ভাৰতীয় নিৰ্বাচন আয়োগ

পঞ্জাৱৰ ১(এক) সংসদীয় সমষ্টি আৰু উৰিষ্যা আৰু উত্তৰ প্ৰদেশৰ ৩ (তিনি) বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচন আৰু মেঘালয়ৰ ১ টা সমষ্টিত স্থগিত ভোটদানৰ সময়সূচী

Posted On: 29 MAR 2023 2:59PM by PIB Guwahati

নিৰ্বাচন আয়োগে পঞ্জাৱৰ ১(এক) সংসদীয় সমষ্টি আৰু উৰিষ্যা, উত্তৰ প্ৰদেশ আৰু মেঘালয়ৰ নিম্নলিখিত বিধানসভা চাৰিটা সমষ্টিত খালী পদ পূৰণ ৰখাৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে-

 

১. পঞ্জাৱৰ ০৪ জলন্ধৰ (এছ চি) পিচি সংসদীয় সমষ্টি।এই সমষ্টিটো শ্ৰী সন্তোখ সিং চৌধুৰীৰ মৃত্যুৰ বাবে খালী হৈ আছিল।

 

২. উৰিষ্যাৰ ০৭ ঝাৰসুগুড়া এচি বিধান সভা সমষ্টি। এই সমষ্টিটো শ্ৰী নৱ কিসোৰ দাসৰ মৃত্যুৰ বাবে খালী হৈ আছিল।

 

৩. উত্তৰ প্ৰদেশৰ ছানবে (এছ চি) এচি বিধান সভা সমষ্টি। এই সমষ্টিটো শ্ৰী ৰাহুল প্ৰকাশ কোলৰ মৃত্যুৰ বাবে খালী হৈ আছিল।

 

৪. উত্তৰ প্ৰদেশৰ ৩৪ ছুৱাৰ এচি বিধান সভা সমষ্টি। এই সমষ্টিটো শ্ৰী মহম্মদ আব্দুল্লা আজম খানৰ অযোগ্যতাৰ বাবে খালী হৈ আছিল।

 

৫. মেঘালয়ৰ ছোহিয়ং (এছটি) এচি বিধান সভা সমষ্টি। এই সমষ্টিটোৰ নিৰ্বাচন ইউনাইটেড ডেমক্ৰেটিক পাৰ্টী(ইউডিপি)ৰ প্ৰাৰ্থীৰ মৃত্যুৰ বাবে স্থগিত ৰখা হৈছিল।

 

উপ-নিৰ্বাচন আৰু মেঘালয়ৰ স্থগিত ভোটদানৰ সময়সূচী এইধৰণৰ-

 

সংসদীয় সমষ্টি আৰু বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচন আৰু মেঘালয়ৰ স্থগিত ভোটদানৰ সময়সূচী এইধৰণৰ—

 

১৩ এপ্ৰিল, ২০২৩ তাৰিখে গেজেট অধিসূচনা জাৰি কৰিব।

 

২০ এপ্ৰিল, ২০২৩ তাৰিখ মনোনয়ন দাখিলৰ অন্তিম দিন।

মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ দিন- ২১ এপ্ৰিল, ২০২৩।

 

প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন-২৪ এপ্ৰিল, ২০২৩।

 

নিৰ্বাচনৰ দিন-১০ মে, বুধবাৰ, ২০২৩।

 

যিটো দিনৰ ভিতৰত নিৰ্বাচন সম্পন্ন হব লাগিব- ১৫ মে, ২০২৩।

 

১. ভোটাৰ তালিকা

ওপৰোক্ত বিধানসভা সমষ্টিসমূহৰ বাবে ভোটাৰ তালিকা চূড়ান্তভাৱে ৫ জানুৱাৰী, ২০২৩ তাৰিখে প্ৰকাশ হয় আৰু যোগ্যতাৰ তাৰিখ ১.১.২০২৩ হিচাপে ঘোষণা কৰা হয় আৰু মনোনয়ন দাখিলৰ অন্তিম তাৰিখলৈকে আপডেট কৰাহ'ব।

 

২. ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) আৰু ভিভিপিএটি

 

আয়োগে উপ-নিৰ্বাচনৰ সকলো ভোটকেন্দ্ৰত ই ভি এম আৰু ভিভিপিএটি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে। পৰ্যাপ্ত সংখ্যক ই ভি এম আৰু ভিভিপিএটি উপলব্ধ কৰা হৈছে আৰু এই যন্ত্ৰসমূহৰ সহায়ত ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ সকলো পদক্ষেপ লোৱা হৈছে।

 

৩. ভোটাৰ চিনাক্তকৰণ

 

ভোটাৰ চিনাক্তকৰণৰ মুখ্য নথি হ'ব নিৰ্বাচনী ফটো পৰিচয় পত্ৰ (ইপিআইচি)। অৱশ্যে, তলত উল্লেখ কৰা যিকোনো চিনাক্তকৰণ নথিপত্ৰ ভোটকেন্দ্ৰত প্ৰদৰ্শন কৰিব পাৰিবঃ

১.আধাৰ কাৰ্ড,

২. এমএনৰেগা জব কাৰ্ড

৩. বেংক/ডাকঘৰৰ দ্বাৰা জাৰি কৰা আলোকচিত্ৰৰ সৈতে পাছবুক

৪.শ্ৰম মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত জাৰি কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড

৫. ড্ৰাইভিং লাইচেঞ্চ

৬. পেন কাৰ্ড

৭. এনপিআৰৰ অধীনত আৰজিআইয়ে জাৰী কৰা স্মাৰ্ট কাৰ্ড,

৮. ভাৰতীয় পাছপোৰ্ট

৯. ফটোগ্ৰাফৰ সৈতে পেঞ্চনৰ তথ্য

১০. কেন্দ্ৰীয়/ৰাজ্য চৰকাৰ/ৰাজহুৱা খণ্ডৰ অধীনৰ/পাব্লিক লিমিটেড কোম্পানীৰ দ্বাৰা কৰ্মচাৰীসকলক জাৰি কৰা আলোকচিত্ৰৰ সৈতে সেৱা পৰিচয় পত্ৰ, আৰু

১১. সাংসদ/বিধায়ক/বিধান পৰিষদৰ সদস্যসকলক জাৰি কৰা চৰকাৰী পৰিচয় পত্ৰ।

 

১২.সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ দ্বাৰা জাৰি কৰা ইউনিক ডিচেবিলিটি আইডি (ইউডিআইডি) কাৰ্ড।

 

*************************

AM/KG



(Release ID: 1912070) Visitor Counter : 94


Read this release in: English , Urdu , Hindi , Tamil