কেবিনেট
azadi ka amrit mahotsav

‘ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়া’ আৰু মালদ্বীপৰ ‘চাৰ্টাৰ্ড একাউণ্টেণ্টছ’ৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তিলৈ কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 17 MAY 2023 4:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ‘ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান’ (আইচিএআই) আৰু ‘মালদ্বীপৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট’(চিএ মালদিভছ)ৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তিখনলৈ অনুমোদন জনাইছে।

বিৱৰণ:

‘আইচিএআই’ আৰু ‘চিএ মালদিভছ’-য়ে সম্পাদন কৰা বুজাবুজিৰ চুক্তিখনৰ জৰিয়তে গণনা সম্পৰ্কীয় জ্ঞান, পেছাদাৰী আৰু বৌদ্ধিক বিকাশৰ উন্নতিৰ বাবে পাৰস্পৰিক সহযোগিতা স্থাপন কৰা, তেওঁলোকৰ সম্ভাৱ্য সদস্যসকলৰ আগ্ৰহ আগবঢ়োৱা আৰু মালদ্বীপ আৰু ভাৰতত ‘একাউণ্টেন্সী’ বৃত্তিৰ বিকাশত সম্ভাৱ্য অৰিহণা যোগোৱাৰ লক্ষ্য সাৰোগত কৰা হৈছে।

প্ৰভাৱ:

‘চিএ মালদ্বীপ’ক সহায় কৰাৰ উপৰিও এই বুজাবুজি চুক্তিয়ে ‘আইচিএআই’ৰ সদস্যসকলৰ চমুৰ পৰা দীৰ্ঘম্যাদী ভৱিষ্যতৰ বাবে মালদ্বীপত পেছাদাৰী সুযোগ লাভ কৰাৰ সম্ভাৱনাক অতিৰিক্ত গতি প্ৰদান কৰিব। এই বুজাবুজি চুক্তিৰ দ্বাৰা, ‘আইচিএআই’য়ে ‘একাউণ্টেন্সী’ বৃত্তিত সেৱাৰ ৰপ্তানি প্ৰদান কৰি মালদ্বীপৰ সৈতে সহযোগিতা শক্তিশালী কৰাত সহায় কৰিব পাৰিব, ‘আইচিএআই’-ৰ সদস্যসকল সমগ্ৰ দেশৰ বিভিন্ন সংগঠনত মধ্যমৰ পৰা শীৰ্ষ পৰ্যায়ৰ পদত অধিষ্ঠিত হৈ আছে আৰু এখন দেশৰ সংশ্লিষ্ট সংগঠনৰ সিদ্ধান্ত/নীতি নিৰ্ধাৰণ ৰণনীতি প্ৰভাৱিত কৰিব পাৰে।

লাভালাভসমূহ:

চুক্তিখনে ‘আইচিএআই’-ৰ সদস্যসকলক তেওঁলোকৰ পেছাদাৰী দিগন্ত সম্প্ৰসাৰিত কৰাৰ আৰু স্থানীয় নাগৰিকসকলৰ সামৰ্থ্য বৰ্দ্ধনত সহায় কৰিবলৈ ‘আইচিএআই’ক গতি প্ৰদান কৰিব। চুক্তিখনে ভাৰত আৰু মালদ্বীপৰ মাজত শক্তিশালী কাৰ্যকৰী সম্পৰ্ক গঢ়ি তুলিব। চুক্তিখনে দুয়োটা মূৰত পেছাদাৰসকলৰ গতিশীলতা বৃদ্ধিৰ লগতে বিশ্ব ব্যৱসায়ৰ বাবে এক নতুন মাত্ৰাৰ সূচনা কৰিব।

****


(रिलीज़ आईडी: 1924950) आगंतुक पटल : 196
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Nepali , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam