সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

১১ ৰ পৰা ১৭ মে’ ২০২৩ লৈ গুৱাহাটীত “দিব্য কলা মেলা”ৰ আয়োজন কৰিছে ‘প্ৰতিবন্ধী ব্যক্তি(দিব্যাংগজন)ৰ সবলীকৰণ বিভাগ’য়ে

২০২৩-২৪ বৰ্ষত আৰু ১২ খন চহৰত আয়োজন কৰা হ'ব ‘দিব্য কলা মেলা’

Posted On: 10 MAY 2023 6:06PM by PIB Guwahati

‘প্ৰতিবন্ধী ব্যক্তি(দিব্যাংগজন)ৰ সবলীকৰণ বিভাগ’য়ে অসমৰ গুৱাহাটীৰ ‘মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰ’ত ১১ ৰ পৰা ১৭ মে’, ২০২৩ তাৰিখলৈ সমগ্ৰ দেশৰ দিব্যাংগ উদ্যোগী/শিল্পীসকলৰ সামগ্ৰী আৰু কাৰুশিল্প প্ৰদৰ্শনৰ এক অনন্য মেলাৰ আয়োজন কৰিছে। এই মেলাত জম্মু-কাশ্মীৰ, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ সা-সামগ্ৰী, হস্তশিল্প, হস্ততাঁত, এম্ব্ৰইডাৰীৰ কাম আৰু পেকেটযুক্ত খাদ্য আদিৰ একত্ৰ পোহাৰৰে দৰ্শনাৰ্থীসকলৰ বাবে এক আকৰ্ষণীয় অভিজ্ঞতা প্ৰদান কৰিব।

‘পিডব্লিউডি’/দিব্যাংগজনৰ অৰ্থনৈতিক সৱলীকৰণৰ দিশত ‘ডিইপিডব্লিউডি’ৰ এয়া এক অনন্য পদক্ষেপ। ‘দিব্য কলা মেলা’ই ‘দিব্যাংগ’ (পিডব্লিউডি)সকলৰ সামগ্ৰী আৰু দক্ষতা বিপণন আৰু প্ৰদৰ্শনৰ বাবে এখন বৃহত্ মঞ্চ আগবঢ়াইছে। ‘দিব্য কলা মেলা, গুৱাহাটী’ হৈছে ডিচেম্বৰ ২০২২ ৰ পৰা আৰম্ভ হোৱা এক শৃংখলা(দিল্লী, ডিচেম্বৰ ২০২২, মুম্বাই, ফেব্ৰুৱাৰী ২০২৩, ভূপাল, মাৰ্চ ২০২৩)ৰ চতুৰ্থখন মেলা।

এই মেলাত প্ৰায় ২২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ১০০ গৰাকী দিব্যাংগ কৰিকৰ/শিল্পী আৰু উদ্যোগীয়ে তেওঁলোকৰ সা-সামগ্ৰী আৰু দক্ষতা প্ৰদৰ্শন কৰিব। মেলাখনত গৃহ সজ্জা আৰু জীৱনশৈলী, কাপোৰ, ষ্টেশ্যনেৰী আৰু পৰিৱেশ-অনুকূল সামগ্ৰী, পেকেট কৰা খাদ্য আৰু জৈৱিক সা-সামগ্ৰী, পুতলা আৰু উপহাৰ, ব্যক্তিগত আনুষঙ্গিক সামগ্ৰী- গহনা, আদিৰ দৰে সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিপণনৰ ব্যৱস্থা থাকিব। এয়া সকলোৰে বাবে ‘ভোকেল ফৰ লোকল' হোৱাৰ লগতে দিব্যাংগ শিল্পীসকলে তেওঁলোকৰ দুৰ্বাৰ সংকল্পৰে তৈয়াৰ কৰা সা-সামগ্ৰীসমূহ চোৱাৰ/ক্ৰয় কৰাৰ এক সু্ন্দৰ সুযোগ হ'ব।

৭ দিনীয়া 'দিব্য কলা মেলা', গুৱাহাটী পুৱা ১০.০০ বজাৰ পৰা নিশা ১০.০০ বজালৈ মুকলি থাকিব আৰু দিব্যাংগ শিল্পী আৰু প্ৰখ্যাত পেছাদাৰীসকলৰ প্ৰদৰ্শনকে ধৰি কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰ সাক্ষী হ'ব। দৰ্শনাৰ্থীসকলে এই মেলাত দেশৰ বিভিন্ন অঞ্চলৰ তেওঁলোকৰ প্ৰিয় খাদ্য-সম্ভাৰ উপভোগ কৰিব পাৰিব।

১১ মে'ৰ বিয়লি ৫.০০ বজাত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে এই মেলা উদ্বোধন কৰিব। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী প্ৰতিমা ভৌমিকো এই অনুষ্ঠানত উপস্থিত থাকিব।

দিব্যাংগসকলৰ শিল্প প্ৰতিভাক উদগণি দিয়াৰ বাবে বিভাগটোৱে বিশেষ ভাবে কৰা পৰিকল্পনাৰ অংশ হিচাপে সমগ্ৰ দেশতে 'দিব্য কলা মেলা'ৰ আয়োজন কৰা হ'ব। ২০২৩-২০২৪ বৰ্ষত গুৱাহাটীৰ পৰা আৰম্ভ হোৱা এই শৃংখলাত দেশৰ ১২ খন চহৰত মেলাৰ আয়োজন কৰা হ'ব।

 

******



(Release ID: 1923196) Visitor Counter : 149