ৰাষ্ট্ৰপতি সচিবালয়
ছুখয় ৩০ এম কে আই যুদ্ধ বিমানত ঐতিহাসিক যাত্ৰা ভাৰতৰ ৰাষ্ট্ৰপতিৰ
ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতা অপৰিসীমভাৱে সম্প্ৰসাৰিত হৈ স্থল, বায়ু, আৰু জলৰ সকলো সীমা সামৰি লোৱাটো গৌৰৱৰ বিষয়: ৰাষ্ট্ৰপতি মুৰ্মু
प्रविष्टि तिथि:
08 APR 2023 1:04PM by PIB Guwahati
আজি (৮ এপ্ৰিল, ২০২৩) অসমৰ তেজপুৰ বায়ুসেনা ষ্টেচনত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এখন ছুখয় ৩০ এম কে আই যুদ্ধ বিমানেৰে ঐতিহাসিক যাত্ৰাত অংশগ্ৰহণ কৰে। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ ৰাষ্ট্ৰপতিগৰাকীয়ে ব্ৰহ্মপুত্ৰ আৰু তেজপুৰ উপত্যকা সামৰি ব্ৰহ্মপুত্ৰ উপত্যকা আৰু তেজপুৰক সামৰি প্ৰায় ৩০ মিনিট সময় উৰাজাহাজ চলাই হিমালয়ৰ সুদৃশ্য উপভোগ কৰি পুনৰ বায়ুসেনা ষ্টেচনলৈ উভতি যায়।
উল্লেখ্য যে আজি এই বিমানখন উৰুৱাইছিল ১০৬ স্কোয়াড্ৰনৰ কমাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্তেইন নবীন কুমাৰে। বিমানখনে সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় দুই কিলোমিটাৰ উচ্চতাত প্ৰতি ঘণ্টাত প্ৰায় ৮০০ কিলোমিটাৰ বেগত উৰিছিল। ৰাষ্ট্ৰপতি মুৰ্মু হৈছে এনেদৰে যুদ্ধ বিমানযাত্ৰাত অংশগ্ৰহণ কৰা তৃতীয়গৰাকী ৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি।
এই বিমানযাত্ৰাৰ পিছতে দৰ্শনাৰ্থীৰ টোকাবহীত ৰাষ্ট্ৰপতিগৰাকীয়ে এক চমু টোকাৰে নিজৰ অনুভৱ প্ৰকাশ কৰি লিখে যে - "ভাৰতীয় বায়ুসেনাৰ শক্তিশালী ছুখয়-৩০ এম কে আই যুদ্ধ বিমানত আৰোহন কৰি বিমান চলোৱাটো মোৰ বাবে এক উল্লাসপূৰ্ণ অভিজ্ঞতা আছিল। ই এক গৌৰৱৰ বিষয় যে ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতা ক্ষীপ্ৰতাৰে সম্প্ৰসাৰিত হৈ স্থল, বায়ু, আৰু জলৰ সকলো সীমা সামৰি লৈছে, নিসন্দেহে ইয়াৰ বাবে গৌৰৱ অনুভৱ কৰিছো। এই বিমানযাত্ৰাৰ আয়োজন কৰাৰ বাবে ভাৰতীয় বায়ুসেনা আৰু বায়ুসেনা ষ্টেচন তেজপুৰৰ সমগ্ৰ দলটোক অভিনন্দন জনাইছো।”
উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিগৰাকীক বিমানখন আৰু ভাৰতীয় বায়ুসেনা (আই এ এফ)ৰ কাৰ্যকৰী সামৰ্থ্যৰ বিষয়েও অৱগত কৰা হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে আই এ এফৰ কাৰ্যকৰী প্ৰস্তুতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে।
ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক হিচাপে ৰাষ্ট্ৰপতিগৰাকীয়ে সশস্ত্ৰ বাহিনীৰ সৈতে জড়িত হোৱাৰ প্ৰচেষ্টাৰ অংশ আছিল আজিৰ এই ছুখয় ৩০ এম কে আই যুদ্ধ বিমানত কৰা ভ্ৰমণ কাৰ্যসূচী। ইয়াৰ পূৰ্বে ২০২৩ চনৰ মাৰ্চ মাহত ৰাষ্ট্ৰপতিগৰাকীয়ে আই এন এছ বিক্ৰান্ত ভ্ৰমণ কৰি স্থানীয়ভাৱে নিৰ্মিত বিমানখনত থকা বিষয়া আৰু নাৱিকসকলৰ সৈতে মত বিনিময় কৰিছিল।
***
DS/AK
(रिलीज़ आईडी: 1914839)
आगंतुक पटल : 240