প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ড০ ৰাম মনোহৰ লোহিয়াৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 23 MAR 2023 9:46AM by PIB Guwahati

ড০ ৰাম মনোহৰ লোহিয়াৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

আজি এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"ড০ ৰাম মনোহৰ লোহিয়াজীৰ জন্ম জয়ন্তীত তেওঁক স্মৰণ কৰিছো। তেওঁ এগৰাকী বিশিষ্ট বুদ্ধিজীৱী আৰু তীক্ষ্ণধী চিন্তাবিদ আছিল, যিয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যথেষ্ট অৱদান আগবঢ়াইছিল আৰু পিছত ৰাজনীতিৰ প্ৰতি এজন সমৰ্পিত নেতা আৰু লগতে এজন সাংসদ হিচাপেও দেশৰ প্ৰতি সেৱা আগবঢ়াইছিল। আমি তেওঁৰ শক্তিশালী ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আৰু সপোন পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছো।"

*****

DS/SH


(रिलीज़ आईडी: 1912233) आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada