শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

‘এনটিপিচি’ আৰু ‘চেম্পোলিছ ইণ্ডিয়া’ই অসমৰ বঙাইগাঁৱত ‘বাঁহ-আধাৰিত জৈৱ-শোধনাগাৰ’ স্থাপনৰ বাবে ‘সম্ভাৱনীয়তা অধ্যয়ন’ত সহযোগিতা কৰিব

এই প্ৰকল্পই ‘এনটিপিচি’ৰ কাৰ্বনমুক্তকৰণ প্ৰয়াসক সহযোগিতা কৰা, নিয়োগ-সম্ভাৱনীয়তা সৃষ্টি কৰা আৰু স্থানীয়ভাৱে উপলব্ধ সম্পদৰ ব্যৱহাৰত উদগনি দিব

प्रविष्टि तिथि: 18 APR 2023 4:52PM by PIB Guwahati

ভাৰতৰ সৰ্ববৃহৎ শক্তি উৎপাদন কাৰী সংস্থা ‘এনটিপিচি’ আৰু ‘ফৰ্টুম গোষ্ঠী’ৰ সহযোগী প্ৰতিষ্ঠান আৰু ফিনলেণ্ডৰ এক আগশাৰীৰ ‘জৈৱ-শোধন প্ৰযুক্তি প্ৰদানকাৰী’ ‘চেম্পোলিছ ইণ্ডিয়া’ই বঙাইগাঁৱত ‘বাঁহ-আধাৰিত জৈৱ-শোধনাগাৰ’ স্থাপনৰ সম্ভাৱনীয়তা অধ্যয়ণ কৰাৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। ‘চেম্পোলিছে’ প্ৰকল্পটোৰ বাবে সম্ভাৱনীয়তা অধ্যয়ন কৰাৰ বাবে ‘এনটিপিচি’ৰ সৈতে কাম কৰিব, যিয়ে তাপ বিদ্যুৎ প্ৰকল্প আৰু অন্যান্য প্ৰমূল্য-সংযোজিত সামগ্ৰীৰ বাবে ‘২জি ইথানল’, ‘জৈৱ-কয়লা’ উৎপাদনৰ বাবে বাঁহ ব্যৱহাৰ কৰিব। যোৱা সপ্তাহত ‘এনটিপিচি’ৰ ‘মানৱ সম্পদ গোট’ৰ সঞ্চালক শ্ৰীযুত দিলীপ কুমাৰ পেটেল, ‘ইআইএল’ৰ ‘মানৱ সম্পদ গোট’ৰ সঞ্চালক শ্ৰীযুত অশোক কুমাৰ কালৰা আৰু ‘চেম্পোলিছ’ৰ ‘অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া’ শ্ৰীযুত মাৰ্কুছ আলহমৰ উপস্থিতিত এই বুজাবুজি চুক্তিখন স্বাক্ষৰিত হয়।

প্ৰস্তাৱিত জৈৱ-শোধনাগাৰটো ‘এনটিপিচি বঙাইগাঁও শক্তি প্ৰকল্প’ৰ সৈতে এক সংহত প্ৰকল্প হিচাপে স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, য'ত বাষ্প, বিদ্যুৎ আদিৰ দৰে উপযোগিতাৰ প্ৰয়োজনীয়তাসমূহ শক্তি প্ৰকল্পৰ পৰা যোগান ধৰা হ'ব আৰু জৈৱ-শোধনাগাৰে উৎপাদিত জৈৱ-কয়লাই শক্তি প্ৰকল্পত কয়লাৰ আংশিক প্ৰতিস্থাপন কৰিব, কাৰ্যকৰীভাৱে বিদ্যুৎ প্ৰকল্পৰ উৎপাদনৰ ৫% ক ‘সেউজীয়া’লৈ ৰূপান্তৰিত কৰিব। এই প্ৰকল্পটোৱে ‘এনটিপিচি’ৰ কাৰ্বনমুক্তকৰণ প্ৰচেষ্টাক সহযোগিতা আগবঢ়াব, চাকৰিৰ সুযোগ সৃষ্টি কৰিব আৰু স্থানীয়ভাৱে উপলব্ধ সম্পদৰ ব্যৱহাৰত উদগণি আগবঢ়াই এক বহনক্ষম আৰ্হি গঢ়ি তুলিব। বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে এনটিপিচিৰ প্ৰকল্প পৰামৰ্শদাতা প্ৰতিষ্ঠান হৈছে ‘মেছাৰ্ছ ইআইএল’।


*****


(रिलीज़ आईडी: 1917748) आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Punjabi