আয়ুষ

শ্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ নতুন দিল্লীত দুদিনীয়া ‘ৰাষ্ট্ৰীয় আয়ুষ মিছন (এনএএম) সন্মিলন’ উদ্বোধন কৰিব

আয়ুষ প্ৰণালীৰ সংৰক্ষণ আৰু উত্তৰণ আৰু মূলসুঁতিৰ স্বাস্থ্যসেৱা প্ৰণালীত ইয়াৰ একত্ৰীকৰণত ‘এনএএম’-য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

Posted On: 17 MAY 2023 5:40PM by PIB Guwahati

আয়ুষ মন্ত্ৰালয়ে ১৮ৰ পৰা ১৯ মে’, ২০২৩লৈ নতুন দিল্লীত দুদিনীয়া ‘ৰাষ্ট্ৰীয় আয়ুষ মিছন সন্মিলন’ৰ আয়োজন কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া মুখ্য অতিথি থাকিবলগীয়া উদ্বোধনী অনুষ্ঠানত আয়ুষ আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে জম্মু আৰু কাশ্মীৰকে ধৰি উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, হাৰিয়ানা, হিমাচল প্ৰদেশ, গোৱা, ঝাৰখণ্ড, উত্তৰাকান্দ, অসম, মিজোৰাম, নাগালেণ্ড আদিৰ স্বাস্থ্য আৰু আয়ুষ মন্ত্ৰীসকলৰ উপস্থিতিত সন্মিলনখন উদ্বোধন কৰিব।

উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী শ্ৰী ব্ৰজেশ পাঠক আৰু আয়ুষ ৰাজ্যিক মন্ত্ৰী ড০ মুঞ্জপাৰা মহেন্দ্ৰভায়ো আয়ুষ মন্ত্ৰালয়ৰ অন্যান্য বিষয়াসকলৰ সৈতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব। এই উপলক্ষে আয়ুষ মন্ত্ৰালয়ৰ এটা আইচিটি উদ্যোগো আৰম্ভ কৰা হ'ব।

‘ৰাষ্ট্ৰীয় আয়ুষ মিছন’ (এনএএম) হৈছে আয়ুষ মন্ত্ৰালয়ৰ মুখ্য কাৰ্যসূচী আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ সক্ৰিয় সহযোগিতাৰে; ই ৰাজ্যসমূহত স্বাস্থ্য আৰু সুস্থতাৰ দৃশ্যপট সলনি কৰাত ভূমিকা গ্ৰহণ কৰিছে। দুদিনীয়া সন্মিলনখনে অংশীদাৰী পক্ষসমূহৰ মাজত উন্নত সমন্বয়ৰ পথ প্ৰশস্ত কৰিব আৰু স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰসমূহৰ কাৰ্যকলাপো শক্তিশালী কৰাত অৰিহণা যোগাব।

দুদিনীয়া সন্মিলনখনত অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ বিষয়বস্তু সম্পৰ্কীয় বিশেষজ্ঞসকলে ‘ৰাষ্ট্ৰীয় আয়ুষ মিছন’ৰ (এনএএম) বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰিব, ‘এনএএম’ৰ অধীনত বাজেট অৱশোষণত বৰ্ধিত দক্ষতা আৰু আঁচনিখনৰ উন্নত কাৰ্যকৰীকৰণৰ বাবে প্ৰতিষ্ঠানিকীকৰণত গুৰুত্ব দিব, আয়ুষ স্বাস্থ্য সুবিধাসমূহলৈ ঔষধৰ উন্নত যোগান, আয়ুষৰ বাবে সামৰ্থ্য বৰ্দ্ধন আৰু আয়ুষ স্বাস্থ্য সুস্থতা (এডব্লিউএইচ)ৰ উন্নীতকৰণত গুৰুত্ব আৰোপ কৰিব। আয়ুষ ৰাজহুৱা স্বাস্থ্যসেৱাত গৱেষণা আৰু গুণগত মান নিশ্চিতিৰ বাবে জনস্বাস্থ্য আৰু প্ৰযুক্তিগত একত্ৰীকৰণ শক্তিশালী কৰাৰ বাবে আয়ুষত শিক্ষা পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰিব।

আয়ুষ মন্ত্ৰালয়ৰ প্ৰয়াস হৈছে আয়ুষ প্ৰণালীৰ একত্ৰীকৰণৰ জৰিয়তে জনস্বাস্থ্য আৰু কল্যাণ ব্যৱস্থা শক্তিশালী কৰা। ধ্বজাবাহী কাৰ্যসূচী ‘ৰাষ্ট্ৰীয় আয়ুষ মিছন’ ২০১৪ চনত আৰম্ভ কৰা হৈছিল আৰু ই ভাৰতৰ পৰম্পৰাগত ঔষধ প্ৰণালী আৰু মূলসুঁতিৰ স্বাস্থ্যসেৱা প্ৰণালীত ইহঁতৰ একত্ৰীকৰণৰ সংৰক্ষণ আৰু উত্তৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ লক্ষ্য হৈছে ভাৰত চৰকাৰৰ আয়ুষ্মান ভাৰত আঁচনিৰ অংশ হিচাপে ‘আয়ুষ স্বাস্থ্য সুস্থতা কেন্দ্ৰ’ (এএইচডব্লিউচি)সমূহৰ জৰিয়তে সমগ্ৰ দেশতে আয়ুষ স্বাস্থ্য সেৱাৰ উপলব্ধতা আৰু মান বৃদ্ধি কৰা। ‘এনএএম’-ত নতুনকৈ প্ৰৱৰ্তন কৰা আয়ুষ জনস্বাস্থ্য কাৰ্যসূচীৰ উপৰিও আয়ুষ সেৱা আৰু আয়ুষ শিক্ষানুষ্ঠানৰ উপাদানসমূহ অন্তৰ্ভুক্ত আছে।

কেন্দ্ৰীয় কেবিনেটে বৰ্তমানৰ আয়ুষ দাতব্যকেন্দ্ৰসমূহ উন্নীত কৰি ১২,৫০০ আয়ুষ এইচডব্লিউচি বা স্বাস্থ্য উপ-কেন্দ্ৰসমূহৰ জৰিয়তে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহে পৰ্যায়ক্ৰমে ‘ৰাষ্ট্ৰীয় আয়ুষ মিছন’ (এনএএম)ৰ অধীনত কাৰ্যকৰী কৰাৰ বাবে অনুমোদন জনাইছে। এই পৰ্যন্ত সমগ্ৰ ভাৰতত ৮৫০০ৰো অধিক ‘এএইচডব্লিউচি’ স্থাপন কৰা হৈছে আৰু এইসমূহে সমাজলৈ সেৱা আগবঢ়াই আছে।

 

******



(Release ID: 1925033) Visitor Counter : 121