প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ লক্ষ্নৌ আৰু হাৰদোই জিলাত পিএম মিত্ৰ মেগা টেক্সটাইল পাৰ্ক স্থাপন কাৰ্য্যক শলাগ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
18 APR 2023 2:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ লক্ষ্নৌ আৰু হাৰদোই জিলাত পিএম মিত্ৰ মেগা টেক্সটাইল পাৰ্ক স্থাপন কাৰ্য্যৰ শলাগ লৈছে।
আজি উত্তৰ প্ৰদেশত পিএম মিত্ৰ মেগা টেক্সটাইল পাৰ্ক উদ্বোধন সন্দৰ্ভত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ তথা বস্ত্ৰশিল্প দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলৰ এটা টুইট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এলানি ধাৰাবাহিক টুইটযোগে কয়;
“উত্তৰ প্ৰদেশত বস্ত্ৰশিল্পৰ চহকী পৰম্পৰা, বৃহৎ বজাৰ আৰু উপভোক্তা বেছ আছে। এয়া কঠোৰ পৰিশ্ৰমী শিপিনী আৰু দক্ষ কৰ্মশক্তিৰ কেন্দ্ৰ। লক্ষ্নৌ আৰু হাৰদোই জিলাত পিএম মিত্ৰ মেগা টেক্সটাইল পাৰ্ক স্থাপনে উত্তৰ প্ৰদেশক যথেষ্ট উপকৃত কৰিব।”
“আজি উত্তৰ প্ৰদেশৰ মোৰ সকলো ভ্ৰাতৃ-ভগ্নীৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ দিন। লক্ষ্নৌ আৰু হাৰদোইত পিএম মিত্ৰ পাৰ্ক উদ্বোধন কৰা হৈছে। এই উপলক্ষে আপোনালোক সকলোকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।“
“১০০০ একৰ ভূমিত পৰিবেষ্টিত এই পিএম মিত্ৰ পাৰ্কে স্থানীয় অৰ্থনীতিক উদ্দীপনা যোগানৰ লগতে একাধিক নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব। ইয়াৰ জৰিয়তে দেশৰ বস্ত্ৰ খণ্ডয়ো নতুন শক্তি লাভ কৰিব।”
*****
(रिलीज़ आईडी: 1918332)
आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam