ ন্যায়িক তদন্ত কৰা আৰু দোষীক শাস্তি দিয়া। তেওঁ কয় যে বৰ্তমান এই তিনিটা প্ৰক্ৰিয়াত ফৰেনচিক বিজ্ঞানযথেষ্ট গুৰুত্বপূৰ্ণ। আৰক্ষীয়ে মানসিক প্ৰ'ফাইল, আঙুলিৰ ছাপ আদিৰ দৰে বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি থাৰ্ড ডিগ্ৰী ব্যৱহাৰ নকৰাকৈ অপৰাধৰ তদন্ত কৰিবলৈ সক্ষম হ'ব।

শ্ৰী অমিত শ্বাহে কয় যে অসমত দোষী সাব্যস্ত হোৱাৰ হাৰ ৫%ৰ পৰা ১৪% লৈ বৃদ্ধি পাইছে যি এক ভাল প্ৰগতি, কিন্তু ৰাজ্যখনে দোষী সাব্যস্ত হোৱাৰ হাৰ ৮৫ শতাংশৰ ওপৰত হোৱাৰ লক্ষ্য ৰাখিব লাগে আৰু ই ফৰেনচিক বিজ্ঞান অবিহনে হ'ব নোৱাৰে। শ্ৰী শ্বাহে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ সক্ৰিয় ভূমিকাৰ লগতে অসমৰ ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ একাদশ চৌহদ মুকলি কৰাৰ বাবে সাধুবাদ দিয়ে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত দোষী সাব্যস্ত হোৱাৰ হাৰ হৈছে ৫০%, যি হৈছে কানাডাত ৬২%, ইজৰাইলত ৯৩%, ইংলেণ্ড আৰু আমেৰিকাত ৯০%। তেওঁ কয় যে ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহায়ত দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধিৰ দিশত দেশআগবাঢ়িব লাগিব। তেওঁ কয় যে অপৰাধী ন্যায়ৰ দিশত আমাৰ লক্ষ্য অতি স্পষ্ট যে আমি উন্নত দেশসমূহৰ হাৰতকৈ দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধি কৰিব লাগিব, সেয়েহে মোদীজীৰ নেতৃত্বত ভাৰত চৰকাৰে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ নেটৱৰ্ক গঢ়ি তুলিছে। ভাৰত চৰকাৰে দেশৰ প্ৰতিখন জিলাতে ফৰেনচিক মোবাইল অনুসন্ধান সুবিধাও স্থাপন কৰিব।

শ্ৰী অমিত শ্বাহে কয় যে অসমত দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধি কৰাৰ বাবে এক চাৰি স্তৰীয় ৰণনীতি প্ৰস্তুত কৰা হৈছে। ইয়াৰ ভিতৰত আছে ফৰেনচিকৰ আন্তঃগাঁথনি শক্তিশালী কৰা, ৰাজ্যিক পৰ্যায়ৰ ফৰেনচিক পৰীক্ষাগাৰৰ উন্নীতকৰণ আৰু আধুনিকীকৰণ, আঞ্চলিক ফৰেনচিক পৰীক্ষাগাৰ সৃষ্টি কৰা, জিলা পৰ্যায়ত অপৰাধস্থলীত প্ৰমাণ সংগ্ৰহ কৰা ভ্ৰাম্যমাণ ফৰেনচিক পৰীক্ষাগাৰক সুশৃংখল কৰা, ফৰেনচিক বিশেষজ্ঞৰ জনশক্তি প্ৰস্তুত কৰা। শ্ৰী শ্বাহে কয় যে এনএফএছইউৱে বিশ্বজুৰি ফৰেনচিক বিজ্ঞানৰ পৰিৱৰ্তনৰ বিষয়ে নিৰন্তৰ অধ্যয়ন কৰি আছে আৰু বিশ্বত আমাৰ দেশৰ ফৰেনচিক বিজ্ঞানক আগুৱাই নিয়াৰ বাবে আৰু দেশৰ যুৱক-যুৱতীসকলক এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰাৰ বাবে কাম কৰি আছে। এনএফএছইউৱে এছিয়াৰ একমাত্ৰ বেলিষ্টিক গৱেষণা কেন্দ্ৰ পৰীক্ষা পৰিসৰ, ডিএনএ ফৰেনচিক বিজ্ঞানৰ উৎকৰ্ষ কেন্দ্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় মানৱতাবাদী ফৰেনচিক কেন্দ্ৰ স্থাপন কৰিছে। এনএফএছইউৰ দ্বাৰা এটা ড্ৰোন ফৰেনচিক চেণ্টাৰ আৰু মনস্তাত্ত্বিক ফৰেনচিকত উৎকৰ্ষ কেন্দ্ৰও স্থাপন কৰা হৈছে।

শ্ৰী অমিত শ্বাহে ৰাজ্যখনত আৰক্ষীক পুনৰুজ্জীৱিত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত শান্তি আৰু সম্প্ৰীতিৰ এক নতুন যুগ আৰম্ভ হৈছে। ভাৰত চৰকাৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঁথনি বিকশিত কৰিছে আৰু ভাৰতৰ মূল ভূখণ্ডৰ সৈতে ইয়াৰ সংযোগৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। একে সময়তে, চৰকাৰে সশস্ত্ৰ গোটবোৰৰ সৈতে আলোচনা অব্যাহত ৰাখি আৰু তেওঁলোকক মূলসুঁতিলৈ অনাৰ চেষ্টা কৰিছে। এই প্ৰচেষ্টাৰ ফলত তিনিটা প্ৰধান সশস্ত্ৰ গোট কাৰ্বি, বড়ো আৰু ডিমাছাই অসমত আত্মসমৰ্পণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ মূলসুঁতিলৈ প্ৰায় ৮০০০ যুৱক-যুৱতীকওভতাই আনিছে। শ্ৰী শ্বাহে মণিপুৰত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ কথা উল্লেখ কৰি শান্তি অটুট ৰাখিবলৈ আৰু আইন-শৃংখলাৰ ওপৰত বিশ্বাস ৰাখিবলৈ ৰাইজক আহ্বান জনায়। তেওঁ কয় যে মোদী চৰকাৰৰ নীতি হৈছে যে সকলোকে ন্যায় দিয়া উচিত আৰু যিসকলে হিংসাত লিপ্ত হয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা উচিত। তেওঁ কয় যে মণিপুৰত যোৱা ছয় বছৰ ধৰি শান্তি বিৰাজ কৰি আহিছে আৰু এটাও অৱৰোধ কৰা হোৱা নাই। আজিও আমি আলোচনা আৰু শান্তিৰ জৰিয়তে এই সমস্যাসমাধান কৰিম।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ স্বাধীনতা সংগ্ৰামত অৱদান আগবঢ়োৱাৰ বাবে মহান স্বাধীনতা সংগ্ৰামী ৰাছ বিহাৰী বসুক তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধা জনায়। শ্ৰী শ্বাহে কয় যে বিজ্ঞানৰ ক্ষেত্ৰত উপলব্ধ সকলো পাঠ্যক্ৰমৰ ভিতৰত সৰ্বোচ্চ চাকৰিৰ সুযোগ হৈছে ফৰেনচিক বিজ্ঞানৰ পাঠ্যক্ৰম। এনএফএছইউৰ পৰা স্নাতক হোৱাৰ অৰ্থ হৈছে তৎক্ষণাৎ চাকৰি পোৱা কিয়নো ইয়াৰ প্লেচমেণ্ট অনুপাত ১০০ শতাংশ। শ্ৰী শ্বাহে শিক্ষাৰ্থীসকলক অসমত স্থাপন হ'বলগীয়া ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে অসমলৈ আহি তেওঁলোকৰ ভৱিষ্যত গঢ়ি তুলিবলৈ আৰু দেশৰ আইন-শৃংখলা পৰিস্থিতি উন্নত কৰাত অৰিহণা যোগাবলৈ আহ্বান জনায়।

 

 

*************************



(Release ID: 1927369) Visitor Counter : 117


Read this release in: English , Urdu , Hindi , Manipuri