প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰ-প্ৰদেশৰ শ্বাহজাহানপুৰত সংঘটিত দুৰ্ঘটনাৰ ফলত মানুহৰ প্ৰাণ হানি হোৱা ঘটনাত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে

ভুক্তভোগীসকলৰ বাবে পিএমএনআৰএফৰ পৰা আৰ্থিক সাহায্য ঘোষণা

प्रविष्टि तिथि: 15 APR 2023 6:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে পীড়িতসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা অনুদান ঘোষণা কৰিছে।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত এখন ট্ৰেক্টৰ নদীত পৰি সংঘটিত হোৱা দুৰ্ঘটনাটো অত্যন্ত বেদনাদায়ক। এই দুৰ্ঘটনাত আপোনজনক হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁঃ প্ৰধানমন্ত্ৰী”।

"শ্বাহজাহানপুৰৰ এই শোকাৱহ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় প্ৰশাসন সম্পূৰ্ণৰূপে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে। ভুক্তভোগীক সকলো সম্ভৱপৰ সহায় আগবঢ়োৱা হৈছে: প্ৰধানমন্ত্ৰী"।

"উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকটাত্মীয়ক ২ লাখ টকাৰ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকা আগবঢ়োৱা হ'বঃ প্ৰধানমন্ত্ৰী"

***


(रिलीज़ आईडी: 1918067) आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam