গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত শ্ৰী দিল্লী গুজৰাটী সমাজৰ ১২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে

শ্ৰী অমিত শ্বাহে শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ ট্ৰাষ্ট গুজৰাট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চৰ্দাৰ বল্লভভাই পেটেল আৰু ডঃ বিক্ৰম চাৰাভাইৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে

সমগ্ৰ দেশ আৰু বিশ্বতে এনে কোনো স্থান নাই য’ত গুজৰাটী সম্প্ৰদায়ৰ লোক নাই আৰু যিকোনো সমাজত সদায় ভালদৰে মিলি-জুলি আহিছে, লগতে সেৱা আগবঢ়াই আহিছে

শ্ৰী অমিত শ্বাহে কয় যে এই সংগঠনটোৱে দিল্লীত বাস কৰা গুজৰাটীসকলক তেওঁলোকৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে জড়িত কৰি ৰখাৰ লগতে তেওঁলোকক দেশ আৰু সমাজৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰিছে, তেওঁ এই সংগঠনটোৰ সৈতে জড়িত সকলো লোকক ১২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অভিনন্দন জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাবে ভাৰতৰ খ্যাতি আজি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে

গান্ধীজী, চৰ্দাৰ বল্লভভাই পেটেল, মোৰাৰজী দেশাই আৰু শ্ৰী নৰেন্দ্ৰ মোদীজী, ভাৰতৰ আধুনিক ইতিহাসত এই চাৰিগৰাকী গুজৰাটী ব্যক্তিয়ে উল্লেখনীয় বৰঙণি আগবঢ়াইছে আৰু তেওঁলোক সমগ্ৰ দেশৰ গৌৰৱ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৯ বছৰৰ কাৰ্যকালত দেশখনে বহুতো সাফল্য অৰ্জন কৰিছে, ২০১৪ চনত ১১ তম স্থানৰ পৰা, ৯ বছৰৰ পিছত আজি ভাৰতীয় অৰ্থনীতি বিশ্বৰ ৫ম বৃহত্তম অৰ্থনীত

Posted On: 18 MAY 2023 10:23PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত শ্ৰী দিল্লী গুজৰাটী সমাজৰ ১২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। শ্ৰী অমিত শ্বাহে শ্ৰী লক্ষ্মীনাৰায়ণ ট্ৰাষ্ট গুজৰাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চৰ্দাৰ বল্লভভাই পেটেল আৰু ডঃ বিক্ৰম চাৰাভাইৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে।

অনুষ্ঠানত উপস্থিত থাকি শ্ৰী অমিত শ্বাহে ভাষণত কয় যে যেতিয়া এটা সংগঠনে একো আশা নকৰাকৈ আৰু বহু লোকক ইয়াৰ সৈতে সংযুক্ত কৰি প্ৰতিষ্ঠাৰ ১২৫ বছৰ সম্পূৰ্ণ কৰে, তেতিয়া ইয়াৰ জৰিয়তে উক্ত সমাজ আৰু সংস্থাটোৰ শক্তি প্ৰতিফলিত হয়। তেওঁ কয় যে গুজৰাটী সম্প্ৰদায় সমগ্ৰ দেশ আৰু বিশ্বতে আছে আৰু যিকোনো সমাজৰ সৈতে সদায় ভালদৰে মিলি-জুলি চলি আহিছে আৰু লগতে সেৱা আগবঢ়াই আহিছে। তেওঁ কয় যে দিল্লীত বাস কৰা গুজৰাটীসকলক তেওঁলোকৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে সংযুক্ত কৰি ৰখাৰ লগতে এই সংগঠনটোৱে তেওঁলোকক দেশ আৰু সমাজৰ সেৱাৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ কাম কৰিছে। তেওঁ এই সংগঠনটোৰ সৈতে জড়িত সকলো লোকক ১২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অভিনন্দন জনায়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে গুজৰাটী সমাজে নিজৰ বাবে গ্ৰহণযোগ্যতা লাভ কৰিছে। তেওঁ লগতে কয় যে দিল্লীত বাস কৰা সত্বেও গুজৰাটী সমাজে গুজৰাটৰ স্বকীয়তা বজাই ৰাখিছে, ইয়াৰ সংস্কৃতিৰ সংৱৰ্দ্ধন আৰু সংৰক্ষণ কৰিছে আৰু ইয়াক আগুৱাই লৈ গৈছে। তেওঁ কয় যে সকলো সম্প্ৰদায়ৰ লোক দিল্লীত বাস কৰে আৰু গুজৰাটী সমজেও চহৰখনত সুশৃংখলভাৱে বাস কৰি আহিছে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাবে ভাৰতৰ খ্যাতি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। তেওঁ কয় যে মহাত্মা গান্ধীজী, চৰ্দাৰ বল্লভভাই পেটেল, মোৰাৰজী দেশাই আৰু শ্ৰী নৰেন্দ্ৰ মোদীজী, এই চাৰিগৰাকী গুজৰাটী ব্যক্তিয়ে ভাৰতৰ আধুনিক ইতিহাসত উল্লেখনীয় বৰঙণি আগবঢ়াইছে আৰু তেওঁলোক সমগ্ৰ দেশৰ গৌৰৱ। শ্ৰী শ্বাহে কয় যে গান্ধীজীৰ প্ৰচেষ্টাৰ ফলত দেশে স্বাধীনতা লাভ কৰে, চৰ্দাৰ পেটেলৰ বাবে দেশ ঐক্যবদ্ধ হয়, শ্ৰী মোৰাৰজী দেশাইৰ বাবে দেশৰ গণতন্ত্ৰ পুনৰুজ্জীৱিত হয় আৰু শ্ৰী নৰেন্দ্ৰ মোদীৰ বাবে সমগ্ৰ বিশ্বতে ভাৰতৰ নাম উজলি উঠিছে। তেওঁ কয় যে এই চাৰিগৰাকী গুজৰাটীয়ে মহান কাম কৰিছে আৰু তেওঁলোক সমগ্ৰ দেশৰ গৌৰৱ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৯ বছৰীয়া কাৰ্যকালত দেশখনে বহুতো সাফল্য অৰ্জন কৰিছে। তেওঁ কয় যে শ্ৰী নৰেন্দ্ৰ মোদী ২০১৪ চনত যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া ভাৰতৰ অৰ্থনীতি বিশ্বৰ ১১ তম স্থানত আছিল আৰু আজি ৯ বছৰৰ পিছত আজি ভাৰতীয় অৰ্থনীতি বিশ্বৰ ৫ম সৰ্ববৃহৎ অৰ্থনীতি। শ্ৰী শ্বাহে কয় যে এতিয়া আইএমএফকে ধৰি বহুতো সংস্থাই ভাৰতৰ অৰ্থনীতিক এক উজ্জ্বল স্থান হিচাপে চায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বত ভাৰতে ছাৰ্জিকেল আৰু এয়াৰ ষ্ট্ৰাইকৰ দ্বাৰা বিশ্বক এক বাৰ্তা প্ৰদান কৰে যে ভাৰতৰ সীমাৰ সৈতে কোনেও খেলিমেলি কৰিব নোৱাৰে। শ্ৰী শ্বাহে কয় যে ১৩০ কোটি লোকৰ বসতিথল ভাৰতৰ দৰে বিশাল দেশত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে কোভিড টিকাকৰণ অভিযান সুচাৰুৰূপে সম্পূৰ্ণ কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ সৰ্ববৃহৎ মোবাইল উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে, ষ্টাৰ্টআপৰ ক্ষেত্ৰত ভাৰত তিনি নম্বৰ আৰু নৱীকৰণযোগ্য শক্তি উৎপাদনৰ ক্ষেত্ৰত চতুৰ্থ স্থানত উপনীত হৈছে।

তেওঁ কয় যে কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত নোহোৱাকৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ কাম কৰিছিল, সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে, যাৰ ফলস্বৰূপে ৯ বছৰত কোনো ডাঙৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হোৱা নাই। শ্ৰী শ্বাহে কয় যে  প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু সীমা শক্তিশালী কৰাৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী সকলোৰে আৰু সকলোৱে তেওঁৰ আৰু এয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়।

 

****



(Release ID: 1925842) Visitor Counter : 97